--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন কৃতবিদ্য ভাৰতীয়!যাৰ মহৎ কৰ্মই সমগ্ৰ দেশবাসীৰ মৰম আৰু শ্ৰদ্ধা বুটলিবলৈ সক্ষম হৈছে৷দেশৰ আগশাৰীৰ আই টি কোম্পানী এইচ চি এল টেকন’লজিছৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ শিৱ নাদৰে ভাৰতৰ সৰ্ববৃহৎ দানবীৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। ২০২৩-২৩ বিত্তীয় বৰ্ষত শিৱ নাদৰে ২০৪২ কোটি টকা অনুদান আগবঢ়াইছে, যিটো পূৰ্বৰ বিত্তীয় বৰ্ষৰ তুলনাত ৭৬ শতাংশ অধিক।

বিজনেছ ষ্টেণ্ডাৰ্ডৰ প্ৰতিবেদন অনুসৰি EdelGive Hurun India Philanthropy List ২০২৩ অনুসৰি শিৱ নাদৰ ২০৪২ কোটি টকা দান কৰি দেশৰ আটাইতকৈ দানবীৰ হিচাপে পৰিগণিত হৈছে। ২০২২-২৩ বিত্তীয় বৰ্ষত তেওঁ প্ৰতিদিনে গড়ে ৫.৬ কোটি টকা অনুদান আগবঢ়াইছে। শিৱ নাদাৰৰ পাছতে দ্বিতীয় স্থানত উইপ্ৰ’ৰ আজিম প্ৰেমজী। ২০২২-২৩ বৰ্ষত তেওঁ মুঠ ১৭৭৪ কোটি টকা অনুদান আগবঢ়াইছে। যিটো ২০২১-২২ বিত্তীয় বৰ্ষতকৈ ২৬৭ শতাংশ বেছি।

অনুদানৰ ক্ষেত্ৰত তৃতীয় স্থানত আছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানী। তেওঁ ৰিলায়েন্স ফাউণ্ডেশ্যনৰ জৰিয়তে ৩৭৬ কোটি টকা আগবঢ়াইছে। জিৰোধাৰ নিখিল কামাথ হৈ পৰিছে কনিষ্ঠতম দাতা। দ্বাদশ স্থানত থকা তেখেতে ১১২ কোটি টকাৰ অনুদান আগবঢ়াইছে। মহিলা দানকাৰীৰ ভিতৰত প্ৰথম স্থানত থকা ৰোহিনী নিলেকানীয়ে ১৭০ কোটি টকাৰ অনুদান আগবঢ়াইছে। EdelGive Hurun India Philanthropy List ২০২৩ অনুসৰি তেওঁৰ স্থান দশম।

ৰোহিনী নিলেকানীৰ বাহিৰেও যদি আন দাতব্য মহিলাৰ নাম উল্লেখ কৰোঁ তেন্তে অনু আগা আৰু লীনা গান্ধীয়ে ২৩ কোটি টকা অনুদান আগবঢ়াইছে আৰু দুয়োজনেই ৪০ আৰু ৪১ নম্বৰ স্থানত আছে। মুঠ দাতাৰ ভিতৰত ৭ গৰাকী মহিলা দাতা।

২০২২-২৩ বিত্তীয় বৰ্ষত ১১৯ জন উদ্যোগপতিয়ে ৫ কোটি টকা বা তাতকৈ অধিক ধন আগবঢ়াইছে। আৰু এই সকলোবোৰৰ অনুদান যদি যোগ দিওঁ তেন্তে এই ধনৰাশি ৮৪৪৫ কোটি টকা। এই পৰিমাণ ২০২১-২২ চনৰ তুলনাত ৫৯ শতাংশ বেছি। ২০২২-২৩ চনত ১৪ জন ভাৰতীয়ই ১০০ কোটিতকৈ অধিক ধন আগবঢ়াইছে৷আনহাতে ১২ জন লোকে ৫০ কোটি টকা আগবঢ়াইছে।তদুপৰি ৪৭ গৰাকী উদ্যোগয়ে ২০ কোটি টকা আগবঢ়াইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু