--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘এনিমেল’ ১ ডিচেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিছিল। ‘অৰ্জুন ৰেড্ডী’ আৰু ‘কবীৰ সিং’ৰ পিছত ‘এনিমেল’ হৈছে সন্দীপ ৰেড্ডী বাংগাৰ পৰিচালক হিচাপে তৃতীয়খন ছবি। বলীউডৰ তাৰকা ৰণবীৰ কাপুৰে এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। পূৰ্বৰ দুখন ছবিৰ দৰেই এই ছবিখনত বংগাই চৰম পুৰুষত্ব আৰু নাৰীবিদ্বেষ দেখুৱাইছে বুলি বহু সমালোচকে দাবী কৰিছে।

ছবিখনৰ বিষয়বস্তুক লৈ বিতৰ্কৰ মাজতো ঋষি-পুত্ৰই ‘এনিমেল’ ছবিত কৰা কামৰ বাবে দৰ্শক আৰু সমালোচকৰ প্ৰশংসা লাভ কৰে। কেৱল সেয়াই নহয়, বিতৰ্কৰ মাজতো বক্স অফিচত শক্তিশালী ব্যৱসায় কৰি আহিছে ‘এনিমেল’। কিন্তু নতুন বছৰত অ’টিটি প্লেটফৰ্মত মুক্তি পোৱাৰ পিছৰে পৰা ৰণবীৰৰ ছবিখন পুনৰ বিতৰ্কৰ মাজত আবদ্ধ হৈ পৰিছে। এইবাৰ সকলো বিতৰ্কৰ উত্তৰ নিজেই দিলে ৰণবীৰে।

শেহতীয়া এক সাক্ষাৎকাৰত ৰণবীৰে কয়, "এই ছবিখন মুক্তি পোৱাৰ পিছত উগ্ৰ পুৰুষক লৈ এক নতুন কথা-বতৰা আৰম্ভ হৈছে। যিকোনো চিনেমাৰ বাবে ইয়াতকৈ ভাল একো হ’ব নোৱাৰে। কাৰণ অন্ততঃ এখন ছবিয়ে এই আলোচনা আৰম্ভ কৰিবলৈ লজিষ্টিক যোগান ধৰে। যদি কোনো আচৰণ সঁচাকৈয়ে নিন্দনীয় হয়, যদিও সেইটো ছবিখনত দেখুওৱা নহয়, আৰু যদি ইয়াৰ ওপৰত তৰ্ক কৰা নহয় - তেন্তে ছবিখনৰ কোনো মূল্য নাই।''

ইয়াৰ পূৰ্বে জাভেদ আখতাৰৰ দৰে প্ৰবীণ গীতিকাৰসকলে ৰাজহুৱাভাৱে ‘এনিমেল’ক সমালোচনা কৰিছিল। জাভেদৰ মতে, নায়কে এগৰাকী মহিলাক জোতা চেলেকিবলৈ কোৱা আৰু দৃশ্যপটত দৰ্শকে হাত চাপৰি বজোৱা ছবিখন সামগ্ৰিক সমাজৰ বাবে বিপদজনক। জাভেদৰ মন্তব্যৰ সন্দৰ্ভত ৰণবীৰে কয়, ‘আমাৰ ছবিখনৰ লগত বহুতৰে সমস্যা হোৱা বুলি শুনিছোঁ। কিন্তু ছবিখনৰ বক্স অফিচৰ সফলতা দেখি মই ভাবো বহু দৰ্শকে আমাৰ ছবিখন ভাল পাইছে। দৰ্শকৰ মৰমতকৈ মোৰ বাবে ডাঙৰ একোৱেই নাই।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু