--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভূপালত লিভ-ইনত থকা এগৰাকী বিউটিচিয়ানৰ সন্দেহজনক পৰিস্থিতিত মৃত্যু হৈছে। বিউটিচিয়ানগৰাকী ছিকিমৰ বুলি জানিব পৰা গৈছে। যুৱতীগৰাকীৰ মৃতদেহত কাঁচ আৰু চুৰীৰ আঘাত দেখিবলৈ পোৱা গৈছে। তেওঁৰ প্ৰেমিকগৰাকীয়ে এয়া আত্মহত্যা বুলি অভিহিত কৰিছে। এনে অৱস্থাত এয়া হত্যা নে আত্মহত্যা তাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

অতিৰিক্ত ডিচিপি ৰাজেশ ভদৌৰিয়াই কয়, ‘বিউটিচিয়ান প্ৰেমা লাম্বা তামাং মূলতঃ ছিকিমৰ আছিল। এমাহ ধৰি ভূপালৰ ল’ৰা এটাৰ লগত তেওঁ লিভ-ইনত আছিল।’’ আৰক্ষীয়ে কৰা জেৰাত মৃত ছোৱালীজনীৰ প্ৰেমিকজনে কয়, "শনিবাৰে নিশা আমি দুয়ো মদ খাইছিলো। ইফালে মোৰ ম'বাইলত আন এগৰাকী ছোৱালীৰ ফোন আহিল আৰু মই তাইৰ লগত কথা পাতিবলৈ ধৰিলোঁ। এই কথাটোকে লৈ তেওঁ মোৰ লগত কাজিয়া কৰে। প্ৰেমাই মোক আক্ৰমণো কৰিছিল আৰু ঘৰৰ বস্তুবোৰ দলিয়াই ভাঙি পেলাইছিল। নিচাৰ কোবত প্ৰেমা অনিয়ন্ত্ৰিত হৈ পৰিছিল।"

লগতে প্ৰেমিকজনে কয়, “ফোনত কথা পাতি থাকোঁতে মই আন এটা ৰুমলৈ গুচি গৈছিলোঁ। অলপ পিছত যেতিয়া মই ওলাই আহি দেখো যে, কাঁচৰ বটল আৰু চুৰীৰে প্ৰেমাই নিজকে আঘাত কৰিছিল। প্ৰেমাক চিকিৎসালয়লৈ লৈ যাও যদিও চিকিৎসাৰ সময়তে তেওঁৰ মৃত্যু হয়।’’

উল্লেখ্য যে প্ৰেমাই আগতে ৰোহিত নগৰৰ এখন বিউটি পাৰ্লাৰত কাম কৰিছিল। ছ’চিয়েল মিডিয়াৰ জৰিয়তে শ্বাহদলৰ বাসিন্দা হৰ্ষ কেশৰৱানীৰ সৈতে বন্ধুত্ব গঢ় লৈ উঠিছিল প্ৰেমাৰ। ইয়াৰ পিছত দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক হৈছিল। শেহতীয়াকৈ দুয়োজনে ইন্দ্ৰপুৰী অঞ্চলত ভাড়াতীয়া ফ্লেট এটা লৈ লিভ-ইনত থাকিবলৈ আৰম্ভ কৰিছিল। বৰ্তমান আৰক্ষীয়ে বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে। পোষ্টমৰ্টেমৰ ৰিপ’ৰ্ট পোৱাৰ পাছতহে পৰৱৰ্তী তদন্তৰ সিদ্ধান্ত ল’ব আৰক্ষীয়ে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু