--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰৰ ঘটনা আন ৰাজ্যৰ উল্লেখ কৰি বিচাৰ কৰিব নোৱাৰি। এটা গোচৰৰ শুনানিৰ সময়ত দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদে এইদৰে কয়। মণিপুৰৰ কাণ্ড সম্পৰ্কে নতুনকৈ আৱেদন লৈ আদালতৰ কাষ চাপিছিল দুই ভুক্তভোগীয়ে। 

উচ্চতম ন্যায়ালয়ে ইতিমধ্যে জনাইছিল যে ৬ মাহৰ ভিতৰত চিবিআইৰ তদন্ত সম্পূৰ্ণ কৰি এই ঘটনাৰ তদন্ত প্ৰক্ৰিয়া হস্তান্তৰ কৰিবলৈ কেন্দ্ৰৰ অনুৰোধ সোমবাৰে শুনানি গ্ৰহণ কৰা হ’ব।

এই গোচৰৰ শুনানিৰ সময়ত এজন অধিবক্তাই পশ্চিমবংগ আৰু ৰাজস্থানৰ মহিলাৰ ওপৰত হোৱা হিংসাৰ বিষয়টোৰ কথা উল্লেখ কৰে। কিন্তু মুখ্য ন্যায়াধীশগৰাকীয়ে মণিপুৰৰ ঘটনাৰ স্বৰূপ বেলেগ বুলি মন্তব্য কৰে।

সোমবাৰৰ শুনানিত দুয়োগৰাকী ভুক্তভোগীয়ে আদালতত কয় যে চিবিআইৰ তদন্তৰ ওপৰত তেওঁলোকৰ কোনো আস্থা নাই। ইয়াৰ বিপৰীতে আদালতৰ পৰ্যবেক্ষণত ঘটনাৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল গঠন কৰিবলৈ অনুৰোধ জনায়।

সোমবাৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদৰ নেতৃত্বত বিচাৰপীঠত অনুষ্ঠিত হোৱা প্ৰশ্নোত্তৰ অধিৱেশনৰ সময়ত কেন্দ্ৰই কয় যে আদালতৰ তত্বাৱধানত তদন্ত হ’লে তেওঁলোকৰ কোনো আপত্তি নাই। নাম প্ৰকাশ নকৰাৰ উপৰিও মণিপুৰৰ ভুক্তভোগী দুগৰাকীয়ে উচ্চতম ন্যায়ালয়ত আন এখন আৱেদন দাখিল কৰে।

ভুক্তভোগীৰ হৈ আদালতত হাজিৰ হয় অধিবক্তা কপিল ছিবাল। তেওঁ কয়, ‘এই সন্দৰ্ভত চৰকাৰৰ হাতত কোনো তথ্য নাই।’ চিবালে স্পষ্ট কৰি দিয়ে যে তেওঁলোকে চিবিআইৰ তদন্ত নিবিচাৰে। ঘটনা সন্দৰ্ভত তেওঁ কয়, ‘অপৰাধীক আৰক্ষীয়ে সহযোগিতা আগবঢ়োৱাটো স্পষ্ট। ইয়াৰ পিছতো আমি ৰাজ্য চৰকাৰক কেনেকৈ বিশ্বাস কৰিম?”

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী