--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমানৰ যুগত ভূত-প্ৰেতৰ কথা কিবা সাধুকথা যেন হৈ পৰিছে৷ তথাপি কেতিয়াবা এনে কেতবোৰ ঘটনাও ঘটে যেতিয়া মানুহে এবাৰলৈও হ’লেও কথাবোৰ নতুনকৈ চিন্তা কৰিবলগীয়া হয়৷ নিশা যেতিয়া গভীৰ হয় তেতিয়াই বহুতৰে ঘৰত কলিং বেল বাজি উঠে। 

এনে ঘটনা  চুবুৰীটোৰ  প্ৰায় প্ৰতিটো ঘৰতে ঘটিছে। গৃহস্থই নাজানে সিমান ৰাতি  কোনে কলিং বেল বজাই আছে।বাহিৰলৈ চালে কেতিয়াবা চকামকাকৈ দেখা যায় এগৰাকী উলংগ নাৰীক৷  এনে ঘটনাকলৈ  গোটেই অঞ্চলটোত আতংকৰ সৃষ্টি হৈছে। আৰক্ষীয়ে  ৰহস্যটো সমাধান কৰিবলৈ উঠিপৰি লাগিছে৷ নগ্ন নাৰীয়ে নিশা কলিং বেল টিপাৰ ঘটনা ঘটি আহিছে উত্তৰ প্ৰদেশৰ ৰামপুৰত৷  বহুতে আনকি নিশা ৰাস্তাত এগৰাকী উলংগ নাৰীয়ে ঘূৰি ফুৰাও দেখা বুলি দাবী কৰিছে৷ বহুতৰে চিচিটিভি কেমেৰাত আনকি ধৰাও পৰিছে সেই উলংগ নাৰী৷  আৰক্ষীয়ে প্ৰতিটো ঘৰত কোনে কলিং বেল বজাই আছে সেই ৰহস্য উদ্ঘাটন কৰিবলৈ চেষ্টা চলাই আছে।

চিচিটিভি ফুটেজত আৰক্ষীয়ে দেখা পাইছে  যে প্ৰতিটো ঘৰৰ দুৱাৰত কলিং বেল বজাই নিৰুদ্দেশ হৈ থকা মহিলাগৰাকীৰ শৰীৰত কোনো কাপোৰ নাই। তেওঁ উলংগ হৈ ৰাতিৰ নিশা  কলিং বেল বজাই গৈছে। তাৰ পিছত, তেওঁ তাৰ পৰা অন্তৰ্ধান হয়। ঘটনাটোৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ ইফালে, মাজনিশা কলিং বেলৰ শব্দ শুনি অঞ্চলটোৰ বাসিন্দাসকলে দুৱাৰ  খোলাৰ পিছত কোনো লোকক  নেদেখি ভয় খাইছে। 

আৰক্ষীয়ে কৈছিল যে মহিলাগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত   হ’ব পাৰে। একে সময়তে, আৰক্ষীয়ে অনুৰোধ জনাইছে  যে যদি কোনোবাই মহিলাগৰাকীক লগ পায় তেন্তে  তেন্তে তেওঁক পোছাক পিন্ধাই  আৰক্ষী চকীলৈ লৈ আহে যেন৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু