--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : জেনেটিক মেটেৰিয়েল আৰএনএ ব্যৱহাৰ কৰি Covid ভেকচিন তৈয়াৰ কৰা হৈছিল আৰু গৱেষকসকলে আশাৰ ৰঙনি দেখিবলৈ পাইছিল যে এই এমআৰএনএ ভেকচিন ভৱিষ্যতে কেন্সাৰৰ বিৰুদ্ধেও উপযোগী হ’ব পাৰে। সেই আশাৰে ঔষধ কোম্পানী মডাৰ্নাৰ নতুন ভেকচিনৰ পৰীক্ষামূলক প্ৰয়োগ আৰম্ভ কৰা হৈছিল। ঔষধ নিৰ্মাতা কোম্পানীটোৱে প্ৰকাশ কৰা অনুসৰি তেওঁলোকৰ নতুনকৈ প্ৰস্তুত কৰা কেন্সাৰ প্ৰতিৰোধী এমআৰএনএ ভেকচিন ছালৰ কৰ্কট ৰোগৰ বিৰুদ্ধে সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল।

 মঙলবাৰে মডাৰ্নাৰ পৰা প্ৰকাশ পোৱা এক বিবৃতিত কোৱা হৈছিল যে এই নতুন ভেকচিনটো পৰীক্ষামূলকভাৱে মেলানোমা নামৰ একপ্ৰকাৰৰ ছালৰ কৰ্কট ৰোগত আক্ৰান্ত ৰোগীৰ চিকিৎসাত প্ৰয়োগ কৰা হৈছে। এই পৰীক্ষাত মুঠ ১৫০জন ৰোগীয়ে অংশগ্ৰহণ কৰিছিল। বিশেষকৈ এই কেন্সাৰৰ চিকিৎসাৰ বাবে এতিয়া পেম্ব্ৰ’লিজুমেব নামৰ একপ্ৰকাৰৰ ঔষধ ব্যৱহাৰ কৰা হৈছে। পৰীক্ষামূলক প্ৰয়োগত এই ঔষধৰ লগতে ৰোগীক এমআৰএনএ এন্টিব’ডি দিয়া হয়। সংস্থাৰ দাবী, এই পৰীক্ষাত উল্লেখযোগ্য সফলতা লাভ কৰা হৈছে। ভেকচিন গ্ৰহণ কৰাৰ পাছত কেন্সাৰৰ সুস্থ হোৱা আৰু ৰোগীৰ মৃত্যুৰ সম্ভাৱনা প্ৰায় ৪৪ শতাংশ হ্ৰাস পায়। সংস্থাটোৱে দাবী কৰিছে যে ভৱিষ্যতে তেওঁলোকে কেৱল ছালৰ বিৰুদ্ধে নহয়, অন্যান্য কেন্সাৰৰ বিৰুদ্ধেও এনে ভেকচিন তৈয়াৰ কৰাৰ চেষ্টা অব্যাহত ৰাখিব।

 প্ৰসংগক্ৰমে ক’ভিড-১৯ৰ আগমনৰ পূৰ্বে জিনীয় সামগ্ৰীৰ পৰা তৈয়াৰী এই ধৰণৰ ভেকচিন বৰ বেছি প্ৰচলিত নাছিল। Covid প্ৰতিৰোধৰ ক্ষেত্ৰত এই আধুনিক ভেকচিনৰ সফলতাই আশাৰ ৰেঙণি কঢ়িয়াই আনে। যদি এই ভেকচিন কেন্সাৰৰ বিৰুদ্ধেও সফল হয় তেন্তে কেন্সাৰৰ চিকিৎসাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন আশা কৰিব পাৰি।







 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক