--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমানৰ যুগত ভূত-প্ৰেতৰ কথা কিবা সাধুকথা যেন হৈ পৰিছে৷ তথাপি কেতিয়াবা এনে কেতবোৰ ঘটনাও ঘটে যেতিয়া মানুহে এবাৰলৈও হ’লেও কথাবোৰ নতুনকৈ চিন্তা কৰিবলগীয়া হয়৷ নিশা যেতিয়া গভীৰ হয় তেতিয়াই বহুতৰে ঘৰত কলিং বেল বাজি উঠে। 

এনে ঘটনা  চুবুৰীটোৰ  প্ৰায় প্ৰতিটো ঘৰতে ঘটিছে। গৃহস্থই নাজানে সিমান ৰাতি  কোনে কলিং বেল বজাই আছে।বাহিৰলৈ চালে কেতিয়াবা চকামকাকৈ দেখা যায় এগৰাকী উলংগ নাৰীক৷  এনে ঘটনাকলৈ  গোটেই অঞ্চলটোত আতংকৰ সৃষ্টি হৈছে। আৰক্ষীয়ে  ৰহস্যটো সমাধান কৰিবলৈ উঠিপৰি লাগিছে৷ নগ্ন নাৰীয়ে নিশা কলিং বেল টিপাৰ ঘটনা ঘটি আহিছে উত্তৰ প্ৰদেশৰ ৰামপুৰত৷  বহুতে আনকি নিশা ৰাস্তাত এগৰাকী উলংগ নাৰীয়ে ঘূৰি ফুৰাও দেখা বুলি দাবী কৰিছে৷ বহুতৰে চিচিটিভি কেমেৰাত আনকি ধৰাও পৰিছে সেই উলংগ নাৰী৷  আৰক্ষীয়ে প্ৰতিটো ঘৰত কোনে কলিং বেল বজাই আছে সেই ৰহস্য উদ্ঘাটন কৰিবলৈ চেষ্টা চলাই আছে।

চিচিটিভি ফুটেজত আৰক্ষীয়ে দেখা পাইছে  যে প্ৰতিটো ঘৰৰ দুৱাৰত কলিং বেল বজাই নিৰুদ্দেশ হৈ থকা মহিলাগৰাকীৰ শৰীৰত কোনো কাপোৰ নাই। তেওঁ উলংগ হৈ ৰাতিৰ নিশা  কলিং বেল বজাই গৈছে। তাৰ পিছত, তেওঁ তাৰ পৰা অন্তৰ্ধান হয়। ঘটনাটোৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ ইফালে, মাজনিশা কলিং বেলৰ শব্দ শুনি অঞ্চলটোৰ বাসিন্দাসকলে দুৱাৰ  খোলাৰ পিছত কোনো লোকক  নেদেখি ভয় খাইছে। 

আৰক্ষীয়ে কৈছিল যে মহিলাগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত   হ’ব পাৰে। একে সময়তে, আৰক্ষীয়ে অনুৰোধ জনাইছে  যে যদি কোনোবাই মহিলাগৰাকীক লগ পায় তেন্তে  তেন্তে তেওঁক পোছাক পিন্ধাই  আৰক্ষী চকীলৈ লৈ আহে যেন৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক