--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি শচীন তেণ্ডুলকাৰৰ জন্মদিন। আজি ৫০ বছৰত ভৰি দিলে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰে। ক্ৰিকেটৰ জগতখনত মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ দৰে কোনো নাই। ক্ৰিকেট খেলপথাৰত প্ৰৱেশ কৰাৰ সময়ত তেওঁতকৈ শক্তিশালী কোনো নাছিল, আনকি বিশ্বৰ ডাঙৰ, ডাঙৰ বলাৰজনো তেওঁৰ সন্মুখত পানী পানী হৈ গৈছিল। এই কাৰণেই আজি বিশ্বই তেওঁক God of Cricket নামেৰে আখ্যা দিছে। 

ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰে হয়তো সদায় খেলপথাৰত আৰু খেলপথাৰৰ বাহিৰৰ সকলো বস্তুৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে, কিন্তু এটা বস্তু আছে, যাৰ সন্মুখত আজিও তেওঁ দুৰ্বল হৈ পৰে। কি বাৰু সেই বস্তু? সেইটো হৈছে তেওঁৰ প্ৰিয় খাদ্য বাড়া পাও।

মুম্বাইৰ বিখ্যাত খাদ্য বাড়া পাও শচীনৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা। শচীনৰ শৈশৱৰ বন্ধুৱে নিজেই বহু আগতেই এটা সাক্ষাৎকাৰত এই কথা কৈছিল। এক সাক্ষাৎকাৰত শচীনে স্বীকাৰোক্তি দিছিল যে বাড়া পাও তেওঁৰ বহুত প্ৰিয় বস্তু। ইয়াৰ উপৰিও তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টতো বাড়া পাওৰ প্ৰতি থকা তেওঁৰ উন্মাদনা প্ৰকাশ পায়।

এক প্ৰতিবেদন অনুসৰি শচীনে ২৮ শতক অৰ্জন কৰাৰ সময়ত এটা পাৰ্টিৰ আয়োজন কৰিছিল, য’ত তেওঁৰ শৈশৱৰ বন্ধু বিনোদ কাম্বলিয়ে ২৮টা বাড়া পাও আনিছিল। বাড়া পাও খাবৰ বাবে মুম্বাইৰ এখন বিশেষ প্ৰিয় ঠাই আছে শচীনৰ। এই বিষয়ে শচীনে নিজেই অৱগত কৰিছিল।শচীনে কৈছিল যে তেওঁ আৰু তেওঁৰ পুত্ৰ অৰ্জুনে শিৱাজী পাৰ্ক জিমখানাত বাড়া পাও খাই ভাল পায়। শচীনে ইমানেই বাড়া পাও খাইছে যে মুখত দিলেই গম পাই সেইটো শিৱাজী পাৰ্কৰ বাড়া পাও হয় নে নহয়। 

এবাৰ গৌৰৱ কাপুৰে ব্ৰেকফাষ্ট উইথ চেম্পিয়নছৰ শ্ব’ত শিৱাজী পাৰ্কৰ বাড়া পাও বুলি কৈ আন ঠাইৰ পৰা আনি শচীনক বাড়া পাও খুৱাইছিল। কিন্তু শচীনে বাড়া পাওৰ এটুকুৰা মুখত লোৱাৰ লগে লগে বুজি পালে যে সেইটো শিৱাজী পাৰ্কৰ নহয় আৰু গৌৰৱ কাপুৰক তেওঁ হাঁহি হাঁহি কলে যে ''এই বিষয়ত তুমি আন কাৰোবাৰ ঠগিবা...মোক নহয়।''








FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব