--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আগন্তুক ফেব্ৰুৱাৰী মাহটো বলীউডৰ বাবে অতি বিশেষ হ’বলৈ গৈ আছে। ফেব্ৰুৱাৰী মাহতে বি-টাউনৰ অভিনেত্ৰী ৰাকুল প্ৰীত সিং বিবাহপাশত আবদ্ধ হ’বলৈ ওলাইছে।

চলচ্চিত্ৰ প্ৰযোজক তথা অভিনেতা জেকী ভগনানীৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰিবলৈ গৈ আছে ৰাকুলে।শেহতীয়াকৈ খবৰ আহি পৰিছে যে এইহাল দম্পতীৰ বিয়াৰ স্থান শেষ মুহূৰ্তত সলনি কৰা হৈছে, যাৰ কাৰণ দেশৰ প্ৰধানমন্ত্ৰীৰ বাহিৰে আন কোনো নহয় বুলি চৰ্চা চলিছে।

বলীউডত ৰকুল প্ৰীত আৰু জেকী ভগনানীক লৈ দীৰ্ঘদিন ধৰি চৰ্চা চলি আহিছে। অহা মাহত জেকী আৰু ৰাকুলৰ বিয়া হ’ব বুলি কোৱা হৈছে। পিংকভিলাৰ খবৰ অনুসৰি এই যুটিটোৱে যোৱা ৬ মাহ ধৰি তেওঁলোকৰ গ্ৰেণ্ড ৱেডিঙৰ বাবে বৃহৎ প্ৰস্তুতি চলাই আহিছে। এনে পৰিস্থিতিত ৰাকুল আৰু জেকীয়ে মধ্যপ্ৰাচ্যত বিবাহ অনুষ্ঠান আয়োজন কৰাৰ পৰিকল্পনা কৰিছিল।

কিন্তু বিয়াৰ কেইদিনমান পূৰ্বে বিবাহৰ স্থানৰ পৰিৱৰ্তন ঘটিছিল আৰু এতিয়া এই বিয়াখন ভাৰতৰ গোৱাত অনুষ্ঠিত হ’ব।দৰাচলতে কোৱা হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আবেদনৰ পাছত এই যুটিটোৱে বিয়াৰ স্থান সলনি কৰিছে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ ধনী শ্ৰেণীক দেশৰ বাহিৰত নহয় দেশৰ ভিতৰতে নিজৰ পৰিয়ালৰ বিবাহ অনুষ্ঠান আয়োজন কৰিবলৈ আহ্বান জনাইছিল।

এনে পৰিস্থিতিত দেশৰ প্ৰধানমন্ত্ৰীৰ এই আৱেদনৰ দ্বাৰা ৰাকুল প্ৰীত আৰু জেকী ভগনানী প্ৰভাৱিত হৈ গন্তব্য বিবাহৰ স্থান সলনি কৰিছে বুলি বিশ্বাস কৰা হৈছে। উল্লেখযোগ্য যে গত বৰ্ষৰ ২৬ নৱেম্বৰত মন কী বাত খণ্ডত দেশবাসীলৈ এই অনুৰোধ কৰিছিল প্ৰধানমন্ত্ৰীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু