--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফিৰোজাবাদৰ এখন বিদ্যালয়ত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। শিৱম নামৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰজনক তেওঁৰেই সহপাঠীয়ে বুকুত গুৰুওৱাৰ ফলত ছাত্ৰ জনৰ থিতাতে মৃত্যু ঘটিছে।  ঘটনাটো ঘটিছে  ফিৰোজাবাদৰ কিষাণপুৰ গাঁৱৰ এখন বিদ্যালয়। শিৱমে তেওঁৰ সহপাঠীসকলৰ সৈতে কিবা বিষয়কলৈ  কথা পাতি আছিল।তেতিয়াই এজন সহপাঠীয়ে তেওঁৰ বুকুত গুৰিয়ায়। ফলত শিৱম মাটি বাগৰি পৰে। 

গুৰুতৰভাৱে আহত শিৱমক  বিদ্যালয় কৰ্তৃপক্ষই চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যায় যদিও  চিকিৎসালয়তে   তেওঁৰ মৃত্যু হয়। আৰক্ষীৰ মতে শিৱমৰ বয়স ৭ বছৰ হৈছিল। শিকোহাবাদ আৰক্ষী থানাৰ ষ্টেচন হাউচ অফিচাৰে  শিৱমৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।  মৰণোত্তৰ প্ৰতিবেদন পোৱাৰ পিছত এই বিষয়ত পিছত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তেওঁ কয়। 

আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত  তদন্ত আৰম্ভ কৰিছে। বিদ্যালয় কৰ্তৃপক্ষৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন হৈছে। বিদ্যালয় কৰ্তৃপক্ষকো এই সন্দৰ্ভত সোধা-পোছা কৰা হৈছে। আৰক্ষীয়ে প্ৰকৃততে সেই সময়ত কি ঘটিছিল সেয়া জানিবলৈ চেষ্টা কৰি আছে। জিলা দণ্ডাধীশ ৰবিৰঞ্জনে কয় যে প্ৰাথমিক শিক্ষা বিষয়া আশীষ পাণ্ডে আৰু শিকোহাবাদৰ উপ-বিভাগীয় দণ্ডাধীশ শিৱধ্যান পাণ্ডেই বিষয়টো চোৱা-চিতা কৰি আছে। এজন দ্বিতীয় শ্ৰেণীৰ ছাত্ৰৰ এনে শোকাৱহ মৃত্যুৱে সমগ্ৰ দেশতে শোকৰ ছাঁ পেলাইছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক