--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা নিগনি ধৰাৰ নামত কিমান খৰচ পৰিব পাৰে বাৰু? এয়া সঠিককৈ কোৱা টান। কিন্তু এই কথা জানি  হয়তো বহুতেই আচৰিত হ’ব যে এটা নিগনি ধৰিবলৈ খৰচ কৰা হৈছে ৪১ হাজাৰকৈ টকা। ঘটনাটো আচৰিত যেন লাগিলেও এই ঘটনা আমাৰ দেশতে ঘটিছে। শেহতীয়াকৈ তথ্য জনাৰ আইনৰ অধীনত এজন ব্যক্তিয়ে লাভ কৰা তথ্যত ওলাই পৰিছে যে ৰে’ল বিভাগে এটা নিগনি ধৰাৰ নামতে ৪১ হাজাৰকৈ টকা খৰচ কৰিছে।

এক আৰটিআই প্ৰশ্নৰ উত্তৰত উত্তৰ ৰে'লৱেই কৈছে যে উত্তৰ ৰে'লৱেৰ লক্ষ্ণৌ বিভাগে প্ৰতিটো নিগনি ধৰাৰ  বাবে প্ৰায় ৪১,০০০ টকা খৰচ কৰিছে।মধ্য প্ৰদেশৰ এজন আৰটিআই কৰ্মী চন্দ্ৰশেখৰে প্ৰশ্ন কৰিছিল যে নিগনি ধৰাৰ বাবে উত্তৰ ৰে’লৱেৰ কিমান খৰচ হৈছে। উত্তৰ ৰে’লৱেৰ লক্ষ্ণৌ বিভাগে ২০২০ ৰ পৰা ২০২২ চনৰ ভিতৰত ১৬৮ টা নিগনি ধৰিবলৈ ৬৯.৫ লাখ টকা ব্যয় কৰিছিল বুলি উত্তৰ প্ৰদান কৰিছে। সেই হিচাবত এটা নিগনি ধৰিবলৈ খৰচ কৰা হৈছিল ৪১ হাজাৰকৈ টকা।প্ৰতি বছৰে নিগনি ধৰাৰ বাবে ৰে’ল বিভাগে ২৩.২ লাখ টকা খৰচ কৰিছিল। 

বাকী কেইটা বছৰ মিলি ৰে’ল বিভাগৰ নিগনি ধৰাৰ নামত খৰচ হৈছিল ৬৯ লাখ টকা।আৰটিআইৰ উত্তৰ অনুসৰি, "মেচাৰ্ছ চেণ্ট্ৰেল ৱেৰহাউচিং কৰ্পোৰেচন, গোমতী নগৰ, লক্ষ্ণৌ"ক চুক্তিৰ ভিত্তিত ৰে’লত থকা  নিগনি ফান্দত পেলাবলৈ নিয়োগ কৰা হৈছিল। এই চুক্তিখন ২০১৯ চনৰ পৰা চলি আছে। আম্বালা বিভাগে লগতে কৈছে  যে এপ্ৰিল ২০২০ ৰ পৰা মাৰ্চ ২০২৩-ৰ ভিতৰত ৰে’ল বিভাগে  কীট নিয়ন্ত্ৰণ, নিগনি নিয়ন্ত্ৰণ আৰু ৰে’লত  ধূমপান প্ৰতিৰোধ কৰাৰ  বাবে ৩৯.৩  লাখ টকা ব্যয় কৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন