--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘এনিমেল’ ১ ডিচেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিছিল। ‘অৰ্জুন ৰেড্ডী’ আৰু ‘কবীৰ সিং’ৰ পিছত ‘এনিমেল’ হৈছে সন্দীপ ৰেড্ডী বাংগাৰ পৰিচালক হিচাপে তৃতীয়খন ছবি। বলীউডৰ তাৰকা ৰণবীৰ কাপুৰে এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। পূৰ্বৰ দুখন ছবিৰ দৰেই এই ছবিখনত বংগাই চৰম পুৰুষত্ব আৰু নাৰীবিদ্বেষ দেখুৱাইছে বুলি বহু সমালোচকে দাবী কৰিছে।

ছবিখনৰ বিষয়বস্তুক লৈ বিতৰ্কৰ মাজতো ঋষি-পুত্ৰই ‘এনিমেল’ ছবিত কৰা কামৰ বাবে দৰ্শক আৰু সমালোচকৰ প্ৰশংসা লাভ কৰে। কেৱল সেয়াই নহয়, বিতৰ্কৰ মাজতো বক্স অফিচত শক্তিশালী ব্যৱসায় কৰি আহিছে ‘এনিমেল’। কিন্তু নতুন বছৰত অ’টিটি প্লেটফৰ্মত মুক্তি পোৱাৰ পিছৰে পৰা ৰণবীৰৰ ছবিখন পুনৰ বিতৰ্কৰ মাজত আবদ্ধ হৈ পৰিছে। এইবাৰ সকলো বিতৰ্কৰ উত্তৰ নিজেই দিলে ৰণবীৰে।

শেহতীয়া এক সাক্ষাৎকাৰত ৰণবীৰে কয়, "এই ছবিখন মুক্তি পোৱাৰ পিছত উগ্ৰ পুৰুষক লৈ এক নতুন কথা-বতৰা আৰম্ভ হৈছে। যিকোনো চিনেমাৰ বাবে ইয়াতকৈ ভাল একো হ’ব নোৱাৰে। কাৰণ অন্ততঃ এখন ছবিয়ে এই আলোচনা আৰম্ভ কৰিবলৈ লজিষ্টিক যোগান ধৰে। যদি কোনো আচৰণ সঁচাকৈয়ে নিন্দনীয় হয়, যদিও সেইটো ছবিখনত দেখুওৱা নহয়, আৰু যদি ইয়াৰ ওপৰত তৰ্ক কৰা নহয় - তেন্তে ছবিখনৰ কোনো মূল্য নাই।''

ইয়াৰ পূৰ্বে জাভেদ আখতাৰৰ দৰে প্ৰবীণ গীতিকাৰসকলে ৰাজহুৱাভাৱে ‘এনিমেল’ক সমালোচনা কৰিছিল। জাভেদৰ মতে, নায়কে এগৰাকী মহিলাক জোতা চেলেকিবলৈ কোৱা আৰু দৃশ্যপটত দৰ্শকে হাত চাপৰি বজোৱা ছবিখন সামগ্ৰিক সমাজৰ বাবে বিপদজনক। জাভেদৰ মন্তব্যৰ সন্দৰ্ভত ৰণবীৰে কয়, ‘আমাৰ ছবিখনৰ লগত বহুতৰে সমস্যা হোৱা বুলি শুনিছোঁ। কিন্তু ছবিখনৰ বক্স অফিচৰ সফলতা দেখি মই ভাবো বহু দৰ্শকে আমাৰ ছবিখন ভাল পাইছে। দৰ্শকৰ মৰমতকৈ মোৰ বাবে ডাঙৰ একোৱেই নাই।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক