--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : জেনেটিক মেটেৰিয়েল আৰএনএ ব্যৱহাৰ কৰি Covid ভেকচিন তৈয়াৰ কৰা হৈছিল আৰু গৱেষকসকলে আশাৰ ৰঙনি দেখিবলৈ পাইছিল যে এই এমআৰএনএ ভেকচিন ভৱিষ্যতে কেন্সাৰৰ বিৰুদ্ধেও উপযোগী হ’ব পাৰে। সেই আশাৰে ঔষধ কোম্পানী মডাৰ্নাৰ নতুন ভেকচিনৰ পৰীক্ষামূলক প্ৰয়োগ আৰম্ভ কৰা হৈছিল। ঔষধ নিৰ্মাতা কোম্পানীটোৱে প্ৰকাশ কৰা অনুসৰি তেওঁলোকৰ নতুনকৈ প্ৰস্তুত কৰা কেন্সাৰ প্ৰতিৰোধী এমআৰএনএ ভেকচিন ছালৰ কৰ্কট ৰোগৰ বিৰুদ্ধে সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল।

 মঙলবাৰে মডাৰ্নাৰ পৰা প্ৰকাশ পোৱা এক বিবৃতিত কোৱা হৈছিল যে এই নতুন ভেকচিনটো পৰীক্ষামূলকভাৱে মেলানোমা নামৰ একপ্ৰকাৰৰ ছালৰ কৰ্কট ৰোগত আক্ৰান্ত ৰোগীৰ চিকিৎসাত প্ৰয়োগ কৰা হৈছে। এই পৰীক্ষাত মুঠ ১৫০জন ৰোগীয়ে অংশগ্ৰহণ কৰিছিল। বিশেষকৈ এই কেন্সাৰৰ চিকিৎসাৰ বাবে এতিয়া পেম্ব্ৰ’লিজুমেব নামৰ একপ্ৰকাৰৰ ঔষধ ব্যৱহাৰ কৰা হৈছে। পৰীক্ষামূলক প্ৰয়োগত এই ঔষধৰ লগতে ৰোগীক এমআৰএনএ এন্টিব’ডি দিয়া হয়। সংস্থাৰ দাবী, এই পৰীক্ষাত উল্লেখযোগ্য সফলতা লাভ কৰা হৈছে। ভেকচিন গ্ৰহণ কৰাৰ পাছত কেন্সাৰৰ সুস্থ হোৱা আৰু ৰোগীৰ মৃত্যুৰ সম্ভাৱনা প্ৰায় ৪৪ শতাংশ হ্ৰাস পায়। সংস্থাটোৱে দাবী কৰিছে যে ভৱিষ্যতে তেওঁলোকে কেৱল ছালৰ বিৰুদ্ধে নহয়, অন্যান্য কেন্সাৰৰ বিৰুদ্ধেও এনে ভেকচিন তৈয়াৰ কৰাৰ চেষ্টা অব্যাহত ৰাখিব।

 প্ৰসংগক্ৰমে ক’ভিড-১৯ৰ আগমনৰ পূৰ্বে জিনীয় সামগ্ৰীৰ পৰা তৈয়াৰী এই ধৰণৰ ভেকচিন বৰ বেছি প্ৰচলিত নাছিল। Covid প্ৰতিৰোধৰ ক্ষেত্ৰত এই আধুনিক ভেকচিনৰ সফলতাই আশাৰ ৰেঙণি কঢ়িয়াই আনে। যদি এই ভেকচিন কেন্সাৰৰ বিৰুদ্ধেও সফল হয় তেন্তে কেন্সাৰৰ চিকিৎসাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন আশা কৰিব পাৰি।







 


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু