--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়া বলীউডত মাথোঁ ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিয়াৰ গুণগুণনি। জানিব পৰা মতে ১৭ এপ্ৰিলত হোমৰ জুইক সাক্ষী কৰি চিৰজীৱনলৈ এক হ'ব ৰণবীৰ-আলিয়া। মৰমতে অনুৰাগীসকলে এই প্ৰেমিকযুগলক নাম দিছে 'ৰণালিয়া'। এই মুহূৰ্তত প্ৰশ্ন উঠিছে যে আলিয়াই বিবাহৰ পিছত তেওঁৰ উপাধি সলনি কৰিব নে নাই? 

বিবাহৰ পাছত প্ৰতিজনী ছোৱালীৰ জীৱনত বহুতো পৰিৱৰ্তন আহি পৰে, সেয়া লাগিলে বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়েই নহওক কিয়। ৰণবীৰক বিয়া কৰাই আলিয়াৰ জীৱনো সলনি হ'ব বুলি ভাবিছে অনুৰাগীসকলে। সকলোৱে এতিয়া ভাবি আছে যে বিবাহৰ পাছত আলিয়াই তেওঁৰ উপাধি 'ভাট'ৰ পৰা 'কাপুৰ'লৈ সলনি কৰিব নে আলিয়াই তেওঁৰ পিতৃপদত্ত উপাধি লৈয়ে জীৱন বাটত আগবাঢ়িব? এক খবৰ বিয়পি পৰিছে যে ৰণবীৰক বিয়া কৰাৰ পাছত আলিয়াই কাপুৰ উপাধি লিখিব কিয়নো তেওঁৰ শাহু নীতু কাপুৰেও তেনে কৰিছিল। 

ঋষি কাপুৰক বিয়া কৰাই নীতু সিঙে তেওঁৰ নাম সলনি কৰি নীতু সিং কাপুৰ কৰিছে। শাহুৱেকৰ পথ অনুসৰণ কৰি আলিয়া ভাটেও নিজৰ নামৰ লগত কাপুৰ উপাধি সংযোজন কৰিবলৈ সাজু হৈছে। কিন্তু ৰণবীৰে বিচাৰে যে আলিয়াই নামটো যেনেকৈ আছে তেনেকৈয়ে ৰাখক। 

উল্লেখ্য যে বিবাহৰ পাছত বহু অভিনেত্ৰীয়ে নিজ স্বামীৰ উপাধি নামৰ লগত সংযোজন কৰিছে যেনে-ঐশ্বৰ্য ৰায় বচ্চন, কৰীণা কাপুৰ খান, প্ৰিয়ংকা চোপ্ৰা জোনাছ, সোনম কাপুৰ আহুজা, শিল্পা চেট্টী কুন্দ্ৰা আদি। গতিকে যদি আলিয়াইও এনে কৰে তেন্তে অনুৰাগীসকলৰ বাবে এইটো একেবাৰে আচৰিত হ'বলগীয়া খবৰ নহয়। নাম সলনি কৰক বা নকৰক আলিয়া যাতে সলনি নহয় তাকে আশা ৰাখিছে অনুৰাগীসকলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক