--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিবাহ বিচ্ছেদৰ দিশে আগবাঢ়িছে বিগ বি অমিতাভৰ পুত্ৰ অভিষেক বচ্চন৷ ক্ৰমাৎ ঘুণে ধৰিছে অভিষেক-ঐশ্বৰ্যৰ বৈবাহিক জীৱনত৷ ২০০৭ত বিবাহপাশত আবদ্ধ হৈছিল অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায়৷ ১৫ বছৰৰো অধিক সময় বচ্চন পৰিয়ালৰ বোৱাৰী হৈ আছে ঐশ্বৰ্য৷ ২০১১ত অভিষেক-ঐশ্বৰ্যৰ জীৱনলৈ আহে আৰাধ্যা বচ্চন। 

যোৱা দুটা দশকত বচ্চন পৰিয়ালক লৈ চলি আছে বিভিন্ন ধৰণৰ গুঞ্জন সৃষ্টি হৈছে। আনকি অভিষেক-ঐশ্বৰ্যৰ বিবাহ বিচ্ছেদৰ উৰাবাতৰি কেইবাবাৰো শুনা গৈছে। তথাপি প্ৰতিবাৰেই তেওঁলোকে এই উৰাবাতৰি ভুল প্ৰমাণিত কৰি আহিছে। এতিয়া পুনৰ ওলাইছে এই উৰাবাতৰি৷

যোৱা কেইমাহমানধৰি অভিষেক-ঐশ্বৰ্যৰ মাজত বিচ্ছেদ সম্পৰ্কীয় খবৰৰ মৃদু গুঞ্জন সঘনাই শুনিবলৈ পোৱা গৈছে। এইটোও শুনা গৈছে যে বচ্চন পৰিয়ালত শেহতীয়াকৈ যথেষ্ট অস্থিৰতাৰ সৃষ্টি হৈছে৷ এয়াও অভিযোগ উঠিছে যে পৰিয়ালটোৰে ঐশ্বৰ্যৰ দূৰত্ব তেওঁৰ শহুৰেকৰ দ্বাৰা সৃষ্টি কৰা হৈছে। কিন্তু, সমগ্ৰ চৰ্চা সন্দৰ্ভত বচ্চন পৰিয়ালৰ কোনেও এতিয়ালৈকে মুখ খোলা নাই৷ অভিষেক-ঐশ্বৰ্য যোৱা কেইমাহমানৰ পৰা ঘৰৰ পৰা বাহিৰত আছে।

ঐশ্বৰ্য ৰায় য’ত আছে, তাত তেওঁৰ ছোৱালী আৰাধ্যা আছে। মাক আৰু জীয়েকক সদায় একেলগে দেখা যায়। ছোৱালীজনীৰ বছৰ ১১ বছৰ। আৰাধ্যাক এতিয়াও সকলো ঠাইতে মাতৃৰ সৈতে দেখা গৈছে। আৰাধ্যা সৰুৰে পৰা সকলো সময়তে মাতৃৰ সৈতে আছে।

আৰাধ্যাৰ জন্মৰ পাছত ঐশ্বৰ্যই কামৰ বোজা হ্ৰাস কৰিবলৈ আৰম্ভ কৰে। ২০১৭ চনত অভিষেকে ঐশ্বৰ্যৰ প্ৰশংসা কৰি কৈছিল, ঐশ্বৰ্য এগৰাকী মাতৃ হিচাপে সৰ্বশ্ৰেষ্ঠ, মোৰ দৃষ্টিত তেওঁ এগৰাকী ছুপাৰমম৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক