--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০১৯ চনৰ  মানহানিৰ গোচৰত চুৰাটৰ আদালতত আজি কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে দুখনকৈ আবেদন কৰে।  ইয়াৰে এখন আবেদন হৈছে জামিনৰ আবেদন । আদালতে ১৩ এপ্ৰিলত ৰাহুল গান্ধীৰ জামিনৰ আবেদনৰ শুনানিৰ দিন ধাৰ্য কৰে।  কংগ্ৰেছ নেতাজনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এক বিশেষ মন্তব্যৰ জড়িয়তে   অপমান কৰা বুলি উঠা অভিযোগৰ ভিত্তিত তৰা  মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰি দুবছৰৰ কাৰাদণ্ড বিহিছিল।

 ৰাহুল গান্ধীয়ে আজি জিলা দণ্ডাধীশৰ আদেশ বাতিল কৰিবলৈ চুৰাটৰ সত্ৰ আদালতত  আবেদন দাখিল কৰিছিল। উক্ত আবেদনৰ সৈতে তেওঁৰ বিৰুদ্ধে দিয়া ৰায় খাৰিজ কৰিবলৈও আন এখন আবেদন দাখিল কৰা হৈছিল। আদালতে আজি ৰাহুলৰ জামিন আবেদন খন গ্ৰহণ কৰি ১৩ এপ্ৰিলত শুনানি গ্ৰহণ কৰাৰ দিন থিৰাং কৰে।  যদি দ্বিতীয় খন আবেদন গ্ৰহণ কৰি আদালতে পূৰ্বৰ ৰায় নাকচ কৰে বা স্থগিতাদেশ জাৰি কৰে তেন্তে ৰাহুল গান্ধীয়ে পুনৰ তেওঁৰ সাংসদ পদ ঘূৰাই পাব পাৰে। 

প্ৰাক্তন কংগ্ৰেছ সভাপতিগৰাকীৰ ঘনিষ্ঠ সূত্ৰই কয় যে আজি আদালতত দোষী সাব্যস্ত হোৱাৰ বিষয়টোত অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰাৰ  বাবে অনুৰোধ জনাই আবেদন কৰা হৈছে।  
আজি ৰাহুল গান্ধীৰ সৈতে তেওঁৰ ভগ্নী প্ৰিয়ংকা গান্ধী ভাদ্ৰাও আছিল। কংগ্ৰেছ শাসিত তিনিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী - অশোক গেহলট, ভূপেশ বাঘেল আৰু সুখবিন্দৰ সিং সুখুও গান্ধীৰ  প্ৰতি "নৈতিক সমৰ্থন" জনাই  গুজৰাটত আছে।

উল্লেখ্য বিতৰ্কিত মন্তব্যৰ বাবে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীক আদালতে দুবছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰাৰ পিছতে তেওঁক  লোকসভাৰ পৰা অযোগ্য ঘোষণা কৰা হৈছিল । ফলত সাংসদ পদ খাৰিজ হৈছিল  ৰাহুল গান্ধীৰ ।ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰি লোকসভা সচিবালয়ে আজি জাৰি কৰা এক জাননীত কোৱা হৈছিল "কেৰালাৰ ৱায়ানাড সংসদীয় সমষ্টিক প্ৰতিনিধিত্ব কৰা লোকসভাৰ সদস্য  ৰাহুল গান্ধী  দোষী সাব্যস্ত হোৱাৰ তাৰিখ  অৰ্থাৎ ২৩  মাৰ্চ, ২০২৩ ৰ পৰা ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ১০২(১)(ই)ৰ ধাৰা ৮ ৰ ধাৰা , জনপ্ৰতিনিধিত্ব আইন ১৯৫১ৰ ধাৰা অধীনত তেওঁৰ সাংসদ পদ খাৰিজ কৰা হৈছে" ।

উল্লেখ্য মোদী মন্তব্যকলৈ গুজৰাটৰ আদালতে ৰাহুল গান্ধীক কালি দুবছৰৰ কাৰাদণ্ড বিহিছিল৷  শাস্তি ঘোষণাৰ পিছতে  ৰাহুল গান্ধীক  ব্যক্তিগত বণ্ডত জামিনো প্ৰদান কৰা হৈছিল।   দুবছৰৰ কাৰাদণ্ড লাভ কৰাৰ  পিছত ৰাহুল গান্ধীয়ে  সাংসদৰ পদ হেৰুৱাব পাৰে বুলি আলোচনা হৈছিল।  ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ  সময়ত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী  মোদীক উদ্দেশ্য  কৰি এটা বিশেষ মন্তব্য কৰিছিল। ২০১৯ ৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত কৰ্ণাটকৰ কলাৰত এখন  ৰেলীত ভাগ লৈ তদানীন্তন কংগ্ৰেছ সভাপতিগৰাকীয়ে কৈছিল, "নীৰৱ মোদী, ললিত মোদী, নৰেন্দ্ৰ মোদী। 

তেওঁলোকৰ প্ৰত্যেকৰে নামত মোদী উপাধি কিয় আছে? সকলো চোৰৰ নামত মোদী উপাধি  কিয় থাকে?" ৷ৰাহুলৰ  এই মন্তব্যৰ পিছতে   বিহাৰৰ তদানীন্তন উপ মুখ্যমন্ত্ৰী সুশীল মোদী আৰু চুৰাটৰ বিজেপি বিধায়ক পূৰ্ণেশ মোদীয়ে ৰাহুলৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল।সেই মানহানিৰ গোচৰটো চাৰি বছৰ ধৰি চুৰাটৰ আদালতত চলিথকাৰ পিছত আদালতে কালি ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড বিহিছিল। অৱশ্যে, শাস্তি ঘোষণা কৰাৰ পিছত তেওঁক ৩০  দিনৰ বাবে জামিন দিয়া হৈছিল। সেই মৰ্মে ২২ এপ্ৰিললৈকে ৰাহুল গান্ধীৰ জামিন বাহাল থাকিব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু