--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আগন্তুক ফেব্ৰুৱাৰী মাহটো বলীউডৰ বাবে অতি বিশেষ হ’বলৈ গৈ আছে। ফেব্ৰুৱাৰী মাহতে বি-টাউনৰ অভিনেত্ৰী ৰাকুল প্ৰীত সিং বিবাহপাশত আবদ্ধ হ’বলৈ ওলাইছে।

চলচ্চিত্ৰ প্ৰযোজক তথা অভিনেতা জেকী ভগনানীৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰিবলৈ গৈ আছে ৰাকুলে।শেহতীয়াকৈ খবৰ আহি পৰিছে যে এইহাল দম্পতীৰ বিয়াৰ স্থান শেষ মুহূৰ্তত সলনি কৰা হৈছে, যাৰ কাৰণ দেশৰ প্ৰধানমন্ত্ৰীৰ বাহিৰে আন কোনো নহয় বুলি চৰ্চা চলিছে।

বলীউডত ৰকুল প্ৰীত আৰু জেকী ভগনানীক লৈ দীৰ্ঘদিন ধৰি চৰ্চা চলি আহিছে। অহা মাহত জেকী আৰু ৰাকুলৰ বিয়া হ’ব বুলি কোৱা হৈছে। পিংকভিলাৰ খবৰ অনুসৰি এই যুটিটোৱে যোৱা ৬ মাহ ধৰি তেওঁলোকৰ গ্ৰেণ্ড ৱেডিঙৰ বাবে বৃহৎ প্ৰস্তুতি চলাই আহিছে। এনে পৰিস্থিতিত ৰাকুল আৰু জেকীয়ে মধ্যপ্ৰাচ্যত বিবাহ অনুষ্ঠান আয়োজন কৰাৰ পৰিকল্পনা কৰিছিল।

কিন্তু বিয়াৰ কেইদিনমান পূৰ্বে বিবাহৰ স্থানৰ পৰিৱৰ্তন ঘটিছিল আৰু এতিয়া এই বিয়াখন ভাৰতৰ গোৱাত অনুষ্ঠিত হ’ব।দৰাচলতে কোৱা হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আবেদনৰ পাছত এই যুটিটোৱে বিয়াৰ স্থান সলনি কৰিছে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ ধনী শ্ৰেণীক দেশৰ বাহিৰত নহয় দেশৰ ভিতৰতে নিজৰ পৰিয়ালৰ বিবাহ অনুষ্ঠান আয়োজন কৰিবলৈ আহ্বান জনাইছিল।

এনে পৰিস্থিতিত দেশৰ প্ৰধানমন্ত্ৰীৰ এই আৱেদনৰ দ্বাৰা ৰাকুল প্ৰীত আৰু জেকী ভগনানী প্ৰভাৱিত হৈ গন্তব্য বিবাহৰ স্থান সলনি কৰিছে বুলি বিশ্বাস কৰা হৈছে। উল্লেখযোগ্য যে গত বৰ্ষৰ ২৬ নৱেম্বৰত মন কী বাত খণ্ডত দেশবাসীলৈ এই অনুৰোধ কৰিছিল প্ৰধানমন্ত্ৰীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক