--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বান্দৰৰ মাজত বন্ধুত্বৰ এক অনন্য দৃশ্য দেখা গ’ল ছত্তীশগড়ৰ কোটাত।এটা মৃত বান্দৰৰ সমাধিস্থ কৰা ঠাইখিনিত উপস্থিত থাকিল বৃহৎ সংখ্যক বান্দৰ। এই ঘটনাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। দৰাচলতে কোটাৰ সামাজিক সংগঠনসমূহে ডাক বাংলো চ’কত হাই ভল্টেজৰ তাঁৰৰ সংস্পৰ্শলৈ আহি এটা বান্দৰৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰিছিল। ইয়াৰ পাছত হিন্দু সংগঠনসমূহে বান্দৰৰ মৃতদেহটো তুলি লৈ শেষকৃত্যৰ বাবে লৈ যায়।

ভাইৰেল ভিডিঅ’টোত স্পষ্টকৈ দেখা গৈছে যে বান্দৰটোক গাঁত খান্দি সমাধিস্থ কৰা হৈছে। তাত বৃহৎ সংখ্যক বান্দৰ উপস্থিত হৈ অন্ত্যেষ্টিক্ৰিয়া চাই আছে।স্থানীয় ৰাইজে জনোৱা মতে, শেষকৃত্যৰ সমগ্ৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত বান্দৰবোৰে সেই ঠাই এৰি থৈ যায়। তেওঁলোকৰ সংগীৰ পৰা বিচ্ছেদৰ দুখ বান্দৰসমূহৰ মুখত স্পষ্টকৈ দেখা যায়৷ এই দৃশ্য দেখি সেই স্থানত উপস্থিত থকা লোকসকল আৱেগিক হৈ পৰে;তেওঁলোকে কয় যে তেওঁলোকে প্ৰথমবাৰৰ বাবে জীৱ-জন্তুৰ মাজত এনে মৰম দেখিছে। এই সময়ছোৱাত বান্দৰবোৰে কোনো ধৰণৰ উৎপাত কৰা নাছিল আৰু কোনো ধৰণৰ শব্দও কৰা নাছিল। সংগীৰ পৰা বিচ্ছেদৰ দুখ স্পষ্টকৈ দেখা গ’ল। তদুপৰি শেহতীয়াকৈ ইউ পিৰ আমৰোহৰ এটা ভিডিঅ’ ভাইৰেল হৈছিল। য’ত এজন বৃদ্ধৰ কফিনত আঁকোৱালি এটা বান্দৰে কান্দি আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ