--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৩-২৪ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত এপ্ৰিলৰ পৰা জুন মাহৰ ভিতৰত ভাৰতৰ  বিত্তীয় ঘাটি ৪.৫১ লাখ কোটি টকা হৈছে, যিটো চলিত বৰ্ষৰ বাবে চৰকাৰৰ বাৰ্ষিক অনুমানৰ ২৫.৩ শতাংশ। আনহাতে ২০২২-২৩ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত বিত্তীয় ঘাটি গোটেই বছৰটোৰ বাবে চৰকাৰৰ অনুমানৰ ২১.২ শতাংশ আছিল। অৰ্থাৎ চলিত বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত চৰকাৰৰ আৰ্থিক ঘাটি বৃদ্ধি হৈ পৰিছে। চলিত বিত্তীয় বৰ্ষত ১৭.৮৭ লাখ কোটি টকাৰ বিত্তীয় ঘাটি বজাই ৰখাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে চৰকাৰে।

হিচাপ নিয়ন্ত্ৰকে এই তথ্য প্ৰকাশ কৰিছে, যাৰ মতে এপ্ৰিলৰ পৰা জুন ত্ৰৈমাসিকত চৰকাৰৰ মুঠ ৰাজহ ৫.৯৯ লাখ কোটি টকা, ইয়াৰে ৪,৩৩,৬২০ কোটি টকা কৰ ৰাজহ আৰু ১,৫৪,৯৬৮ কোটি টকা অ-কৰ ৰাজহ। আনহাতে ঋণহীন মূলধনী লাভৰ পৰা ১০,৭০৩ কোটি টকা লাভ কৰা হৈছে। ঋণহীন মূলধনী লাভৰ ভিতৰত ঋণ আদায়ৰ পৰা ৬,৪৬৮ কোটি টকা আৰু অন্যান্য মূলধনী লাভৰ পৰা ৪,২৩৫ কোটি টকা অন্তৰ্ভুক্ত কৰা হৈছে। এই কৰত তেওঁলোকৰ অংশ অনুযায়ী কেন্দ্রীয় চৰকাৰে ৰাজ্য চৰকাৰক ২,৩৫,৫৬০ কোটি টকা হস্তান্তৰ কৰিছে৷ যিটো যোৱা বছৰৰ তুলনাত ৯৩,৭৮৫ কোটি টকা বেছি।

চৰকাৰৰ মুঠ ব্যয় হৈছে ১০.৫১ লাখ কোটি টকা। যিটো এই বছৰৰ বাবে চৰকাৰৰ বাজেট অনুমানৰ ২৩.৩ শতাংশ। ইয়াৰে ৭,৭২,১৮১ কোটি টকা ৰাজহ একাউণ্টত আৰু ২,৭৮,৪৮০ কোটি টকা মূলধনী একাউণ্টত ব্যয় কৰা হৈছে। ৰাজহ ব্যয়ত ২,৪৩,৭০৫ কোটি টকা সুত পৰিশোধৰ বাবে আৰু ৮৭,০৩৫ কোটি টকা ৰাজসাহায্যৰ বাবে ব্যয় কৰা হৈছে।

আৰ বি আইৰ উদ্বৃত্তৰ পৰা ৮৭,৪১৬ কোটি টকা কেন্দ্ৰীয় চৰকাৰলৈ হস্তান্তৰ কৰা হৈছে, যাৰ বাবে চৰকাৰৰ অ-কৰ ৰাজহত তাৰতম্য আহি পৰিছে। চলিত বৰ্ষৰ বাজেট দাখিল কৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছিল যে বিগত বিত্তীয় বৰ্ষৰ ৬.৪ শতাংশৰ পৰা এই বিত্তীয় বৰ্ষত জিডিপিৰ ৫.৯ শতাংশলৈ বিত্তীয় ঘাটি হ্ৰাস কৰাৰ লক্ষ্য লৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ