--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শীঘ্ৰে দক্ষিণৰ এখন ছবিৰ শ্বুটিং আৰম্ভ কৰিবলৈ ওলাইছে ৰণবীৰ কাপুৰে। ডাঙৰ পৰ্দাত ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰিব ৰণবীৰ কাপুৰে। দক্ষিণৰ মেগা বাজেট ছবি ৰামায়ণত ৰণবীৰে ৰামৰ চৰিত্ৰত অভিনয় কৰিব। দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী ছাই পল্লৱীয়ে ছবিখনত ৰণবীৰ কাপুৰৰ বিপৰীতে অৰ্থাৎ সীতাৰ চৰিত্ৰত অভিনয় কৰিব। নিতেশ তিৱাৰীয়ে পৰিচালনা কৰা ছবিখনৰ শ্বুটিং ২০২৪ চনৰ প্ৰথম তিনিমাহৰ ভিতৰতে আৰম্ভ হ’ব।

বলীউডৰ অভিনেতা ৰণবীৰ কাপুৰে শেহতীয়াকৈ মুক্তি পোৱা ছবি এনিমেলৰ বাবে চৰ্চাত আছে। দক্ষিণৰ চলচ্চিত্ৰ পৰিচালক সন্দীপ ৰেড্ডী ভাংগাৰ সৈতে কাম কৰিছে অভিনেতাগৰাকীয়ে। লগতে দক্ষিণৰ শীৰ্ষ শ্ৰেণীৰ অভিনেত্ৰী ৰশ্মিকা মান্দান্নাৰ সৈতে তেওঁ পৰ্দা শ্বেয়াৰ কৰিছে। ছবিখনে দৰ্শকৰ পৰা যথেষ্ট মৰম লাভ কৰিছে। এই পৰ্যন্ত বিশ্ব বক্স অফিচত এনিমলে উপাৰ্জন কৰিছে ৭০০ কোটি টকা। 

ৰামায়ণৰ মুক্তিৰ কথা ক’বলৈ গ’লে ২০২৫ চনৰ শেষৰ ফালে ছবিখনৰ প্ৰথম খণ্ডটো ডাঙৰ পৰ্দাত আহিব, আৰু ই হ’ব এই বছৰৰ আটাইতকৈ ডাঙৰ ভাৰতীয় মুক্তি। হনুমানৰ চৰিত্ৰৰ বাবে ছানী দেওলৰ সৈতে আলোচনাত মিলিত হৈছে প্ৰযোজকগৰাকী। অৱশ্যে অভিনেতাগৰাকীয়ে ছবিখনত অভিনয় কৰিবলৈ এতিয়াও য়েচ বুলি কোৱা নাই। ৰাৱণৰ চৰিত্ৰত অভিনয় কৰিব দক্ষিণৰ জনপ্ৰিয় অভিনেতা যশে।  বৰ্তমান ৰামায়ণৰ অন্যান্য প্ৰধান চৰিত্ৰৰ বাবে কাষ্টিং চলি আছে। ৰামায়ণৰ জগতখনৰ ডিজাইন কৰিছে অস্কাৰ বিজয়ী ভিএফএক্স কোম্পানী ডিএনইজিয়ে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান