--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰোধী শিবিৰৰ একাংশ নেতালৈ এপ’লে সতৰ্কবাণী প্ৰেৰণ কৰাৰ বিষয়টোকলৈ সৰব হৈ পৰিছে বিৰোধী। মোদী চৰকাৰৰ বিৰুদ্ধে বিৰোধী নেতাসকলৰ আইফোন 'হেক' কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছত বিৰোধী সাংসদসকলে বিষয়টো সংসদীয় সমিতিত  আলোচনাৰ দাবী জনায়। কংগ্ৰেছ, টিএমচি আৰু চিপিআই(এম)কে ধৰি বিৰোধী সাংসদসকলে আজি এই বিষয়টো তথ্য প্ৰযুক্তি বিষয়ক সংসদীয় স্থায়ী সমিতিত আলোচনা কৰিবলৈ দাবী জনায়। এপ’ল কোম্পানীৰ প্ৰতিনিধিসকলকো তালৈ মাতিব লাগিব বুলি বিৰোধীয়ে দাবী জনায়।

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই  বিষয়টো সজোৰে  উত্থাপন কৰিছে।কলকাতাত  এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী মমতাই কয়, "পাঁচ-ছয়জন সাংসদৰ ফোন হেক কৰা হৈছে। সকলোকে জাননী প্ৰেৰণ কৰা হৈছে। মই এয়া  ক'বলৈও লাজ পাওঁ, বাহিৰৰ লোকসকলে আমাৰ দেশৰ বিষয়ে কি ভাবে? বাহিৰৰ কোনোবাই আমাৰ কথা শুনি আছে। তেওঁলোকে কি ভাবে? এয়া আমাৰ মাতৃভূমি। মই দেশৰ স্বাৰ্থৰ বিষয়ে চিন্তা কৰি চুপ থাকোঁ। আমি যিমান পাৰোঁ সহ্য কৰিম নেকি? '' উল্লেখ্য আইফোন নিৰ্মাতা এপ’লে দেশৰ বহু বিৰোধী নেতা আৰু সাংবাদিকলৈ এটা সতৰ্কবাৰ্তা প্ৰেৰণ কৰিছে বুলি খবৰ বিয়পি পৰিছিল। এপলে মহুৱা মৈত্ৰ, শশী থাৰুৰকে ধৰি বহুতো বিৰোধী দলৰ নেতালৈ এনে  সতৰ্কবাণী প্ৰেৰণ কৰিছে। এপ’লৰ এনে কাৰ্যৰ পিছতে কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সদস্য পৱন খেৰাই কৈছে - মৰমৰ মোদী চৰকাৰ, আপোনালোকে  এনে কিয় কৰি আছে?

প্ৰযুক্তি প্ৰতিষ্ঠান এপ’লে মঙলবাৰে  বিৰোধী নেতা আৰু সাংবাদিকলৈ সতৰ্কবাৰ্তা প্ৰেৰণ কৰি কৈছে  যে তেওঁলোকৰ  আইফোনটো " আক্ৰমণকাৰী"ৰ  লক্ষ্য হৈ পৰিছে। বাৰ্তাটোত কোৱা হৈছে "এপ’লে বিশ্বাস কৰে যে আপোনাৰ এপ’ল আইডিৰ সৈতে সংযোজিত আইফোনটো  চৰকাৰে পৃষ্ঠপোষকতা কৰা  আক্ৰমণকাৰীৰ জৰিয়তে দূৰৈৰ পৰাই  নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰা হৈছে।এই আক্ৰমণকাৰীসকলে আপোনাক ব্যক্তিগতভাৱে ফোন কৰিছে।  তেওঁলোকে আপোনাৰ সংবেদনশীল ডাটা, যোগাযোগ, আনকি কেমেৰা আৰু মাইক্ৰ'ফোন  দূৰৈৰ পৰাই নিয়ন্ত্ৰণ কৰিব পাৰে।  এই সতৰ্কবাণী গুৰুত্ব সহকাৰে লওক।"

 বিৰোধী নেতাসকলে নিজেই এই বিষয়ে তথ্য দিছে।ৰাজনীতিকৰ  উপৰি  একাংশ সাংবাদিকেও এপ’লৰ জৰিয়তে এনে সতৰ্কবাৰ্তা লাভ কৰিছে  বুলি জানিব পৰা গৈছে। এপ’লৰ জৰিয়তে সতৰ্ক কৰা নেতাসকলৰ ভিতৰত আছে টিএমচিৰ সাংসদ মহুৱা মৈত্ৰ, কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সদস্য পৱন খেৰা, শিৱসেনা (ইউবিটি)ৰ নেতা তথা ৰাজ্যসভাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদী, সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱ, কংগ্ৰেছ সাংসদ শশী থাৰুৰ, চিপিআই-এম নেতা সীতাৰাম য়েচুৰী, আপৰ সাংসদ ৰাঘৱ চাদ্ধা। 

ইয়াৰ উপৰি, এআইএমআইএমৰ মুৰব্বী আসাদুদ্দিন ৱাইচিলৈও এনে এক সতৰ্কবাণী প্ৰেৰণ কৰা হৈছে।এনে ঘটনাৰ পিছতে কংগ্ৰেছ নেতা পৱন খেৰাই ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে , "মৰমৰ মোদী চৰকাৰ, আপোনালোকে  এনে কিয় কৰি আছে?" সমাজবাদী পাৰ্টিৰ নেতা আই পি সিঙে কৈছে  যে অখিলেশ যাদৱেও এপ’লৰ জৰিয়তে এনে  এটা সতৰ্কবাৰ্তা লাভ কৰিছে। তেওঁ কৈছে যে বিৰোধী নেতাসকলৰ গোপনীয়তাৰ ওপৰত এই আক্ৰমণ অতি ভয়ংকৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ