--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশত ঘটিছে এক আচৰিত ঘটনা৷ পত্নীক হত্যা কৰাৰ অভিযোগত ছবছৰ কাৰাগাৰত থকা স্বামীয়ে জামিন লাভ কৰি ঘৰলৈ ঘূৰি আহিছিল৷ কিন্তু ঘৰ পোৱাৰ পিছতে তেওঁ তেওঁ জানিব পাৰে যে পত্নী জীৱিত অৱস্থাতে আছে৷ পত্নী আৰতিৰ পিতৃয়ে তেওঁৰ কন্যা  হঠাতে নিৰুদ্দেশ হোৱাৰ পিছত স্বামী  চনুৰ বিৰুদ্ধে আৰক্ষী থানাত অভিযোগ দাখিল কৰিছিল। চনুৰ বিৰুদ্ধে অনা হৈছিল পত্নী আৰতিক হত্যা কৰাৰ অভিযোগ৷ সেই অভিযোগতে চনুৱে ছবছৰ ধৰি কাৰাগাৰত আছিল৷ 

শেহতীয়াকৈ তেওঁক পেৰলত কিছুদিনৰ বাবে মুক্তি দিয়া হৈছে৷ চনুৰ লগতে তেওঁৰ এজন বন্ধুকো আৰতি হত্যাত অভিযুক্ত কৰা হৈছিল৷  জামিনত মুকলি হোৱাৰ পিছত, চনু আৰু তেওঁৰ বন্ধুৱে ঘৰলৈ আহি আৰতিক জীৱিত অৱস্থাত দেখা পায়৷ 

আৰতিৰ পিতৃয়ে অভিযোগ কৰিছিল  যে আৰতিক স্বামী  চনু আৰু চনুৰ এজন বন্ধুয়ে মিলি হত্যা কৰিছিল।২৬ বছৰীয়া আৰতি উত্তৰ প্ৰদেশৰ বৃন্দাবনৰ বাসিন্দা আছিল। ২০১৬ চনত আৰক্ষী চকীত এইবুলি  অভিযোগ দাখিল কৰা হৈছিল যে আৰতিক তেওঁৰ দৰা চনু চাইনী (৩২ ) আৰু চনুৰ বন্ধু গোপাল চাইনীয়ে (৩০) হত্যা কৰিছে৷ আৰতিক  ৰাজস্থানৰ দৌচা জিলাত বিচাৰি পোৱা গৈছে৷ আৰতিৰ ঘৰৰ পৰা দুখন  পৃথক আধাৰ কাৰ্ডো উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে কৈছে যে আৰতিক সোমবাৰে আদালতত হাজিৰ কৰোৱা হ'ব।
আৰক্ষীৰ সূত্ৰ অনুসৰি  মেহাণ্ডিপুৰৰ বালাজী মন্দিৰত আৰতিৰ চনুৰ সৈতে প্ৰথম দেখা হৈছিল। ২০১৫ চনত আৰতিয়ে চনুৰ সৈতে  ঘৰত নজনোৱাকৈ বিয়া হয়। 

কিন্তু বিয়াৰ কেইদিনমানৰ পিছতে  আৰতি সন্ধানহীন হৈ পৰে। আৰতিৰ দেউতাকে চনু আৰু তেওঁৰ এজন বন্ধুৰ  বিৰুদ্ধে বৃন্দাবন আৰক্ষী থানাত অভিযোগ দাখিল কৰিছিল। সেইসময়তে  আৰক্ষীয়ে এটা মৃতদেহ উদ্ধাৰ কৰিছিল৷  আৰতিৰ দেউতাকে দাবী কৰিছিল যে মৃতদেহটো তেওঁৰ কন্যা  আৰতিৰেই৷ চনু আৰু তেওঁৰ বন্ধু গোপালক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। আদালতে চনু আৰু গোপালক কাৰাবাসৰ  শাস্তি প্ৰদান কৰিছিল।

চনুৱে আৰক্ষীক বাৰে বাৰে কৈছিল যে তেওঁ আৰতিক হত্যা কৰা নাছিল। কিন্তু আৰক্ষীয়ে তেওঁক বিশ্বাস কৰা নাছিল৷  কিয়নো তেওঁৰ ওচৰত কোনো প্ৰমাণ নাছিল। চনু আৰু তেওঁৰ বন্ধু গোপালক পিছত এলাহাবাদ উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছিল। জামিনত মুকলি হোৱাৰ পিছত চনু আৰু গোপাল দুয়োজনে আৰতিক  বিচাৰিবলৈ আৰম্ভ কৰে। তেওঁলোকে গম পালে যে আৰতিৰ ৰাজস্থানত আন এজন লোকৰ সৈতে বিয়া হৈছে। তেওঁলোকে লগে লগে আৰক্ষীক খবৰটো  দিয়ে । আৰক্ষীয়ে তঞপৰতাৰে ৰাজস্থানৰ পৰা আৰতিক উদ্ধাৰ কৰে৷ তেওঁক আজি আদালতত হাজিৰ কৰোৱা হ'ব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক