--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৩-২৪ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত এপ্ৰিলৰ পৰা জুন মাহৰ ভিতৰত ভাৰতৰ  বিত্তীয় ঘাটি ৪.৫১ লাখ কোটি টকা হৈছে, যিটো চলিত বৰ্ষৰ বাবে চৰকাৰৰ বাৰ্ষিক অনুমানৰ ২৫.৩ শতাংশ। আনহাতে ২০২২-২৩ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত বিত্তীয় ঘাটি গোটেই বছৰটোৰ বাবে চৰকাৰৰ অনুমানৰ ২১.২ শতাংশ আছিল। অৰ্থাৎ চলিত বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত চৰকাৰৰ আৰ্থিক ঘাটি বৃদ্ধি হৈ পৰিছে। চলিত বিত্তীয় বৰ্ষত ১৭.৮৭ লাখ কোটি টকাৰ বিত্তীয় ঘাটি বজাই ৰখাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে চৰকাৰে।

হিচাপ নিয়ন্ত্ৰকে এই তথ্য প্ৰকাশ কৰিছে, যাৰ মতে এপ্ৰিলৰ পৰা জুন ত্ৰৈমাসিকত চৰকাৰৰ মুঠ ৰাজহ ৫.৯৯ লাখ কোটি টকা, ইয়াৰে ৪,৩৩,৬২০ কোটি টকা কৰ ৰাজহ আৰু ১,৫৪,৯৬৮ কোটি টকা অ-কৰ ৰাজহ। আনহাতে ঋণহীন মূলধনী লাভৰ পৰা ১০,৭০৩ কোটি টকা লাভ কৰা হৈছে। ঋণহীন মূলধনী লাভৰ ভিতৰত ঋণ আদায়ৰ পৰা ৬,৪৬৮ কোটি টকা আৰু অন্যান্য মূলধনী লাভৰ পৰা ৪,২৩৫ কোটি টকা অন্তৰ্ভুক্ত কৰা হৈছে। এই কৰত তেওঁলোকৰ অংশ অনুযায়ী কেন্দ্রীয় চৰকাৰে ৰাজ্য চৰকাৰক ২,৩৫,৫৬০ কোটি টকা হস্তান্তৰ কৰিছে৷ যিটো যোৱা বছৰৰ তুলনাত ৯৩,৭৮৫ কোটি টকা বেছি।

চৰকাৰৰ মুঠ ব্যয় হৈছে ১০.৫১ লাখ কোটি টকা। যিটো এই বছৰৰ বাবে চৰকাৰৰ বাজেট অনুমানৰ ২৩.৩ শতাংশ। ইয়াৰে ৭,৭২,১৮১ কোটি টকা ৰাজহ একাউণ্টত আৰু ২,৭৮,৪৮০ কোটি টকা মূলধনী একাউণ্টত ব্যয় কৰা হৈছে। ৰাজহ ব্যয়ত ২,৪৩,৭০৫ কোটি টকা সুত পৰিশোধৰ বাবে আৰু ৮৭,০৩৫ কোটি টকা ৰাজসাহায্যৰ বাবে ব্যয় কৰা হৈছে।

আৰ বি আইৰ উদ্বৃত্তৰ পৰা ৮৭,৪১৬ কোটি টকা কেন্দ্ৰীয় চৰকাৰলৈ হস্তান্তৰ কৰা হৈছে, যাৰ বাবে চৰকাৰৰ অ-কৰ ৰাজহত তাৰতম্য আহি পৰিছে। চলিত বৰ্ষৰ বাজেট দাখিল কৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছিল যে বিগত বিত্তীয় বৰ্ষৰ ৬.৪ শতাংশৰ পৰা এই বিত্তীয় বৰ্ষত জিডিপিৰ ৫.৯ শতাংশলৈ বিত্তীয় ঘাটি হ্ৰাস কৰাৰ লক্ষ্য লৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু