--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশত ঘটিছে এক আচৰিত ঘটনা৷ পত্নীক হত্যা কৰাৰ অভিযোগত ছবছৰ কাৰাগাৰত থকা স্বামীয়ে জামিন লাভ কৰি ঘৰলৈ ঘূৰি আহিছিল৷ কিন্তু ঘৰ পোৱাৰ পিছতে তেওঁ তেওঁ জানিব পাৰে যে পত্নী জীৱিত অৱস্থাতে আছে৷ পত্নী আৰতিৰ পিতৃয়ে তেওঁৰ কন্যা  হঠাতে নিৰুদ্দেশ হোৱাৰ পিছত স্বামী  চনুৰ বিৰুদ্ধে আৰক্ষী থানাত অভিযোগ দাখিল কৰিছিল। চনুৰ বিৰুদ্ধে অনা হৈছিল পত্নী আৰতিক হত্যা কৰাৰ অভিযোগ৷ সেই অভিযোগতে চনুৱে ছবছৰ ধৰি কাৰাগাৰত আছিল৷ 

শেহতীয়াকৈ তেওঁক পেৰলত কিছুদিনৰ বাবে মুক্তি দিয়া হৈছে৷ চনুৰ লগতে তেওঁৰ এজন বন্ধুকো আৰতি হত্যাত অভিযুক্ত কৰা হৈছিল৷  জামিনত মুকলি হোৱাৰ পিছত, চনু আৰু তেওঁৰ বন্ধুৱে ঘৰলৈ আহি আৰতিক জীৱিত অৱস্থাত দেখা পায়৷ 

আৰতিৰ পিতৃয়ে অভিযোগ কৰিছিল  যে আৰতিক স্বামী  চনু আৰু চনুৰ এজন বন্ধুয়ে মিলি হত্যা কৰিছিল।২৬ বছৰীয়া আৰতি উত্তৰ প্ৰদেশৰ বৃন্দাবনৰ বাসিন্দা আছিল। ২০১৬ চনত আৰক্ষী চকীত এইবুলি  অভিযোগ দাখিল কৰা হৈছিল যে আৰতিক তেওঁৰ দৰা চনু চাইনী (৩২ ) আৰু চনুৰ বন্ধু গোপাল চাইনীয়ে (৩০) হত্যা কৰিছে৷ আৰতিক  ৰাজস্থানৰ দৌচা জিলাত বিচাৰি পোৱা গৈছে৷ আৰতিৰ ঘৰৰ পৰা দুখন  পৃথক আধাৰ কাৰ্ডো উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে কৈছে যে আৰতিক সোমবাৰে আদালতত হাজিৰ কৰোৱা হ'ব।
আৰক্ষীৰ সূত্ৰ অনুসৰি  মেহাণ্ডিপুৰৰ বালাজী মন্দিৰত আৰতিৰ চনুৰ সৈতে প্ৰথম দেখা হৈছিল। ২০১৫ চনত আৰতিয়ে চনুৰ সৈতে  ঘৰত নজনোৱাকৈ বিয়া হয়। 

কিন্তু বিয়াৰ কেইদিনমানৰ পিছতে  আৰতি সন্ধানহীন হৈ পৰে। আৰতিৰ দেউতাকে চনু আৰু তেওঁৰ এজন বন্ধুৰ  বিৰুদ্ধে বৃন্দাবন আৰক্ষী থানাত অভিযোগ দাখিল কৰিছিল। সেইসময়তে  আৰক্ষীয়ে এটা মৃতদেহ উদ্ধাৰ কৰিছিল৷  আৰতিৰ দেউতাকে দাবী কৰিছিল যে মৃতদেহটো তেওঁৰ কন্যা  আৰতিৰেই৷ চনু আৰু তেওঁৰ বন্ধু গোপালক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। আদালতে চনু আৰু গোপালক কাৰাবাসৰ  শাস্তি প্ৰদান কৰিছিল।

চনুৱে আৰক্ষীক বাৰে বাৰে কৈছিল যে তেওঁ আৰতিক হত্যা কৰা নাছিল। কিন্তু আৰক্ষীয়ে তেওঁক বিশ্বাস কৰা নাছিল৷  কিয়নো তেওঁৰ ওচৰত কোনো প্ৰমাণ নাছিল। চনু আৰু তেওঁৰ বন্ধু গোপালক পিছত এলাহাবাদ উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছিল। জামিনত মুকলি হোৱাৰ পিছত চনু আৰু গোপাল দুয়োজনে আৰতিক  বিচাৰিবলৈ আৰম্ভ কৰে। তেওঁলোকে গম পালে যে আৰতিৰ ৰাজস্থানত আন এজন লোকৰ সৈতে বিয়া হৈছে। তেওঁলোকে লগে লগে আৰক্ষীক খবৰটো  দিয়ে । আৰক্ষীয়ে তঞপৰতাৰে ৰাজস্থানৰ পৰা আৰতিক উদ্ধাৰ কৰে৷ তেওঁক আজি আদালতত হাজিৰ কৰোৱা হ'ব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু