--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহ আৰু মহানুভৱতা৷ যেন বহু মানুহৰ মাজত এতিয়াও মহানুভৱতাৰ শেষ নাই৷ উৰিষ্যাৰ গঞ্জাম জিলাৰ নাগেশু পাত্ৰোৱে দিনত এখন ব্যক্তিগত মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে কাম কৰে  আৰু নিশা বঢ়মপুৰ ৰে’ল ষ্টেচনত কুলি হিচাপে কাম কৰে। তেওঁ এনেদৰে দুটাকৈ কাম  অধিক ধন উপাৰ্জন কৰিবলৈ  কৰা নাই৷  তেওঁ  দৰিদ্ৰ শিশুৰ শিক্ষাৰ বাবে ধন  পৰিশোধ কৰিবলৈয়েই এনেদৰে দিনে-ৰাতি দুটাকৈ কাম কৰি আহিছে৷ 

৩১ বছৰীয়া নাগেছুৱে দৰিদ্ৰ শিশুসকলক বিনামূলীয়া শিক্ষা প্ৰদান কৰাৰ বাবে এটা প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰিছে। কুলি হিচাপে কাম কৰি তেওঁ উপাৰ্জন কৰা ধনেৰে সেই প্ৰশিক্ষণ কেন্দ্ৰৰ শিক্ষকসকলক দৰমহা দিয়ে। দিনটোৰ আৰম্ভণিতে তেওঁ অতিথি অধ্যাপক  হিচাপে ব্যক্তিগত মহাবিদ্যালয় খনত শিক্ষকতা কৰে৷ তাৰ পিছত তেওঁ তেওঁৰ  প্ৰশিক্ষণ কেন্দ্ৰত শ্ৰেণী পাছদজান কৰে। নিশা তেওঁ ৰে’ল ষ্টেচনলৈ গৈ  কুলি হিচাপে কাম কৰে।কৰোনাৰ সময়তে তেওঁ  শিশুসকলক শিকোৱা আৰম্ভ কৰিছিল৷ 

পাত্ৰই কয় যে কৰোনা মহামাৰীৰ সময়ত তেওঁ ঘৰত নিষ্ক্ৰিয় হৈ বহি থকাৰ পৰিৱৰ্তে দৰিদ্ৰ শিশুসকলক বিনামূলীয়াকৈ শিকোৱা আৰম্ভ কৰিছিল। শিশুৰ সংখ্যা বাঢ়িবলৈ আৰম্ভ কৰাৰ লগে লগে, তেওঁ অষ্টমৰ পৰা দ্বাদশ   শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ  বাবে এটা প্ৰশিক্ষণ কেন্দ্ৰ খুলিছিল। ইয়াত শিশুসকলক তেওঁ নিজে হিন্দী আৰু ওড়িয়া শিকায়৷ 

কুলি হিচাপে কাম কৰি তেওঁ মাহে ১০-১২  হাজাৰ টকা উপাৰ্জন কৰে৷ সেই ধনেৰেই তেওঁ   প্ৰশিক্ষণ কেন্দ্ৰৰ ৪ জন শিক্ষকক ৩ৰ পৰা ৪ হাজাৰ টকাকৈ  দিয়ে। তেওঁ মহাবিদ্যালয়ৰ পৰা পোৱা ৮,০০০ টকাৰ পৰা তেওঁৰ পৰিয়ালৰ খৰচ উলিওৱা হয়। তেওঁ তেওঁৰ মাক আৰু দেউতাকৰ  সৈতে গঞ্জাম জিলাৰ মনোহৰ গাঁৱত বাস কৰে।
পাত্ৰ নিজেই এটা দৰিদ্ৰ পৰিয়ালৰ সন্তান।  তেওঁৰ দেউতাকে এজন মালি হিচাপে কাম কৰিছিল আৰু কোনোমতেহে ঘৰ খন চলাইছিল৷  

"মানুহে কি ভাবে সেই কথালৈ মই গুৰুত্ব নিদিও , মই শিশুসকলক শিকাবলৈ ভালপাওঁ আৰু মই দৰিদ্ৰ শিশুসকলক শিক্ষিত কৰি তুলিব  বিচাৰো," পাত্ৰই কয়। তেওঁ লগতে কয়  দৰিদ্ৰ পৰিয়ালৰ শিশুৱে ধনৰ অভাৱৰ বাবে পঢ়া শুনা এৰি দিবসেই কথা তেওঁ কেতিয়াও নিবিচাৰে৷ 
পাত্ৰই ২০১১ চনত ৰেল ষ্টেচনত কুলি হিচাপে নিজৰ নাম পঞ্জীয়ন কৰিছিল। ইয়াৰ পিছত, তেওঁ ২০১২  চনত চিঠিপত্ৰ অনলাইন ব্যৱস্থাৰ  জৰিয়তে দ্বাদশ পৰীক্ষা দিছিল। দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে আৰু বঢ়মপুৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

তেওঁ কয় যে এতিয়া মানুহে ট্ৰলী বেগ আৰু এস্কেলেটৰ ব্যৱহাৰ কৰা আৰম্ভ কৰিছে৷  ফলত কুলি হিচাপে তেওঁৰ উপাৰ্জন হ্ৰাস পাইছে। তেওঁ ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক কুলিসকলৰ বাবে কিছু পদক্ষেপ ল'বলৈ আহ্বান জনাইছে৷ 










FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু