--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃঅভিলেখৰ পিছত অভিলেখ। অভিলেখ কেৱল যে মানুহেই সৃষ্টি কৰে তেনে নহয়। শাক-পাচলিৰ জগত খনতো অভিলেখৰ যেন অন্ত নাই। এটা ৰঙালাওৰ ওজন কিমান হ'ব পাৰে বাৰু ? ১০ কিলোগ্ৰাম, অত্যাধিক ১৫ কিলোগ্ৰাম। 

কিন্তু এটা  ৰঙালাওৰ ওজন যদি  ১১৫৮ কিলোগ্ৰাম হয় তেন্তে সেয়া নিশ্চয়কৈ আচৰিত হ’বলগীয়া কথাই হ’ব এই ৰঙালাওটোৱে এতিয়া ওজনৰ দিশৰ পৰা অভিলেখ সৃষ্টি কৰিছে। আমেৰিকাৰ নিউয়ৰ্কৰ এজন খেতিয়ক স্কট এণ্ড্ৰেছে তেওঁৰ পথাৰত এই বিশাল ৰঙালাওটো উৎপাদন কৰিবলৈ সক্ষম হৈছে। 

 নিউয়ৰ্কৰ 'দ্য গ্ৰেট পামকিন ফাৰ্ম' নামৰ প্ৰতিযোগিতাখনত ৰঙালাওটোৱে দ্বিতীয় শ্ৰেষ্ঠ পুৰস্কাৰ লাভ কৰিছে। ৰাঙলাওটোৱে উত্তৰ আমেৰিকাৰ সৰ্ববৃহৎ ৰঙালাও হিচাবে   ৰেকৰ্ড সৃষ্টি কৰিছে।

স্কটৰ  এই  ৰঙালাওটোৰ ওজন ১১৫৮ কিলোগ্ৰাম। প্ৰতিযোগিতাত এজন ইটালীৰ কৃষকে  উৎপাদন কৰা ১২২৫   কিলোগ্ৰাম  ওজনৰ ৰঙালাওটোৱে   অভিলেখ গঢ়িছে। স্কটে কয়  যে তেওঁৰ লক্ষ্য আছিল বিশ্ব অভিলেখ স্থাপন কৰা।

সেইবাবেই তেওঁ দিনে-ৰাতিয়ে ৰঙালাওটোৰ যত্ন লৈছিল। অৱশ্যে, স্কটে বিশ্ব ৰেকৰ্ডৰ পৰা মাত্ৰ অলপ দূৰত থাকি  সন্তুষ্ট থাকিব লগা হৈছিল। কিন্তু স্কটে ইয়াৰ বাবে অনুশোচনা নকৰে। যদিও তেওঁ বিশ্ব ৰেকৰ্ড কৰিব নোৱাৰিলে, তেওঁ উত্তৰ আমেৰিকাৰ আটাইতকৈ গধুৰ ৰঙালাওটো উৎপাদনৰ অভিলেখ গঢ়িছে। আৰু তাতেই তেওঁ সন্তুষ্ট।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পাঁচ বছৰত বন্ধ ২৩ সহস্রাধিক চৰকাৰী বিদ্যালয়
বেংক ঋণ জালিয়াতিৰ গোচৰ ! অনিল আম্বানিৰ বাসভৱনত চি বি আইৰ তালাচী
১৩ ছেপ্টেম্বৰত প্রধানমন্ত্রীয়ে উদ্বোধন কৰিব মিজোৰামৰ নতুন ৰে'লপথ
ডুৰাণ্ড কাপত নৰ্থ-ইষ্ট ইউনাইটেডৰ অভিলেখ
দুদিনীয়া ভ্রমণসূচীৰে বাংলাদেশত পাকিস্তানৰ উপ-প্রধানমন্ত্রী
৯০% মছজিদৰ ইমাম 'অচিনাকি' মানুহ, ৰাজ্যিক বিজেপিৰ মুখপাত্র মমিনুল আৱালৰ বিস্ফোৰণ
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ