--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহ আৰু মহানুভৱতা৷ যেন বহু মানুহৰ মাজত এতিয়াও মহানুভৱতাৰ শেষ নাই৷ উৰিষ্যাৰ গঞ্জাম জিলাৰ নাগেশু পাত্ৰোৱে দিনত এখন ব্যক্তিগত মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে কাম কৰে  আৰু নিশা বঢ়মপুৰ ৰে’ল ষ্টেচনত কুলি হিচাপে কাম কৰে। তেওঁ এনেদৰে দুটাকৈ কাম  অধিক ধন উপাৰ্জন কৰিবলৈ  কৰা নাই৷  তেওঁ  দৰিদ্ৰ শিশুৰ শিক্ষাৰ বাবে ধন  পৰিশোধ কৰিবলৈয়েই এনেদৰে দিনে-ৰাতি দুটাকৈ কাম কৰি আহিছে৷ 

৩১ বছৰীয়া নাগেছুৱে দৰিদ্ৰ শিশুসকলক বিনামূলীয়া শিক্ষা প্ৰদান কৰাৰ বাবে এটা প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰিছে। কুলি হিচাপে কাম কৰি তেওঁ উপাৰ্জন কৰা ধনেৰে সেই প্ৰশিক্ষণ কেন্দ্ৰৰ শিক্ষকসকলক দৰমহা দিয়ে। দিনটোৰ আৰম্ভণিতে তেওঁ অতিথি অধ্যাপক  হিচাপে ব্যক্তিগত মহাবিদ্যালয় খনত শিক্ষকতা কৰে৷ তাৰ পিছত তেওঁ তেওঁৰ  প্ৰশিক্ষণ কেন্দ্ৰত শ্ৰেণী পাছদজান কৰে। নিশা তেওঁ ৰে’ল ষ্টেচনলৈ গৈ  কুলি হিচাপে কাম কৰে।কৰোনাৰ সময়তে তেওঁ  শিশুসকলক শিকোৱা আৰম্ভ কৰিছিল৷ 

পাত্ৰই কয় যে কৰোনা মহামাৰীৰ সময়ত তেওঁ ঘৰত নিষ্ক্ৰিয় হৈ বহি থকাৰ পৰিৱৰ্তে দৰিদ্ৰ শিশুসকলক বিনামূলীয়াকৈ শিকোৱা আৰম্ভ কৰিছিল। শিশুৰ সংখ্যা বাঢ়িবলৈ আৰম্ভ কৰাৰ লগে লগে, তেওঁ অষ্টমৰ পৰা দ্বাদশ   শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ  বাবে এটা প্ৰশিক্ষণ কেন্দ্ৰ খুলিছিল। ইয়াত শিশুসকলক তেওঁ নিজে হিন্দী আৰু ওড়িয়া শিকায়৷ 

কুলি হিচাপে কাম কৰি তেওঁ মাহে ১০-১২  হাজাৰ টকা উপাৰ্জন কৰে৷ সেই ধনেৰেই তেওঁ   প্ৰশিক্ষণ কেন্দ্ৰৰ ৪ জন শিক্ষকক ৩ৰ পৰা ৪ হাজাৰ টকাকৈ  দিয়ে। তেওঁ মহাবিদ্যালয়ৰ পৰা পোৱা ৮,০০০ টকাৰ পৰা তেওঁৰ পৰিয়ালৰ খৰচ উলিওৱা হয়। তেওঁ তেওঁৰ মাক আৰু দেউতাকৰ  সৈতে গঞ্জাম জিলাৰ মনোহৰ গাঁৱত বাস কৰে।
পাত্ৰ নিজেই এটা দৰিদ্ৰ পৰিয়ালৰ সন্তান।  তেওঁৰ দেউতাকে এজন মালি হিচাপে কাম কৰিছিল আৰু কোনোমতেহে ঘৰ খন চলাইছিল৷  

"মানুহে কি ভাবে সেই কথালৈ মই গুৰুত্ব নিদিও , মই শিশুসকলক শিকাবলৈ ভালপাওঁ আৰু মই দৰিদ্ৰ শিশুসকলক শিক্ষিত কৰি তুলিব  বিচাৰো," পাত্ৰই কয়। তেওঁ লগতে কয়  দৰিদ্ৰ পৰিয়ালৰ শিশুৱে ধনৰ অভাৱৰ বাবে পঢ়া শুনা এৰি দিবসেই কথা তেওঁ কেতিয়াও নিবিচাৰে৷ 
পাত্ৰই ২০১১ চনত ৰেল ষ্টেচনত কুলি হিচাপে নিজৰ নাম পঞ্জীয়ন কৰিছিল। ইয়াৰ পিছত, তেওঁ ২০১২  চনত চিঠিপত্ৰ অনলাইন ব্যৱস্থাৰ  জৰিয়তে দ্বাদশ পৰীক্ষা দিছিল। দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে আৰু বঢ়মপুৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

তেওঁ কয় যে এতিয়া মানুহে ট্ৰলী বেগ আৰু এস্কেলেটৰ ব্যৱহাৰ কৰা আৰম্ভ কৰিছে৷  ফলত কুলি হিচাপে তেওঁৰ উপাৰ্জন হ্ৰাস পাইছে। তেওঁ ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক কুলিসকলৰ বাবে কিছু পদক্ষেপ ল'বলৈ আহ্বান জনাইছে৷ 










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক