--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মুম্বাইৰ ৰাজপথত ফুচকা বিক্ৰী কৰাৰ পৰা টীম ইণ্ডিয়াৰ ক্ৰিকেটাৰ হোৱালৈকে যোৱা কেইবছৰমানৰ পৰা যশস্বী জয়ছৱালে অবিশ্বাস্য ৰূপত নিজকে এই ঠাইলৈ লৈ আহিছে। প্ৰথম টেষ্ট মেচত ১৭১ ৰান সংগ্ৰহ কৰাই নহয়, মেচখনৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ হিচাপেও নিৰ্বাচিত হয়। স্বাভাৱিকতে মেচৰ পিছত আৱেগক নিয়ন্ত্ৰণ কৰাটো সম্ভৱ নহ’ল। আত্মবিশ্বাসী তৰুণ তাৰকাগৰাকীয়ে ইয়াৰ মাজতে ক’লে- ''এয়া আৰম্ভণি। এতিয়াও বহু কাম বাকী আছে।’’

শনিবাৰে খেলখনৰ পিছতে বিচিচিআইয়ে এটা চুটি ভিডিঅ’ প্ৰকাশ কৰে। মেন অৱ দ্য মেচৰ বঁটা লৈ হোটেলৰ কোঠাত প্ৰৱেশ কৰি আছিল যশস্বীয়ে। তাৰ মুখত হাঁহি। সেই ভিডিঅ’টোত তেওঁ কয়, '‘অভিষেক টেষ্টত মেন অৱ দ্য মেচৰ বঁটা লাভ কৰি ভাল লাগিছে। দীঘলীয়া যাত্ৰাৰ মাজেৰে আহিছো। বৰ সুখী হৈছো। ভৱিষ্যতে মোৰ বাবে কি আছে দেখা যাওক। মই মাত্ৰ মোৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ আৰম্ভ কৰিছো। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে আগন্তুক দিনতো মইও ভাল খেলিব পাৰো। মই এইদৰে কঠোৰ পৰিশ্ৰম কৰিব বিচাৰো আৰু দলৰ জয়ত অৰিহণা যোগাব বিচাৰো।’’

হোটেলৰ কোঠাত প্ৰৱেশ কৰাৰ পাছত যসাস্বীয়ে ট্ৰফীটো টেবুলত থৈ বাকীসকলক ধন্যবাদ জনায়। ক'লে, "মই সকলোকে ধন্যবাদ দিব বিচাৰো। মোৰ বাবে ই এক অতি স্মৰণীয় মুহূৰ্ত। ভগৱানক ধন্যবাদ। মোৰ কাষত থিয় দিয়া সকলোকে ধন্যবাদ।”

মেন অফ দ্য মেচৰ বঁটা লাভ কৰাৰ সময়তে য়াছাছৱীয়ে নিজৰ অনুভৱ ব্যক্ত কৰে। তাৰ পাছত তেওঁ ক’লে, “আমি বহুত ভালকৈ প্ৰস্তুতি চলাইছিলোঁ। ৰাহুল দ্ৰাবিড় ছাৰৰ লগত বহু কথা পাতিলোঁ আৰু শিকিলোঁ। আমাৰ ওপৰত বিশ্বাস ৰখাৰ বাবে নিৰ্বাচক আৰু অধিনায়ক ৰোহিত শৰ্মালৈ এক ডাঙৰ ধন্যবাদ। তেওঁলোকৰ পৰামৰ্শ মোৰ বৰ ভাল লাগে। ভাৰতৰ হৈ টেষ্ট খেলাৰ অনুভৱ বেলেগ। মাত্ৰ আৰম্ভ কৰিলোঁ আগন্তুক দিনতো মই কঠোৰ পৰিশ্ৰম কৰিব লাগিব।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ