--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিকোলাছ পুৰাণক ধাৰত দিয়া টকা ঘূৰাই বিচাৰিলে ক্ৰিছ গেইলে। আইপিএলৰ নিলামত পুৰাণে ১৬ কোটি টকা লাভ কৰাৰ পাছতে টকা ঘূৰাই বিচাৰিলে সতীৰ্থ গেইলে।

উল্লেখ্য যে সম্পন্ন হৈ যোৱা নিলামত লক্ষ্নৌ চুপাৰ জায়েণ্টছে পুৰাণক ১৬ কোটি টকা ক্ৰয় কৰে। তাৰপাছতে সতীৰ্থৰ এই ভাল খবৰে চমকৃত হৈ উঠে ইউনিভাৰ্ছেল বছক।

সামাজিক মাধ্যমযোগে এটা ভিডিঅ’ত গেইলে হাঁহিভৰা মুখেৰে কয়- ''পুৰাণ, মই যে তোমাক টকাখিনি ধাৰলৈ দিছিলো, সেয়া কি এইবাৰ ঘূৰাই দিব পাৰিবানে?’’

গেইলৰ এই ভিডিঅ’ৰ পাছতে হাঁহিৰ ৰোল উঠে অনুৰাগীসকল। সকলোৱে ক্ৰিকেটাৰ দুগৰাকীক লৈ অনেক মন্তব্য কৰে।

আনহাতে, ৱেষ্ট ইণ্ডিজৰ কেপ্টেইন তথা উইকেট ৰক্ষক নিকোলাছ পুৰাণক কিয় ইমান দৰত ক্ৰয় কৰা হ’ল সেই লৈও চৰ্চা চলিছে। ইয়াৰ কাৰণ হৈছে যোৱাবাৰ আইপিএলত তেওঁ বিশেষ প্ৰদৰ্শন আগবঢ়োৱা নাছিল।

এই সম্পৰ্কত লক্ষ্নৌ চুপাৰ জায়েণ্টছৰ মেণ্টৰ গৌতম গম্ভীৰে কয়- ''তেওঁৰ দক্ষতাৰ বাবেই এই দামত কিনা হৈছে। তেওঁৰ দৰে কোনো ক্ৰিকেটাৰক লোৱা আমাৰ লক্ষ্যই আছিল। আশা কৰো আমাৰ দলত যোগ দি তেওঁ ভাল খেলিব।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু