--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফিৰোজাবাদৰ এখন বিদ্যালয়ত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। শিৱম নামৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰজনক তেওঁৰেই সহপাঠীয়ে বুকুত গুৰুওৱাৰ ফলত ছাত্ৰ জনৰ থিতাতে মৃত্যু ঘটিছে।  ঘটনাটো ঘটিছে  ফিৰোজাবাদৰ কিষাণপুৰ গাঁৱৰ এখন বিদ্যালয়। শিৱমে তেওঁৰ সহপাঠীসকলৰ সৈতে কিবা বিষয়কলৈ  কথা পাতি আছিল।তেতিয়াই এজন সহপাঠীয়ে তেওঁৰ বুকুত গুৰিয়ায়। ফলত শিৱম মাটি বাগৰি পৰে। 

গুৰুতৰভাৱে আহত শিৱমক  বিদ্যালয় কৰ্তৃপক্ষই চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যায় যদিও  চিকিৎসালয়তে   তেওঁৰ মৃত্যু হয়। আৰক্ষীৰ মতে শিৱমৰ বয়স ৭ বছৰ হৈছিল। শিকোহাবাদ আৰক্ষী থানাৰ ষ্টেচন হাউচ অফিচাৰে  শিৱমৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।  মৰণোত্তৰ প্ৰতিবেদন পোৱাৰ পিছত এই বিষয়ত পিছত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তেওঁ কয়। 

আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত  তদন্ত আৰম্ভ কৰিছে। বিদ্যালয় কৰ্তৃপক্ষৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন হৈছে। বিদ্যালয় কৰ্তৃপক্ষকো এই সন্দৰ্ভত সোধা-পোছা কৰা হৈছে। আৰক্ষীয়ে প্ৰকৃততে সেই সময়ত কি ঘটিছিল সেয়া জানিবলৈ চেষ্টা কৰি আছে। জিলা দণ্ডাধীশ ৰবিৰঞ্জনে কয় যে প্ৰাথমিক শিক্ষা বিষয়া আশীষ পাণ্ডে আৰু শিকোহাবাদৰ উপ-বিভাগীয় দণ্ডাধীশ শিৱধ্যান পাণ্ডেই বিষয়টো চোৱা-চিতা কৰি আছে। এজন দ্বিতীয় শ্ৰেণীৰ ছাত্ৰৰ এনে শোকাৱহ মৃত্যুৱে সমগ্ৰ দেশতে শোকৰ ছাঁ পেলাইছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু