--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শীঘ্ৰে দক্ষিণৰ এখন ছবিৰ শ্বুটিং আৰম্ভ কৰিবলৈ ওলাইছে ৰণবীৰ কাপুৰে। ডাঙৰ পৰ্দাত ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰিব ৰণবীৰ কাপুৰে। দক্ষিণৰ মেগা বাজেট ছবি ৰামায়ণত ৰণবীৰে ৰামৰ চৰিত্ৰত অভিনয় কৰিব। দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী ছাই পল্লৱীয়ে ছবিখনত ৰণবীৰ কাপুৰৰ বিপৰীতে অৰ্থাৎ সীতাৰ চৰিত্ৰত অভিনয় কৰিব। নিতেশ তিৱাৰীয়ে পৰিচালনা কৰা ছবিখনৰ শ্বুটিং ২০২৪ চনৰ প্ৰথম তিনিমাহৰ ভিতৰতে আৰম্ভ হ’ব।

বলীউডৰ অভিনেতা ৰণবীৰ কাপুৰে শেহতীয়াকৈ মুক্তি পোৱা ছবি এনিমেলৰ বাবে চৰ্চাত আছে। দক্ষিণৰ চলচ্চিত্ৰ পৰিচালক সন্দীপ ৰেড্ডী ভাংগাৰ সৈতে কাম কৰিছে অভিনেতাগৰাকীয়ে। লগতে দক্ষিণৰ শীৰ্ষ শ্ৰেণীৰ অভিনেত্ৰী ৰশ্মিকা মান্দান্নাৰ সৈতে তেওঁ পৰ্দা শ্বেয়াৰ কৰিছে। ছবিখনে দৰ্শকৰ পৰা যথেষ্ট মৰম লাভ কৰিছে। এই পৰ্যন্ত বিশ্ব বক্স অফিচত এনিমলে উপাৰ্জন কৰিছে ৭০০ কোটি টকা। 

ৰামায়ণৰ মুক্তিৰ কথা ক’বলৈ গ’লে ২০২৫ চনৰ শেষৰ ফালে ছবিখনৰ প্ৰথম খণ্ডটো ডাঙৰ পৰ্দাত আহিব, আৰু ই হ’ব এই বছৰৰ আটাইতকৈ ডাঙৰ ভাৰতীয় মুক্তি। হনুমানৰ চৰিত্ৰৰ বাবে ছানী দেওলৰ সৈতে আলোচনাত মিলিত হৈছে প্ৰযোজকগৰাকী। অৱশ্যে অভিনেতাগৰাকীয়ে ছবিখনত অভিনয় কৰিবলৈ এতিয়াও য়েচ বুলি কোৱা নাই। ৰাৱণৰ চৰিত্ৰত অভিনয় কৰিব দক্ষিণৰ জনপ্ৰিয় অভিনেতা যশে।  বৰ্তমান ৰামায়ণৰ অন্যান্য প্ৰধান চৰিত্ৰৰ বাবে কাষ্টিং চলি আছে। ৰামায়ণৰ জগতখনৰ ডিজাইন কৰিছে অস্কাৰ বিজয়ী ভিএফএক্স কোম্পানী ডিএনইজিয়ে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক