--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ হত্যাৰ অভিযোগ উত্থাপন হৈছে এজন অভিনেতাৰ বিৰুদ্ধে৷ অভিনেতা জগদীশ ভাণ্ডাৰীক প্ৰেয়সীক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। আল্লু অৰ্জুন অভিনীত ‘পুষ্পা’ ছবিৰ জৰিয়তে দৰ্শকৰ দৃষ্টিগোচৰ হৈছিল অভিনেতাগৰাকী।ইতিমধ্যে প্ৰেমিকাৰ পিতৃয়ে জগদীশৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। যথেষ্ট সময় ধৰি দুয়োৰে মাজত লাইভ ইন ৰিলেশ্যনশ্বিপত আছিল। ‘পুষ্পা’ ছবিখনৰ অভিনেতাগৰাকীয়ে প্ৰেমিকাক বিভিন্ন ধৰণে গালি-গালাজ কৰা বুলি ছোৱালীগৰাকীৰ পৰিয়ালে ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি জগদীশৰ প্ৰেমিকাৰ বয়স আছিল ২৯ বছৰ।আৰু তেওঁ ঘৰতে আত্মহত্যাৰ পথ বাছি লয়। কিশোৰীগৰাকীৰ মৃত্যুৰ পাছতে ছোৱালীগৰাকীৰ পিতৃয়ে আৰক্ষীৰ কাষ চাপিছিল।তাৰ পৰৱৰ্তী সময়ত পিতৃয়ে জগদীশৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। দেউতাকৰ মতে জগদীশে বাৰে বাৰে প্ৰেয়সীক ভাবুকি দিছিল। কেৱল সেয়াই নহয়, অভিনেতাজনে বাৰে বাৰে প্ৰেমিকাক গালি-গালাজ কৰিছিল। ছোৱালীগৰাকীৰ পিতৃয়ে দাবী কৰে যে অভিনেতাজনৰ অত্যাচাৰৰ বাবে কন্যাই নিজৰ অন্ত পেলাবলৈ কঠিন সিদ্ধান্ত ল’বলৈ বাধ্য হৈছিল। নিৰ্যাতন আৰু মানসিক যন্ত্ৰণা সহ্য কৰিব নোৱাৰি ছোৱালীগৰাকীয়ে নিজকে শেষ কৰাৰ সিদ্ধান্ত লয়৷


ছোৱালীজনীৰ পিতৃৰ অভিযোগৰ ভিত্তিত হায়দৰাবাদ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে জগদীশৰ মৃত প্ৰেমিকাৰ ফোনত অভিনেতাজনৰ বিৰুদ্ধে কেইবাটাও প্ৰমাণ উদ্ধাৰ কৰে। বুধবাৰে আৰক্ষীয়ে উপলব্ধ প্ৰমাণৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৩০৬ ধাৰাত অভিনেতাজনক গ্ৰেপ্তাৰ কৰে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে জগদীশ বা তেওঁৰ পৰিয়ালৰ পৰা কোনো বিবৃতি পোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান