--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সোমবাৰে গভীৰ নিশা লক্ষ্ণৌত অৱস্থিত প্ৰাচীন আনন্দী মাতা মন্দিৰৰ তলা ভাঙি চোৰে প্ৰৱেশ কৰি ৰূপালী মুকুট, সোণৰ গহনা আৰু নগদ ধন চুৰি কৰে। পুৱা ঘটনা সন্দৰ্ভত ব্যৱসায়ীসকলে আৰম্ভ কৰে আন্দোলন। আৰক্ষীক অঞ্চলটোত টহল নিদিয়াৰ অভিযোগ কৰি হুলস্থুলৰ সৃষ্টি কৰে। ঘটনাৰ প্ৰকৃত তদন্ত নোহোৱাৰ পৰ্যন্ত ব্যৱসায়ীসকলে ধৰ্ণাত বহিব বুলিও তেওঁলোকে উল্লেখ কৰে। 

আৰক্ষী বিষয়াসকলে ব্যৱসায়ীসকলক বুজাই শান্ত কৰিবলৈ চেষ্টা কৰিছিল যদিও ব্যৱসায়ীসকলে একমত নহ’ল৷ হুলস্থুলৰ খবৰ পাই প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী ড০ দীনেশ শৰ্মা আৰু বিধায়ক আশুতোষ টণ্ডন উপস্থিত হয়। মন্দিৰৰ পুৰোহিত শিৱ কুমাৰ অৱস্থীয়ে জনোৱা মতে, 'মঙলবাৰে পুৱা মন্দিৰৰ দুৱাৰ খুলিবলৈ হাত আগবঢ়োৱাৰ সময়ত তলাটো ভাঙি যায়। ওচৰতে এটা ইটা পৰি আছিল। আমি ভিতৰলৈ গৈ দেখো যে মাতাজীৰ ৰূপালী মুকুট, সোণৰ হাৰ আৰু অন্যান্য সামগ্ৰী নোহোৱা হৈ গৈছিল। দানৰ বাকচটো ভাঙি থোৱাৰ অৱস্থাত আছিল। সকলো বিশৃংখল হৈ পৰিছিল।'

পৰবৰ্তী সময়ত ঘটনা সন্দৰ্ভত সকলো তথ্য মন্দিৰ সমিতিৰ বিষয়ববীয়া উৎকৰ্ষ আগৰৱালাক দিয়া হয়। তেওঁ পুলিচক ফোন কৰি উক্ত ঘটনাটো অৱগত কৰে। অলপ সময়ৰ ভিতৰতে আৰক্ষী আৰু কাউন্সিলাৰ অন্নু মিশ্ৰ, ব্যৱসায়ী ড০ ৰাজপাল বৰ্মা, অনুৰাগ ৰস্তোগীকে ধৰি বহু সংখ্যক লোক উপস্থিত হয়। এই ঘটনাত ক্ষুব্ধ হৈ ব্যৱসায়ীসকলে আৰক্ষীয়ে অঞ্চলটোত টহল নিদিয়াৰ অভিযোগ উত্থাপন কৰে। 

jagran

ইন্সপেক্টৰ প্ৰশান্ত মিশ্ৰ আৰু আৰক্ষী বিষয়াই ব্যৱসায়ীসকলক বুজাই দি শান্ত কৰিবলৈ চেষ্টা কৰিছিল যদিও তেওঁলোকে একমত নহ’ল। ঘটনা ফাদিল নোহোৱা পৰ্যন্ত ব্যৱসায়ীসকলে ধৰ্ণাত বহিব বুলি উল্লেখ কৰে। এই হুলস্থুলৰ তথ্যত প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী ড০ দীনেশ শৰ্মা, বিধায়ক আশুতোষ টণ্ডন উপস্থিত হয়। তেওঁ ক্ষুব্ধ ব্যৱসায়ীসকলক বুজাই শান্ত কৰিলে। মন্দিৰটোত আৰু পথটোত স্থাপন কৰা চি চি কেমেৰাৰ ওপৰত তদাৰক কৰা হৈছে বুলিও পৰিদৰ্শক গৰাকীয়ে জানিবলৈ দিয়ে। শীঘ্ৰেই চোৰকেইটাক গ্ৰেপ্তাৰ কৰি ঘটনা উন্মোচিত কৰা হ’ব বুলি আশ্বাস দিয়ে।

শেহতীয়া খবৰ অনুসৰি আনন্দী মাতা মন্দিৰত চুৰি কৰি থকা সন্দেহযুক্ত যুৱক চি চি কেমেৰাত ধৰা পৰিছে। বগা চাৰ্ট আৰু নীলা পেণ্ট পিন্ধা এজন যুৱকে মন্দিৰত সংঘটিত কৰিছিল চুৰি। চিচিটিভিৰ ফুটেজৰ ভিত্তিত যুৱকজনৰ বয়স ৩০-৩২ বছৰ বুলি কোৱা হৈছে। বৰ্তমান আৰক্ষীয়ে এই যুৱকজনৰ সন্ধান আৰম্ভ কৰিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিদায় বৎসলা! এছিয়াৰ আটাইতকৈ বয়সীয়াল হাতী বৎসলা আৰু নাই
ৰাজনীতিত ভৰি দি বৃহৎ লোকচানৰ সন্মুখীন ইলন মাস্ক
সন্ত্ৰাসবাদীক লৈ পাকিস্তানৰ মুখা খুলিলে মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড তাহাউৰ ৰানাই
দালাই লামাক ভাৰত ৰত্ন প্ৰদানৰ দাবী ৮০ সাংসদৰ
বহুদিন ধৰি কঁপি আছিল!  গুজৰাটৰ শোকাৱহ দলং দুৰ্ঘটনা অৱহেলাৰে ফল নেকি?
ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তৃতীয় টেষ্টত খেলিব বুমৰাহে
কঁঠাল খাওক, লাভ কৰিব আচৰিত উপকাৰিতা
ৰাজা ৰঘুবংশীৰ ভগ্নীৰ বিৰুদ্ধে গুৱাহাটী আৰক্ষীৰ গোচৰ ৰুজু
আমৃখোৱাত বিহ দি কপৌ নিধন কৰা কৃষকক জে'ললৈ
সৰ্পবান্ধৱ সৌৰভ বৰকটকীৰ উদ্যোগত ৰাজ্যজুৰি বহু ঔষধি গুণৰ নাগচম্পাৰ পুলি ৰোপণৰ অভিযান
অস্তিত্বৰ গৰাহত জোনাইৰ কবু চাপৰি বন ঘৰচীয়া ঘোঁৰা
জুন মাহত জিলাভেদে ৭৭% পৰ্যন্ত কম বৰষুণ, খৰাঙৰ আশংকা
হাত নথকাকৈ জন্ম হ’ল শিশু কন্যা, শিশুটিক চাবলৈ হাস্পতালত মানুহৰ ভিৰ
বার্মিংহামত লং জাম্পত সোণ জয় ৰিম্পী বুঢ়াগোহাঁইৰ