--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভূপালত লিভ-ইনত থকা এগৰাকী বিউটিচিয়ানৰ সন্দেহজনক পৰিস্থিতিত মৃত্যু হৈছে। বিউটিচিয়ানগৰাকী ছিকিমৰ বুলি জানিব পৰা গৈছে। যুৱতীগৰাকীৰ মৃতদেহত কাঁচ আৰু চুৰীৰ আঘাত দেখিবলৈ পোৱা গৈছে। তেওঁৰ প্ৰেমিকগৰাকীয়ে এয়া আত্মহত্যা বুলি অভিহিত কৰিছে। এনে অৱস্থাত এয়া হত্যা নে আত্মহত্যা তাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

অতিৰিক্ত ডিচিপি ৰাজেশ ভদৌৰিয়াই কয়, ‘বিউটিচিয়ান প্ৰেমা লাম্বা তামাং মূলতঃ ছিকিমৰ আছিল। এমাহ ধৰি ভূপালৰ ল’ৰা এটাৰ লগত তেওঁ লিভ-ইনত আছিল।’’ আৰক্ষীয়ে কৰা জেৰাত মৃত ছোৱালীজনীৰ প্ৰেমিকজনে কয়, "শনিবাৰে নিশা আমি দুয়ো মদ খাইছিলো। ইফালে মোৰ ম'বাইলত আন এগৰাকী ছোৱালীৰ ফোন আহিল আৰু মই তাইৰ লগত কথা পাতিবলৈ ধৰিলোঁ। এই কথাটোকে লৈ তেওঁ মোৰ লগত কাজিয়া কৰে। প্ৰেমাই মোক আক্ৰমণো কৰিছিল আৰু ঘৰৰ বস্তুবোৰ দলিয়াই ভাঙি পেলাইছিল। নিচাৰ কোবত প্ৰেমা অনিয়ন্ত্ৰিত হৈ পৰিছিল।"

লগতে প্ৰেমিকজনে কয়, “ফোনত কথা পাতি থাকোঁতে মই আন এটা ৰুমলৈ গুচি গৈছিলোঁ। অলপ পিছত যেতিয়া মই ওলাই আহি দেখো যে, কাঁচৰ বটল আৰু চুৰীৰে প্ৰেমাই নিজকে আঘাত কৰিছিল। প্ৰেমাক চিকিৎসালয়লৈ লৈ যাও যদিও চিকিৎসাৰ সময়তে তেওঁৰ মৃত্যু হয়।’’

উল্লেখ্য যে প্ৰেমাই আগতে ৰোহিত নগৰৰ এখন বিউটি পাৰ্লাৰত কাম কৰিছিল। ছ’চিয়েল মিডিয়াৰ জৰিয়তে শ্বাহদলৰ বাসিন্দা হৰ্ষ কেশৰৱানীৰ সৈতে বন্ধুত্ব গঢ় লৈ উঠিছিল প্ৰেমাৰ। ইয়াৰ পিছত দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক হৈছিল। শেহতীয়াকৈ দুয়োজনে ইন্দ্ৰপুৰী অঞ্চলত ভাড়াতীয়া ফ্লেট এটা লৈ লিভ-ইনত থাকিবলৈ আৰম্ভ কৰিছিল। বৰ্তমান আৰক্ষীয়ে বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে। পোষ্টমৰ্টেমৰ ৰিপ’ৰ্ট পোৱাৰ পাছতহে পৰৱৰ্তী তদন্তৰ সিদ্ধান্ত ল’ব আৰক্ষীয়ে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement