--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৰ্চাত আছে লিঅ’নেল মেছিৰ পত্নী এণ্ট’নেলা ৰকুজ্জ’ৰ প্ৰাক্তন প্ৰেমিক। মেছিয়ে বিশ্বকাপ জয় কৰাৰ পাছতে তেওঁৰ পত্নীৰ প্ৰাক্তন প্ৰেমিকৰ প্ৰসংগ আহি পৰিছে। অৱশ্যে এই প্ৰাক্তন প্ৰেমিকজনৰ নাম সংবাদ মাধ্যমে প্ৰকাশ কৰা নাই।

''এণ্ট’নেলাই মোক এৰি দি ভালেই কৰিলে। যাৰ তাৰ বাবেতো মোক এৰা নাই! মেছিৰ বাবে এৰিছে।’’- এইদৰে কৈছিল প্ৰাক্তন প্ৰেমিকজনে।

''এসময়ত আমাৰ খুব দেখা-সাক্ষাৎ হৈছিল। এণ্ট’নেলাই মেছিৰ বিষয়ে মোক একো কোৱা নাছিল। এদিন তাই বেগৰ পৰা এটা ব্লেকবেৰী ফোন বাহিৰ কৰিছিল। কৈছিল যে ফোনটো তাইক মেছিয়ে দিছে। তাতেই বুজি পালো মেছিৰ লগত তাইৰ সম্পৰ্ক গাঢ় হৈছে। তাৰপাছত আৰু মই আগ নাবাঢ়িলো।’’- প্ৰাক্তন প্ৰেমিকজনে কয়।

উল্লেখ্য যে আৰ্জেণ্টিনাৰ ৰোজাৰিঅ’ চহৰত জন্মলাভ কৰিছিল মেছি আৰু এণ্ট’নেলাই। ৫ বছৰ বয়সৰ পৰাই দুয়ো দুয়োৰে চিনাকি। স্কুলীয়া জীৱনতো দুয়ো একেলগে কটায়।

২০০০ চনত মাত্ৰ তেৰ বছৰ বয়সতে লিঅ’নেল মেছি স্পেইনৰ বাৰ্চিলোনা চহৰলৈ আহে। দুচকুত ফুটবলেৰে জগত জিনাৰ সপোন। ভৰ্তি কৰোৱা হয় বাৰ্চিলোনা ফুটবল ক্লাবৰ যুৱ একাডেমীত। সাত সাগৰ তেৰ নদীৰ সিপাৰৰ স্পেইনলৈ যোৱাৰে পৰা এণ্ট’নেলাৰ পৰাও বিচ্ছিন্ন হৈ পৰে কিশোৰ লিঅ’নেল।

সেই সময়তে এজন যুৱকৰ স’তে পৰিচয় হৈছিল এণ্ট’নেলাৰ। ২০০৭ চনত নিয়মিতভাৱে তেওঁৰ স’তে দেখা-সাক্ষাৎ হয় এণ্ট’নেলাৰ। পৰিচয়ে প্ৰেমৰ ৰূপ ল’লে। কিন্তু সকলো কথা মেছিয়ে গম পাই যায়। সেয়ে এণ্ট’নেলাৰ ভাতৃত তথা মেছিৰ বন্ধু লুকা স্কাগলিয়াক মেছিয়ে নিজৰ কথা কয় আৰু আৰ্জেণ্টিনালৈ ঘূৰি আহি এণ্ট’নেলাক লগ কৰে। তাৰপাছত পুনৰ স্পেইনলৈ গুছি যায়।

২০০৮ চনৰ পৰা বিভিন্ন স্থানত মেছি আৰু এণ্ট’নেলা- দুয়োকে একেলগে দেখা যায়। ২০১০ চনত মেছিয়ে এণ্ট’নেলাক প্ৰেমৰ প্ৰস্তাৱ যাচে। তাৰপাছতে সকলো ৰাজহুৱা হৈ পৰে। বিয়পি পৰে দুয়োৰে প্ৰেমকাহিনী।

অৱশেষত ২০১৭ চনৰ দুয়োৰে জন্মস্থান ৰোজাৰিঅ’ চহৰতে বিয়া হৈ যায় লিঅ’নেল-এণ্ট’নেলাৰ। প্ৰথম সন্তান থিয়াগ’ৱে ২০১২ চনত জন্মলাভ কৰে। ২০১৫ চনত জন্ম হয় মধ্যম পুত্ৰ মাতিও। ২০১৮ চনত জন্ম হয় কনিষ্ঠ সন্তান চিৰ’।

লিঅ’নেল মেছিৰ পত্নী হোৱাৰ উপৰিও এণ্ট’নেলা এগৰাকী মডেলো। সৰুতে দাঁতৰ চিকিৎসক হোৱাৰ সপোন দেখা এণ্টনেলাক বিভিন্ন নামী দামী পণ্যৰ বিজ্ঞাপনত দেখা পোৱা যায়। তদুপৰি আৰ্জেণ্টিনাত এখন জনপ্ৰিয় বুটিকো আছে এণ্ট’নেলাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক