--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰোধী শিবিৰৰ একাংশ নেতালৈ এপ’লে সতৰ্কবাণী প্ৰেৰণ কৰাৰ বিষয়টোকলৈ সৰব হৈ পৰিছে বিৰোধী। মোদী চৰকাৰৰ বিৰুদ্ধে বিৰোধী নেতাসকলৰ আইফোন 'হেক' কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছত বিৰোধী সাংসদসকলে বিষয়টো সংসদীয় সমিতিত  আলোচনাৰ দাবী জনায়। কংগ্ৰেছ, টিএমচি আৰু চিপিআই(এম)কে ধৰি বিৰোধী সাংসদসকলে আজি এই বিষয়টো তথ্য প্ৰযুক্তি বিষয়ক সংসদীয় স্থায়ী সমিতিত আলোচনা কৰিবলৈ দাবী জনায়। এপ’ল কোম্পানীৰ প্ৰতিনিধিসকলকো তালৈ মাতিব লাগিব বুলি বিৰোধীয়ে দাবী জনায়।

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই  বিষয়টো সজোৰে  উত্থাপন কৰিছে।কলকাতাত  এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী মমতাই কয়, "পাঁচ-ছয়জন সাংসদৰ ফোন হেক কৰা হৈছে। সকলোকে জাননী প্ৰেৰণ কৰা হৈছে। মই এয়া  ক'বলৈও লাজ পাওঁ, বাহিৰৰ লোকসকলে আমাৰ দেশৰ বিষয়ে কি ভাবে? বাহিৰৰ কোনোবাই আমাৰ কথা শুনি আছে। তেওঁলোকে কি ভাবে? এয়া আমাৰ মাতৃভূমি। মই দেশৰ স্বাৰ্থৰ বিষয়ে চিন্তা কৰি চুপ থাকোঁ। আমি যিমান পাৰোঁ সহ্য কৰিম নেকি? '' উল্লেখ্য আইফোন নিৰ্মাতা এপ’লে দেশৰ বহু বিৰোধী নেতা আৰু সাংবাদিকলৈ এটা সতৰ্কবাৰ্তা প্ৰেৰণ কৰিছে বুলি খবৰ বিয়পি পৰিছিল। এপলে মহুৱা মৈত্ৰ, শশী থাৰুৰকে ধৰি বহুতো বিৰোধী দলৰ নেতালৈ এনে  সতৰ্কবাণী প্ৰেৰণ কৰিছে। এপ’লৰ এনে কাৰ্যৰ পিছতে কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সদস্য পৱন খেৰাই কৈছে - মৰমৰ মোদী চৰকাৰ, আপোনালোকে  এনে কিয় কৰি আছে?

প্ৰযুক্তি প্ৰতিষ্ঠান এপ’লে মঙলবাৰে  বিৰোধী নেতা আৰু সাংবাদিকলৈ সতৰ্কবাৰ্তা প্ৰেৰণ কৰি কৈছে  যে তেওঁলোকৰ  আইফোনটো " আক্ৰমণকাৰী"ৰ  লক্ষ্য হৈ পৰিছে। বাৰ্তাটোত কোৱা হৈছে "এপ’লে বিশ্বাস কৰে যে আপোনাৰ এপ’ল আইডিৰ সৈতে সংযোজিত আইফোনটো  চৰকাৰে পৃষ্ঠপোষকতা কৰা  আক্ৰমণকাৰীৰ জৰিয়তে দূৰৈৰ পৰাই  নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰা হৈছে।এই আক্ৰমণকাৰীসকলে আপোনাক ব্যক্তিগতভাৱে ফোন কৰিছে।  তেওঁলোকে আপোনাৰ সংবেদনশীল ডাটা, যোগাযোগ, আনকি কেমেৰা আৰু মাইক্ৰ'ফোন  দূৰৈৰ পৰাই নিয়ন্ত্ৰণ কৰিব পাৰে।  এই সতৰ্কবাণী গুৰুত্ব সহকাৰে লওক।"

 বিৰোধী নেতাসকলে নিজেই এই বিষয়ে তথ্য দিছে।ৰাজনীতিকৰ  উপৰি  একাংশ সাংবাদিকেও এপ’লৰ জৰিয়তে এনে সতৰ্কবাৰ্তা লাভ কৰিছে  বুলি জানিব পৰা গৈছে। এপ’লৰ জৰিয়তে সতৰ্ক কৰা নেতাসকলৰ ভিতৰত আছে টিএমচিৰ সাংসদ মহুৱা মৈত্ৰ, কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সদস্য পৱন খেৰা, শিৱসেনা (ইউবিটি)ৰ নেতা তথা ৰাজ্যসভাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদী, সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱ, কংগ্ৰেছ সাংসদ শশী থাৰুৰ, চিপিআই-এম নেতা সীতাৰাম য়েচুৰী, আপৰ সাংসদ ৰাঘৱ চাদ্ধা। 

ইয়াৰ উপৰি, এআইএমআইএমৰ মুৰব্বী আসাদুদ্দিন ৱাইচিলৈও এনে এক সতৰ্কবাণী প্ৰেৰণ কৰা হৈছে।এনে ঘটনাৰ পিছতে কংগ্ৰেছ নেতা পৱন খেৰাই ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে , "মৰমৰ মোদী চৰকাৰ, আপোনালোকে  এনে কিয় কৰি আছে?" সমাজবাদী পাৰ্টিৰ নেতা আই পি সিঙে কৈছে  যে অখিলেশ যাদৱেও এপ’লৰ জৰিয়তে এনে  এটা সতৰ্কবাৰ্তা লাভ কৰিছে। তেওঁ কৈছে যে বিৰোধী নেতাসকলৰ গোপনীয়তাৰ ওপৰত এই আক্ৰমণ অতি ভয়ংকৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু