--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৯৫০ চনৰ ছুপাৰষ্টাৰ ভাৰত ভূষণক বহুতে সেই সময়ৰ অন্যতম শ্ৰেষ্ঠ অভিনেতা হিচাপে গণ্য কৰিছিল। ১৯৫০ৰ দশকত ভাৰত ভূষণ ভাৰতৰ ৰোমান্টিক হাৰ্ট থ্ৰব আছিল আৰু তেওঁ ব্যাপক অনুৰাগীৰ মৰম লাভ কৰিছিল। ৰাজ কাপুৰ, দেৱ আনন্দ আৰু দিলীপ কুমাৰৰ দৰে ছুপাৰষ্টাৰৰ উপস্থিতি স্বত্বেও হিন্দী চিনেমাত নিজৰ বাবে এটা স্থান খোদিত কৰাত সফল হৈছিল ভাৰত ভূষণ। ভাৰত ভূষণে নিজৰ কেৰিয়াৰত ৩০খনতকৈও অধিক ছবিত কাম কৰিছিল আৰু বাইজু বাৱৰা (১৯৫২), আনন্দ মঠ (১৯৫২), মিৰ্জা গালিব (১৯৫৪) আৰু মুড় মুড় কে না দেখ (১৯৬০) আদি কেইবাখনো হিট ছবি দৰ্শকক উপহাৰ দিছিল।

কিন্তু, ভাৰত ভূষণে সফলতা চম্ভালিব নোৱাৰিলে আৰু সেই সময়ৰ অন্যতম ধনী অভিনেতা হোৱাৰ পাছতো ভাৰত ভূষণে নিজৰ সকলো ধন হেৰুৱাই অতি দৰিদ্ৰতাত মৃত্যুবৰণ কৰে।

ভাৰত ভূষণে অৱশ্যে বাইজু বাৱৰাৰ পাছত লাভ কৰা বিশাল সফলতা আৰু চেলিব্ৰিটিৰ মৰ্যাদা চম্ভালিব নোৱাৰিলে। অভিনেতাগৰাকীয়ে ভাতৃৰ সৈতে প্ৰডাকচনত প্ৰৱেশ কৰাৰ সিদ্ধান্ত লয় আৰু ব্যাপক আৰ্থিক লোকচানৰ সন্মুখীন হ’বলগীয়া হয়। খবৰ অনুসৰি ভূষণ কেৰিয়াৰৰ শিখৰত বলীউডৰ অন্যতম ধনী অভিনেতা আছিল যদিও তেওঁ দেউলীয়া হৈ পৰে। শশী কাপুৰ, ৰাজেশ খান্না, ধৰ্মেন্দ্ৰৰ দৰে তাৰকাৰ আৱিৰ্ভাৱৰ পিছত ভাৰত ভূষণৰ কেৰিয়াৰৰ অন্ত পৰে। ভাৰত ভূষণে নিজৰ বেছিভাগ সম্পত্তি বিক্ৰী কৰি চাৱলত থাকিবলৈ আৰম্ভ কৰিলে। ছুপাৰষ্টাৰগৰাকীয়ে কিছুমান ছবিত কনিষ্ঠ শিল্পী হিচাপেও কাম কৰিছিল৷ মুম্বাইৰ কেইবাটাও বাংলোৰ মালিক আছিল ভাৰত ভূষণ। আগতে বিলাসী গাড়ীৰে যাত্ৰা কৰিছিল অভিনেতাজনে। কিন্তু তেওঁৰ পতন আৰম্ভ হৈছিল তেওঁ প্ৰযোজক হোৱাৰ পাছত। টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি জুৱা খেলতো ভাৰত ভূষণে বহু ধন আৰু সম্পত্তি হেৰুৱাইছিল। ১৯৯২ চনৰ ২৭ জানুৱাৰীত ৭২ বছৰ বয়সত ভাৰত ভূষণৰ মৃত্যু হয়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু