--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়া বলীউডত মাথোঁ ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিয়াৰ গুণগুণনি। জানিব পৰা মতে ১৭ এপ্ৰিলত হোমৰ জুইক সাক্ষী কৰি চিৰজীৱনলৈ এক হ'ব ৰণবীৰ-আলিয়া। মৰমতে অনুৰাগীসকলে এই প্ৰেমিকযুগলক নাম দিছে 'ৰণালিয়া'। এই মুহূৰ্তত প্ৰশ্ন উঠিছে যে আলিয়াই বিবাহৰ পিছত তেওঁৰ উপাধি সলনি কৰিব নে নাই? 

বিবাহৰ পাছত প্ৰতিজনী ছোৱালীৰ জীৱনত বহুতো পৰিৱৰ্তন আহি পৰে, সেয়া লাগিলে বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়েই নহওক কিয়। ৰণবীৰক বিয়া কৰাই আলিয়াৰ জীৱনো সলনি হ'ব বুলি ভাবিছে অনুৰাগীসকলে। সকলোৱে এতিয়া ভাবি আছে যে বিবাহৰ পাছত আলিয়াই তেওঁৰ উপাধি 'ভাট'ৰ পৰা 'কাপুৰ'লৈ সলনি কৰিব নে আলিয়াই তেওঁৰ পিতৃপদত্ত উপাধি লৈয়ে জীৱন বাটত আগবাঢ়িব? এক খবৰ বিয়পি পৰিছে যে ৰণবীৰক বিয়া কৰাৰ পাছত আলিয়াই কাপুৰ উপাধি লিখিব কিয়নো তেওঁৰ শাহু নীতু কাপুৰেও তেনে কৰিছিল। 

ঋষি কাপুৰক বিয়া কৰাই নীতু সিঙে তেওঁৰ নাম সলনি কৰি নীতু সিং কাপুৰ কৰিছে। শাহুৱেকৰ পথ অনুসৰণ কৰি আলিয়া ভাটেও নিজৰ নামৰ লগত কাপুৰ উপাধি সংযোজন কৰিবলৈ সাজু হৈছে। কিন্তু ৰণবীৰে বিচাৰে যে আলিয়াই নামটো যেনেকৈ আছে তেনেকৈয়ে ৰাখক। 

উল্লেখ্য যে বিবাহৰ পাছত বহু অভিনেত্ৰীয়ে নিজ স্বামীৰ উপাধি নামৰ লগত সংযোজন কৰিছে যেনে-ঐশ্বৰ্য ৰায় বচ্চন, কৰীণা কাপুৰ খান, প্ৰিয়ংকা চোপ্ৰা জোনাছ, সোনম কাপুৰ আহুজা, শিল্পা চেট্টী কুন্দ্ৰা আদি। গতিকে যদি আলিয়াইও এনে কৰে তেন্তে অনুৰাগীসকলৰ বাবে এইটো একেবাৰে আচৰিত হ'বলগীয়া খবৰ নহয়। নাম সলনি কৰক বা নকৰক আলিয়া যাতে সলনি নহয় তাকে আশা ৰাখিছে অনুৰাগীসকলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু