--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি শচীন তেণ্ডুলকাৰৰ জন্মদিন। আজি ৫০ বছৰত ভৰি দিলে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰে। ক্ৰিকেটৰ জগতখনত মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ দৰে কোনো নাই। ক্ৰিকেট খেলপথাৰত প্ৰৱেশ কৰাৰ সময়ত তেওঁতকৈ শক্তিশালী কোনো নাছিল, আনকি বিশ্বৰ ডাঙৰ, ডাঙৰ বলাৰজনো তেওঁৰ সন্মুখত পানী পানী হৈ গৈছিল। এই কাৰণেই আজি বিশ্বই তেওঁক God of Cricket নামেৰে আখ্যা দিছে। 

ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰে হয়তো সদায় খেলপথাৰত আৰু খেলপথাৰৰ বাহিৰৰ সকলো বস্তুৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে, কিন্তু এটা বস্তু আছে, যাৰ সন্মুখত আজিও তেওঁ দুৰ্বল হৈ পৰে। কি বাৰু সেই বস্তু? সেইটো হৈছে তেওঁৰ প্ৰিয় খাদ্য বাড়া পাও।

মুম্বাইৰ বিখ্যাত খাদ্য বাড়া পাও শচীনৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা। শচীনৰ শৈশৱৰ বন্ধুৱে নিজেই বহু আগতেই এটা সাক্ষাৎকাৰত এই কথা কৈছিল। এক সাক্ষাৎকাৰত শচীনে স্বীকাৰোক্তি দিছিল যে বাড়া পাও তেওঁৰ বহুত প্ৰিয় বস্তু। ইয়াৰ উপৰিও তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টতো বাড়া পাওৰ প্ৰতি থকা তেওঁৰ উন্মাদনা প্ৰকাশ পায়।

এক প্ৰতিবেদন অনুসৰি শচীনে ২৮ শতক অৰ্জন কৰাৰ সময়ত এটা পাৰ্টিৰ আয়োজন কৰিছিল, য’ত তেওঁৰ শৈশৱৰ বন্ধু বিনোদ কাম্বলিয়ে ২৮টা বাড়া পাও আনিছিল। বাড়া পাও খাবৰ বাবে মুম্বাইৰ এখন বিশেষ প্ৰিয় ঠাই আছে শচীনৰ। এই বিষয়ে শচীনে নিজেই অৱগত কৰিছিল।শচীনে কৈছিল যে তেওঁ আৰু তেওঁৰ পুত্ৰ অৰ্জুনে শিৱাজী পাৰ্ক জিমখানাত বাড়া পাও খাই ভাল পায়। শচীনে ইমানেই বাড়া পাও খাইছে যে মুখত দিলেই গম পাই সেইটো শিৱাজী পাৰ্কৰ বাড়া পাও হয় নে নহয়। 

এবাৰ গৌৰৱ কাপুৰে ব্ৰেকফাষ্ট উইথ চেম্পিয়নছৰ শ্ব’ত শিৱাজী পাৰ্কৰ বাড়া পাও বুলি কৈ আন ঠাইৰ পৰা আনি শচীনক বাড়া পাও খুৱাইছিল। কিন্তু শচীনে বাড়া পাওৰ এটুকুৰা মুখত লোৱাৰ লগে লগে বুজি পালে যে সেইটো শিৱাজী পাৰ্কৰ নহয় আৰু গৌৰৱ কাপুৰক তেওঁ হাঁহি হাঁহি কলে যে ''এই বিষয়ত তুমি আন কাৰোবাৰ ঠগিবা...মোক নহয়।''








FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ