--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে এণ্টাৰ্কটিকাত। শেহতীয়া গৱেষণাত দেখা গৈছে যে এণ্টাৰ্কটিকাত সাগৰীয় বৰফ একেৰাহে দ্বিতীয় বছৰৰ বাবে ফেব্ৰুৱাৰীত  লক্ষ্যণীয়ভাবে  হ্ৰাস পাইছে৷  কোপাৰনিকাছ জলবায়ু পৰিৱৰ্তন সেৱা (চি৩এছ)ৰ দ্বাৰা এএফপিক প্ৰদান কৰা পৰিসংখ্যা অনুসৰি,  এন্টাৰ্কটিকা মহাদেশৰ চাৰিওফালে বৰফেৰে আৱৰি থকা সাগৰৰ পৃষ্ঠৰ বৰফৰ আয়তন  ২.০৯নিযুত বৰ্গ কিলোমিটাৰ  লৈ হ্ৰাস পাইছে৷ 

 উপগ্ৰহৰ চিত্ৰতো এনে পৰিৱৰ্তনৰ কথা ধৰা পৰিছে৷চি৩এছৰ উপ-সঞ্চালক সামান্থা বাৰ্জেছে কয় যে, "৪৫ বছৰীয়া উপগ্ৰহ তথ্য ৰেকৰ্ডত এণ্টাৰ্কটিক সাগৰৰ বৰফ সৰ্বনিম্ন পৰিমাণত উপনীত হৈছে।"
আমেৰিকা যুক্তৰাষ্ট্ৰ চৰকাৰী বিজ্ঞানীসকলে যোৱা মাহত এটা নতুন অভিলেখ নিশ্চিত কৰিছিল কিন্তু ১.৭৯নিযুত বৰ্গ কিলোমিটাৰতকৈও কম পৰিমাণৰ বৰফ গলাৰ ইংগিত দিছিল৷

উল্লেখযোগ্য যে দক্ষিণ গোলাৰ্ধত গ্ৰীষ্মকালত সাগৰীয় বৰফৰ ঘনত্ব দক্ষিণ মহাসাগৰৰ সকলো ক্ষেত্ৰতে গড়তকৈ যথেষ্ট কম আছিল।আশ্চৰ্যজনকভাৱে বৰফ হ্ৰাস পোৱাৰ পৰিমাণ  ১৯৮১-২০১০ চনৰ গড়তকৈ প্ৰায় ৩০ শতাংশ কম।সামান্থা বাৰ্জেছে কয় "এনে  পৰিঘটনাই এণ্টাৰ্কটিক বৰফৰ তৰপৰ স্থিৰতা আৰু শেষত বিশ্বব্যাপী সাগৰৰ জলস্তৰ বৃদ্ধিত  গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে,"৷

উল্লেখযোগ্য যে হ্ৰাস হোৱা বৰফৰ আৱৰণ  এক গুৰুতৰ চিন্তাৰ বিষয় ৷ কিয়নো ই আৰ্কটিক অঞ্চলকে ধৰি আন বহু এলেকাত গোলকীয় উষ্ণতা বৃদ্ধিত অনুঘটকৰ ভূমিকা পালন কৰে৷ 
মেৰুৰ বৰফত আঘাত কৰা সূৰ্যৰ প্ৰায় ৯০ শতাংশ শক্তি মহাকাশলৈ ঘূৰি প্ৰতিফলিত হয়। কিন্তু যেতিয়া সূৰ্যৰ পোহৰে অন্ধকাৰ, হিমায়িত নোহোৱা সাগৰৰ পানীত আঘাত কৰে,তেতিয়া  প্ৰায় একে পৰিমাণৰ শক্তি শোষণ কৰা হয়, যি গোলকীয় উষ্ণতা বৃদ্ধিত পোনপটীয়াকৈ ক্ৰিয়া কৰে৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল