--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিহাৰৰ নালন্দা জিলাৰ নালন্দা বিশ্ববিদ্যালয়ৰ বৈশালী মহোৎসৱত উপস্থিত হৈ ৰাহুল গান্ধীক পুনৰ আক্ৰমণৰ লক্ষ্য কৰি লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ 

অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইণ্ডিয়া ব্লক আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীক উপহাস কৰি কয় যে যদি তেওঁ দেশৰ প্ৰধানমন্ত্ৰী হ’ব বিচাৰে তেন্তে তেওঁ সূৰ্য বা চন্দ্ৰলৈ যাব লাগিব৷ পাটনালৈ উভতি যোৱাৰ পাছত অসমৰ মুখ্যমন্ত্ৰীয়ে শুকুৰবাৰে সন্ধিয়া বিজেপি উত্তৰ-পূবৰ ৰাজ্যসমূহৰ আহ্বায়ক ৰিতুৰাজ সিনহাৰ বাসভৱনলৈ যায়। 

তেওঁ ইণ্ডিয়া ব্লকক তীব্ৰ সমালোচনা কৰি কয় যে যিসকলে সনাতন ধৰ্মক প্ৰশ্ন কৰিছে, তেওঁলোকক ২০২৪ চনৰ লোকসভা নিৰ্বাচনে এটা পাঠ শিকাব।

হিমন্ত বিশ্ব শৰ্মাই কয়, ইণ্ডিয়া ব্লকৰ নেতাসকলে চন্দ্ৰযানক উপহাস কৰিছিল, মই ইছৰোৰ বিজ্ঞানীসকলক আন এখন চন্দ্ৰযান বনাবলৈ আৰু ইণ্ডিয়াৰ নেতাসকলক চন্দ্ৰত এৰি দিবলৈ অনুৰোধ কৰিব বিচাৰো। ইণ্ডিয়াৰ নেতাসকলে ৰাহুল গান্ধীৰ নিৰ্দেশত সনাতন ধৰ্মৰ বিৰুদ্ধে বিবৃতি দি আছে। ২০২৪ চনত নৰেন্দ্ৰ মোদী পুনৰ দেশৰ প্ৰধানমন্ত্ৰী হ’ব। যদি ৰাহুল গান্ধীয়ে দেশৰ প্ৰধানমন্ত্ৰী হ’ব বিচাৰে, তেন্তে তেওঁ সূৰ্য আৰু চন্দ্ৰলৈ যাত্ৰা কৰিব লাগিব৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা