--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বান্দৰৰ মাজত বন্ধুত্বৰ এক অনন্য দৃশ্য দেখা গ’ল ছত্তীশগড়ৰ কোটাত।এটা মৃত বান্দৰৰ সমাধিস্থ কৰা ঠাইখিনিত উপস্থিত থাকিল বৃহৎ সংখ্যক বান্দৰ। এই ঘটনাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। দৰাচলতে কোটাৰ সামাজিক সংগঠনসমূহে ডাক বাংলো চ’কত হাই ভল্টেজৰ তাঁৰৰ সংস্পৰ্শলৈ আহি এটা বান্দৰৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰিছিল। ইয়াৰ পাছত হিন্দু সংগঠনসমূহে বান্দৰৰ মৃতদেহটো তুলি লৈ শেষকৃত্যৰ বাবে লৈ যায়।

ভাইৰেল ভিডিঅ’টোত স্পষ্টকৈ দেখা গৈছে যে বান্দৰটোক গাঁত খান্দি সমাধিস্থ কৰা হৈছে। তাত বৃহৎ সংখ্যক বান্দৰ উপস্থিত হৈ অন্ত্যেষ্টিক্ৰিয়া চাই আছে।স্থানীয় ৰাইজে জনোৱা মতে, শেষকৃত্যৰ সমগ্ৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত বান্দৰবোৰে সেই ঠাই এৰি থৈ যায়। তেওঁলোকৰ সংগীৰ পৰা বিচ্ছেদৰ দুখ বান্দৰসমূহৰ মুখত স্পষ্টকৈ দেখা যায়৷ এই দৃশ্য দেখি সেই স্থানত উপস্থিত থকা লোকসকল আৱেগিক হৈ পৰে;তেওঁলোকে কয় যে তেওঁলোকে প্ৰথমবাৰৰ বাবে জীৱ-জন্তুৰ মাজত এনে মৰম দেখিছে। এই সময়ছোৱাত বান্দৰবোৰে কোনো ধৰণৰ উৎপাত কৰা নাছিল আৰু কোনো ধৰণৰ শব্দও কৰা নাছিল। সংগীৰ পৰা বিচ্ছেদৰ দুখ স্পষ্টকৈ দেখা গ’ল। তদুপৰি শেহতীয়াকৈ ইউ পিৰ আমৰোহৰ এটা ভিডিঅ’ ভাইৰেল হৈছিল। য’ত এজন বৃদ্ধৰ কফিনত আঁকোৱালি এটা বান্দৰে কান্দি আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক