--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৰ্চাত আছে লিঅ’নেল মেছিৰ পত্নী এণ্ট’নেলা ৰকুজ্জ’ৰ প্ৰাক্তন প্ৰেমিক। মেছিয়ে বিশ্বকাপ জয় কৰাৰ পাছতে তেওঁৰ পত্নীৰ প্ৰাক্তন প্ৰেমিকৰ প্ৰসংগ আহি পৰিছে। অৱশ্যে এই প্ৰাক্তন প্ৰেমিকজনৰ নাম সংবাদ মাধ্যমে প্ৰকাশ কৰা নাই।

''এণ্ট’নেলাই মোক এৰি দি ভালেই কৰিলে। যাৰ তাৰ বাবেতো মোক এৰা নাই! মেছিৰ বাবে এৰিছে।’’- এইদৰে কৈছিল প্ৰাক্তন প্ৰেমিকজনে।

''এসময়ত আমাৰ খুব দেখা-সাক্ষাৎ হৈছিল। এণ্ট’নেলাই মেছিৰ বিষয়ে মোক একো কোৱা নাছিল। এদিন তাই বেগৰ পৰা এটা ব্লেকবেৰী ফোন বাহিৰ কৰিছিল। কৈছিল যে ফোনটো তাইক মেছিয়ে দিছে। তাতেই বুজি পালো মেছিৰ লগত তাইৰ সম্পৰ্ক গাঢ় হৈছে। তাৰপাছত আৰু মই আগ নাবাঢ়িলো।’’- প্ৰাক্তন প্ৰেমিকজনে কয়।

উল্লেখ্য যে আৰ্জেণ্টিনাৰ ৰোজাৰিঅ’ চহৰত জন্মলাভ কৰিছিল মেছি আৰু এণ্ট’নেলাই। ৫ বছৰ বয়সৰ পৰাই দুয়ো দুয়োৰে চিনাকি। স্কুলীয়া জীৱনতো দুয়ো একেলগে কটায়।

২০০০ চনত মাত্ৰ তেৰ বছৰ বয়সতে লিঅ’নেল মেছি স্পেইনৰ বাৰ্চিলোনা চহৰলৈ আহে। দুচকুত ফুটবলেৰে জগত জিনাৰ সপোন। ভৰ্তি কৰোৱা হয় বাৰ্চিলোনা ফুটবল ক্লাবৰ যুৱ একাডেমীত। সাত সাগৰ তেৰ নদীৰ সিপাৰৰ স্পেইনলৈ যোৱাৰে পৰা এণ্ট’নেলাৰ পৰাও বিচ্ছিন্ন হৈ পৰে কিশোৰ লিঅ’নেল।

সেই সময়তে এজন যুৱকৰ স’তে পৰিচয় হৈছিল এণ্ট’নেলাৰ। ২০০৭ চনত নিয়মিতভাৱে তেওঁৰ স’তে দেখা-সাক্ষাৎ হয় এণ্ট’নেলাৰ। পৰিচয়ে প্ৰেমৰ ৰূপ ল’লে। কিন্তু সকলো কথা মেছিয়ে গম পাই যায়। সেয়ে এণ্ট’নেলাৰ ভাতৃত তথা মেছিৰ বন্ধু লুকা স্কাগলিয়াক মেছিয়ে নিজৰ কথা কয় আৰু আৰ্জেণ্টিনালৈ ঘূৰি আহি এণ্ট’নেলাক লগ কৰে। তাৰপাছত পুনৰ স্পেইনলৈ গুছি যায়।

২০০৮ চনৰ পৰা বিভিন্ন স্থানত মেছি আৰু এণ্ট’নেলা- দুয়োকে একেলগে দেখা যায়। ২০১০ চনত মেছিয়ে এণ্ট’নেলাক প্ৰেমৰ প্ৰস্তাৱ যাচে। তাৰপাছতে সকলো ৰাজহুৱা হৈ পৰে। বিয়পি পৰে দুয়োৰে প্ৰেমকাহিনী।

অৱশেষত ২০১৭ চনৰ দুয়োৰে জন্মস্থান ৰোজাৰিঅ’ চহৰতে বিয়া হৈ যায় লিঅ’নেল-এণ্ট’নেলাৰ। প্ৰথম সন্তান থিয়াগ’ৱে ২০১২ চনত জন্মলাভ কৰে। ২০১৫ চনত জন্ম হয় মধ্যম পুত্ৰ মাতিও। ২০১৮ চনত জন্ম হয় কনিষ্ঠ সন্তান চিৰ’।

লিঅ’নেল মেছিৰ পত্নী হোৱাৰ উপৰিও এণ্ট’নেলা এগৰাকী মডেলো। সৰুতে দাঁতৰ চিকিৎসক হোৱাৰ সপোন দেখা এণ্টনেলাক বিভিন্ন নামী দামী পণ্যৰ বিজ্ঞাপনত দেখা পোৱা যায়। তদুপৰি আৰ্জেণ্টিনাত এখন জনপ্ৰিয় বুটিকো আছে এণ্ট’নেলাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু