--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৯৫০ চনৰ ছুপাৰষ্টাৰ ভাৰত ভূষণক বহুতে সেই সময়ৰ অন্যতম শ্ৰেষ্ঠ অভিনেতা হিচাপে গণ্য কৰিছিল। ১৯৫০ৰ দশকত ভাৰত ভূষণ ভাৰতৰ ৰোমান্টিক হাৰ্ট থ্ৰব আছিল আৰু তেওঁ ব্যাপক অনুৰাগীৰ মৰম লাভ কৰিছিল। ৰাজ কাপুৰ, দেৱ আনন্দ আৰু দিলীপ কুমাৰৰ দৰে ছুপাৰষ্টাৰৰ উপস্থিতি স্বত্বেও হিন্দী চিনেমাত নিজৰ বাবে এটা স্থান খোদিত কৰাত সফল হৈছিল ভাৰত ভূষণ। ভাৰত ভূষণে নিজৰ কেৰিয়াৰত ৩০খনতকৈও অধিক ছবিত কাম কৰিছিল আৰু বাইজু বাৱৰা (১৯৫২), আনন্দ মঠ (১৯৫২), মিৰ্জা গালিব (১৯৫৪) আৰু মুড় মুড় কে না দেখ (১৯৬০) আদি কেইবাখনো হিট ছবি দৰ্শকক উপহাৰ দিছিল।

কিন্তু, ভাৰত ভূষণে সফলতা চম্ভালিব নোৱাৰিলে আৰু সেই সময়ৰ অন্যতম ধনী অভিনেতা হোৱাৰ পাছতো ভাৰত ভূষণে নিজৰ সকলো ধন হেৰুৱাই অতি দৰিদ্ৰতাত মৃত্যুবৰণ কৰে।

ভাৰত ভূষণে অৱশ্যে বাইজু বাৱৰাৰ পাছত লাভ কৰা বিশাল সফলতা আৰু চেলিব্ৰিটিৰ মৰ্যাদা চম্ভালিব নোৱাৰিলে। অভিনেতাগৰাকীয়ে ভাতৃৰ সৈতে প্ৰডাকচনত প্ৰৱেশ কৰাৰ সিদ্ধান্ত লয় আৰু ব্যাপক আৰ্থিক লোকচানৰ সন্মুখীন হ’বলগীয়া হয়। খবৰ অনুসৰি ভূষণ কেৰিয়াৰৰ শিখৰত বলীউডৰ অন্যতম ধনী অভিনেতা আছিল যদিও তেওঁ দেউলীয়া হৈ পৰে। শশী কাপুৰ, ৰাজেশ খান্না, ধৰ্মেন্দ্ৰৰ দৰে তাৰকাৰ আৱিৰ্ভাৱৰ পিছত ভাৰত ভূষণৰ কেৰিয়াৰৰ অন্ত পৰে। ভাৰত ভূষণে নিজৰ বেছিভাগ সম্পত্তি বিক্ৰী কৰি চাৱলত থাকিবলৈ আৰম্ভ কৰিলে। ছুপাৰষ্টাৰগৰাকীয়ে কিছুমান ছবিত কনিষ্ঠ শিল্পী হিচাপেও কাম কৰিছিল৷ মুম্বাইৰ কেইবাটাও বাংলোৰ মালিক আছিল ভাৰত ভূষণ। আগতে বিলাসী গাড়ীৰে যাত্ৰা কৰিছিল অভিনেতাজনে। কিন্তু তেওঁৰ পতন আৰম্ভ হৈছিল তেওঁ প্ৰযোজক হোৱাৰ পাছত। টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি জুৱা খেলতো ভাৰত ভূষণে বহু ধন আৰু সম্পত্তি হেৰুৱাইছিল। ১৯৯২ চনৰ ২৭ জানুৱাৰীত ৭২ বছৰ বয়সত ভাৰত ভূষণৰ মৃত্যু হয়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ