--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ হত্যাৰ অভিযোগ উত্থাপন হৈছে এজন অভিনেতাৰ বিৰুদ্ধে৷ অভিনেতা জগদীশ ভাণ্ডাৰীক প্ৰেয়সীক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। আল্লু অৰ্জুন অভিনীত ‘পুষ্পা’ ছবিৰ জৰিয়তে দৰ্শকৰ দৃষ্টিগোচৰ হৈছিল অভিনেতাগৰাকী।ইতিমধ্যে প্ৰেমিকাৰ পিতৃয়ে জগদীশৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। যথেষ্ট সময় ধৰি দুয়োৰে মাজত লাইভ ইন ৰিলেশ্যনশ্বিপত আছিল। ‘পুষ্পা’ ছবিখনৰ অভিনেতাগৰাকীয়ে প্ৰেমিকাক বিভিন্ন ধৰণে গালি-গালাজ কৰা বুলি ছোৱালীগৰাকীৰ পৰিয়ালে ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি জগদীশৰ প্ৰেমিকাৰ বয়স আছিল ২৯ বছৰ।আৰু তেওঁ ঘৰতে আত্মহত্যাৰ পথ বাছি লয়। কিশোৰীগৰাকীৰ মৃত্যুৰ পাছতে ছোৱালীগৰাকীৰ পিতৃয়ে আৰক্ষীৰ কাষ চাপিছিল।তাৰ পৰৱৰ্তী সময়ত পিতৃয়ে জগদীশৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। দেউতাকৰ মতে জগদীশে বাৰে বাৰে প্ৰেয়সীক ভাবুকি দিছিল। কেৱল সেয়াই নহয়, অভিনেতাজনে বাৰে বাৰে প্ৰেমিকাক গালি-গালাজ কৰিছিল। ছোৱালীগৰাকীৰ পিতৃয়ে দাবী কৰে যে অভিনেতাজনৰ অত্যাচাৰৰ বাবে কন্যাই নিজৰ অন্ত পেলাবলৈ কঠিন সিদ্ধান্ত ল’বলৈ বাধ্য হৈছিল। নিৰ্যাতন আৰু মানসিক যন্ত্ৰণা সহ্য কৰিব নোৱাৰি ছোৱালীগৰাকীয়ে নিজকে শেষ কৰাৰ সিদ্ধান্ত লয়৷


ছোৱালীজনীৰ পিতৃৰ অভিযোগৰ ভিত্তিত হায়দৰাবাদ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে জগদীশৰ মৃত প্ৰেমিকাৰ ফোনত অভিনেতাজনৰ বিৰুদ্ধে কেইবাটাও প্ৰমাণ উদ্ধাৰ কৰে। বুধবাৰে আৰক্ষীয়ে উপলব্ধ প্ৰমাণৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৩০৬ ধাৰাত অভিনেতাজনক গ্ৰেপ্তাৰ কৰে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে জগদীশ বা তেওঁৰ পৰিয়ালৰ পৰা কোনো বিবৃতি পোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক