--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰৰ ঘটনা আন ৰাজ্যৰ সৈতে তুলনা কৰিব নোৱাৰি বা আন ৰাজ্যৰ প্ৰসংগ  উল্লেখ কৰি বিচাৰ কৰিবও নোৱাৰি। ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে মণিপুৰ সম্পৰ্কীয় এটা গোচৰৰ শুনানিৰ সময়ত এনেদৰে কয়।  শীৰ্ষ ন্যায়ালয়ে পূৰ্বে  কৈছিল যে   সোমবাৰে কেন্দ্ৰৰ ছয় মাহৰ ভিতৰত চিবিআই তদন্ত সম্পূৰ্ণ কৰাৰ আৰু গোচৰটোৰ তদন্ত আন ঠাইলৈ স্থানান্তৰ কৰাৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব। 

সেই মৰ্মে শুনানিৰ সময়ত এজন অধিবক্তাই পশ্চিম বংগ আৰু ৰাজস্থানত মহিলাৰ বিৰুদ্ধে হোৱা হিংসাৰ কথা উল্লেখ কৰে। কিন্তু এনে মন্তব্যৰ উত্তৰত মণিপুৰৰ ঘটনাৰ প্ৰকৃতি বেলেগ বুলি মুখ্য ন্যায়াধীশে স্পষ্টভাবে কয়। সোমবাৰৰ শুনানিৰ সময়ত ভাদেনকাৰীয়ে আদালতক কৈছিল যে তেওঁলোকৰ চিবিআই তদন্তৰ ওপৰত বিশ্বাস নাই। ইয়াৰ বিপৰীতে তেওঁলোকে  তদন্তৰ বাবে এটা  দল গঠন কৰিবলৈ দাবী জনায়।  মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত  বিচাৰপীঠে কয় যে আদালতৰ নিৰীক্ষণত থকা  কৰা তদন্তত আপত্তি কৰাৰ কোনো থল  নাই। মণিপুৰত ন্তন কৰি পেৰেড কৰোৱা মহিলাদুগৰাকীয়ে তেওঁলোকৰ নাম যাতে কোনো কাৰণতে প্ৰকাশ কৰা নহয় তাৰ বাবে শীৰ্ষ আদালতত আন এখন আবেদনো দাখিল কৰিছিল।

 শুনানিৰ সময়ত,মুখ্য ন্যায়াধীশে  লক্ষ্য কৰিছিল যে মণিপুৰত যৌন নিৰ্যাতনৰ এয়াএ কমাত্ৰ উদাহৰণ নহয়। গৃহ সচিবে দাখিল কৰা শপতনামা সন্দৰ্ভত তেওঁ কয়, "শপতনামাখনত কোৱা হৈছে যে ৰাজ্যখনত এনে ধৰণৰ বহু ঘটনা সংঘটিত হৈছে। তেওঁ এটৰ্নি জেনেৰেলক সুধিছিল যে ৩ মে'ত ৰাজ্যখনত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পিছত মহিলাৰ বিৰুদ্ধে হিংসাৰ কিমানটা অভিযোগ পঞ্জীয়ন কৰা হৈছে। অধিবক্তা কপিল চিবালে আদালতত ভুক্তভোগী মহিলাদুগৰাকীৰ হৈ হাজিৰ হৈছিল। 
চিবালে এইকথা  স্পষ্ট কৰি দিয়ে  যে চৰকাৰৰ ওচৰত মণিপুৰত যৌন নিৰ্যাতনৰ   কোনো সঠিক  তথ্য নাই।  তেওঁ ভুক্তভোগী মহিলা দুগৰাকীয়ে চিবিআই তদন্ত নিবিচাৰে বুলিও কয়।

 ঘটনাসন্দৰ্ভত তেওঁ কয়, "এয়া স্পষ্ট যে আৰক্ষীয়ে অপৰাধীসকলৰ সৈতে সহযোগিতা কৰিছে। ইয়াৰ পাছতো আমি ৰাজ্য চৰকাৰক কেনেকৈ বিশ্বাস কৰিব পাৰোঁ?" ভুক্তভোগীসকলে তেওঁলোকৰ গোচৰটো  অসমলৈ স্থানান্তৰিত নকৰিবলৈও  আহ্বান জনায়। ইপিনে উচ্চতম ন্যায়ালয়ত কেন্দ্ৰৰ হৈ হাজিৰ থকা  ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে চৰকাৰে গোচৰটো  অসমলৈ স্থানান্তৰ কৰিব বিচাৰে। তেওঁ কয়, "আদালতে য'তেই কয় তদন্ত চলিব পাৰে।"

উল্লেখ্য ৪ মে'ত মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা ৩৫ কিলোমিটাৰ দূৰত থকা কাংপোকপি জিলাত দুগৰাকী  মহিলাক বিবস্ত্ৰা কৰি খোজকঢ়াই  নিয়াৰ অভিযোগ উত্থাপিত হৈছিল। ভুক্তভোগী মহিলা দুগৰাকীয়ে কৈছিল যে তেওঁলোকক এখন পথাৰলৈ লৈ যোৱা হৈছিল আৰু দলবদ্ধভাবে ধৰ্ষণ কৰা হৈছিল। এই সন্দৰ্ভত বহু দিন আগতেই আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হৈছিল। কিন্তু আৰক্ষী ইমান দিন ধৰি নিষ্ক্ৰিয় হৈ আছিল। কেইদিনমান আগতে ঘটনাটোৰ এটা ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে বিষয়টোৱে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। ২৬ ছেকেণ্ডৰ ভিডিঅ'টো প্ৰকাশ  হোৱাৰ লগে লগে সমগ্ৰ দেশতে এক আলোড়নৰ সৃষ্টি হয়। মণিপুৰৰ ঘটনাটোক বিভিন্ন মহলে গৰিহণা দিয়াৰ লগতে দোষীক কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ঘটনাটোক গৰিহণা দিছিল। ঘটনাটোত জড়িত অভিযুক্তসকলক  গ্ৰেপ্তাৰ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু