--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন কৃতবিদ্য ভাৰতীয়!যাৰ মহৎ কৰ্মই সমগ্ৰ দেশবাসীৰ মৰম আৰু শ্ৰদ্ধা বুটলিবলৈ সক্ষম হৈছে৷দেশৰ আগশাৰীৰ আই টি কোম্পানী এইচ চি এল টেকন’লজিছৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ শিৱ নাদৰে ভাৰতৰ সৰ্ববৃহৎ দানবীৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। ২০২৩-২৩ বিত্তীয় বৰ্ষত শিৱ নাদৰে ২০৪২ কোটি টকা অনুদান আগবঢ়াইছে, যিটো পূৰ্বৰ বিত্তীয় বৰ্ষৰ তুলনাত ৭৬ শতাংশ অধিক।

বিজনেছ ষ্টেণ্ডাৰ্ডৰ প্ৰতিবেদন অনুসৰি EdelGive Hurun India Philanthropy List ২০২৩ অনুসৰি শিৱ নাদৰ ২০৪২ কোটি টকা দান কৰি দেশৰ আটাইতকৈ দানবীৰ হিচাপে পৰিগণিত হৈছে। ২০২২-২৩ বিত্তীয় বৰ্ষত তেওঁ প্ৰতিদিনে গড়ে ৫.৬ কোটি টকা অনুদান আগবঢ়াইছে। শিৱ নাদাৰৰ পাছতে দ্বিতীয় স্থানত উইপ্ৰ’ৰ আজিম প্ৰেমজী। ২০২২-২৩ বৰ্ষত তেওঁ মুঠ ১৭৭৪ কোটি টকা অনুদান আগবঢ়াইছে। যিটো ২০২১-২২ বিত্তীয় বৰ্ষতকৈ ২৬৭ শতাংশ বেছি।

অনুদানৰ ক্ষেত্ৰত তৃতীয় স্থানত আছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানী। তেওঁ ৰিলায়েন্স ফাউণ্ডেশ্যনৰ জৰিয়তে ৩৭৬ কোটি টকা আগবঢ়াইছে। জিৰোধাৰ নিখিল কামাথ হৈ পৰিছে কনিষ্ঠতম দাতা। দ্বাদশ স্থানত থকা তেখেতে ১১২ কোটি টকাৰ অনুদান আগবঢ়াইছে। মহিলা দানকাৰীৰ ভিতৰত প্ৰথম স্থানত থকা ৰোহিনী নিলেকানীয়ে ১৭০ কোটি টকাৰ অনুদান আগবঢ়াইছে। EdelGive Hurun India Philanthropy List ২০২৩ অনুসৰি তেওঁৰ স্থান দশম।

ৰোহিনী নিলেকানীৰ বাহিৰেও যদি আন দাতব্য মহিলাৰ নাম উল্লেখ কৰোঁ তেন্তে অনু আগা আৰু লীনা গান্ধীয়ে ২৩ কোটি টকা অনুদান আগবঢ়াইছে আৰু দুয়োজনেই ৪০ আৰু ৪১ নম্বৰ স্থানত আছে। মুঠ দাতাৰ ভিতৰত ৭ গৰাকী মহিলা দাতা।

২০২২-২৩ বিত্তীয় বৰ্ষত ১১৯ জন উদ্যোগপতিয়ে ৫ কোটি টকা বা তাতকৈ অধিক ধন আগবঢ়াইছে। আৰু এই সকলোবোৰৰ অনুদান যদি যোগ দিওঁ তেন্তে এই ধনৰাশি ৮৪৪৫ কোটি টকা। এই পৰিমাণ ২০২১-২২ চনৰ তুলনাত ৫৯ শতাংশ বেছি। ২০২২-২৩ চনত ১৪ জন ভাৰতীয়ই ১০০ কোটিতকৈ অধিক ধন আগবঢ়াইছে৷আনহাতে ১২ জন লোকে ৫০ কোটি টকা আগবঢ়াইছে।তদুপৰি ৪৭ গৰাকী উদ্যোগয়ে ২০ কোটি টকা আগবঢ়াইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সিদ্ধান্ত; শৈক্ষিক দিনপঞ্জীৰ ‘থীম’ হ’ব জুবিন গাৰ্গ
বিশ্ব কাপত ইৰানৰ সলনি ইটালি!
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান