--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিহাৰৰ নালন্দা জিলাৰ নালন্দা বিশ্ববিদ্যালয়ৰ বৈশালী মহোৎসৱত উপস্থিত হৈ ৰাহুল গান্ধীক পুনৰ আক্ৰমণৰ লক্ষ্য কৰি লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ 

অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইণ্ডিয়া ব্লক আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীক উপহাস কৰি কয় যে যদি তেওঁ দেশৰ প্ৰধানমন্ত্ৰী হ’ব বিচাৰে তেন্তে তেওঁ সূৰ্য বা চন্দ্ৰলৈ যাব লাগিব৷ পাটনালৈ উভতি যোৱাৰ পাছত অসমৰ মুখ্যমন্ত্ৰীয়ে শুকুৰবাৰে সন্ধিয়া বিজেপি উত্তৰ-পূবৰ ৰাজ্যসমূহৰ আহ্বায়ক ৰিতুৰাজ সিনহাৰ বাসভৱনলৈ যায়। 

তেওঁ ইণ্ডিয়া ব্লকক তীব্ৰ সমালোচনা কৰি কয় যে যিসকলে সনাতন ধৰ্মক প্ৰশ্ন কৰিছে, তেওঁলোকক ২০২৪ চনৰ লোকসভা নিৰ্বাচনে এটা পাঠ শিকাব।

হিমন্ত বিশ্ব শৰ্মাই কয়, ইণ্ডিয়া ব্লকৰ নেতাসকলে চন্দ্ৰযানক উপহাস কৰিছিল, মই ইছৰোৰ বিজ্ঞানীসকলক আন এখন চন্দ্ৰযান বনাবলৈ আৰু ইণ্ডিয়াৰ নেতাসকলক চন্দ্ৰত এৰি দিবলৈ অনুৰোধ কৰিব বিচাৰো। ইণ্ডিয়াৰ নেতাসকলে ৰাহুল গান্ধীৰ নিৰ্দেশত সনাতন ধৰ্মৰ বিৰুদ্ধে বিবৃতি দি আছে। ২০২৪ চনত নৰেন্দ্ৰ মোদী পুনৰ দেশৰ প্ৰধানমন্ত্ৰী হ’ব। যদি ৰাহুল গান্ধীয়ে দেশৰ প্ৰধানমন্ত্ৰী হ’ব বিচাৰে, তেন্তে তেওঁ সূৰ্য আৰু চন্দ্ৰলৈ যাত্ৰা কৰিব লাগিব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ