--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা নিগনি ধৰাৰ নামত কিমান খৰচ পৰিব পাৰে বাৰু? এয়া সঠিককৈ কোৱা টান। কিন্তু এই কথা জানি  হয়তো বহুতেই আচৰিত হ’ব যে এটা নিগনি ধৰিবলৈ খৰচ কৰা হৈছে ৪১ হাজাৰকৈ টকা। ঘটনাটো আচৰিত যেন লাগিলেও এই ঘটনা আমাৰ দেশতে ঘটিছে। শেহতীয়াকৈ তথ্য জনাৰ আইনৰ অধীনত এজন ব্যক্তিয়ে লাভ কৰা তথ্যত ওলাই পৰিছে যে ৰে’ল বিভাগে এটা নিগনি ধৰাৰ নামতে ৪১ হাজাৰকৈ টকা খৰচ কৰিছে।

এক আৰটিআই প্ৰশ্নৰ উত্তৰত উত্তৰ ৰে'লৱেই কৈছে যে উত্তৰ ৰে'লৱেৰ লক্ষ্ণৌ বিভাগে প্ৰতিটো নিগনি ধৰাৰ  বাবে প্ৰায় ৪১,০০০ টকা খৰচ কৰিছে।মধ্য প্ৰদেশৰ এজন আৰটিআই কৰ্মী চন্দ্ৰশেখৰে প্ৰশ্ন কৰিছিল যে নিগনি ধৰাৰ বাবে উত্তৰ ৰে’লৱেৰ কিমান খৰচ হৈছে। উত্তৰ ৰে’লৱেৰ লক্ষ্ণৌ বিভাগে ২০২০ ৰ পৰা ২০২২ চনৰ ভিতৰত ১৬৮ টা নিগনি ধৰিবলৈ ৬৯.৫ লাখ টকা ব্যয় কৰিছিল বুলি উত্তৰ প্ৰদান কৰিছে। সেই হিচাবত এটা নিগনি ধৰিবলৈ খৰচ কৰা হৈছিল ৪১ হাজাৰকৈ টকা।প্ৰতি বছৰে নিগনি ধৰাৰ বাবে ৰে’ল বিভাগে ২৩.২ লাখ টকা খৰচ কৰিছিল। 

বাকী কেইটা বছৰ মিলি ৰে’ল বিভাগৰ নিগনি ধৰাৰ নামত খৰচ হৈছিল ৬৯ লাখ টকা।আৰটিআইৰ উত্তৰ অনুসৰি, "মেচাৰ্ছ চেণ্ট্ৰেল ৱেৰহাউচিং কৰ্পোৰেচন, গোমতী নগৰ, লক্ষ্ণৌ"ক চুক্তিৰ ভিত্তিত ৰে’লত থকা  নিগনি ফান্দত পেলাবলৈ নিয়োগ কৰা হৈছিল। এই চুক্তিখন ২০১৯ চনৰ পৰা চলি আছে। আম্বালা বিভাগে লগতে কৈছে  যে এপ্ৰিল ২০২০ ৰ পৰা মাৰ্চ ২০২৩-ৰ ভিতৰত ৰে’ল বিভাগে  কীট নিয়ন্ত্ৰণ, নিগনি নিয়ন্ত্ৰণ আৰু ৰে’লত  ধূমপান প্ৰতিৰোধ কৰাৰ  বাবে ৩৯.৩  লাখ টকা ব্যয় কৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা