--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক 
কংগ্ৰেছে শনিবাৰে কেন্দ্ৰক ইয়াৰ গৱেষণা প্ৰতিবেদন অস্বীকাৰ কৰিবলৈ আৰ বি আইক হেঁচা দিয়াৰ অভিযোগ উত্থাপন কৰে ৷  যি বেংকসমূহৰ ব্যক্তিগতকৰণৰ  বিৰুদ্ধে যুক্তি দৰ্শায়, আৰু চৰকাৰক ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ ব্যক্তিগতকৰণৰ ওপৰত এখন শ্বেতপত্ৰ উলিয়াবলৈ দাবী জনায়।

বিৰোধী দলে ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ (পিএছবি) ব্যক্তিগতকৰণক লৈ বিজেপিক আক্ৰমণ কৰে ৷ তদুপৰি বিজেপি দলক  "বেচে জাও পাৰ্টি" বুলিও  অভিহিত কৰে৷  তদুপৰি কংগ্ৰেছে অভিযোগ কৰে যে কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকক নিজৰ প্ৰতিবেদনৰ ওপৰত "ইউ-টাৰ্ণ" ল’বলৈ বাধ্য কৰিছে।

আৰবিআইৰ গৱেষণা গোটৰ অধ্যয়নৰ তথ্যসমূহে  বেংকৰ ব্যক্তিগতকৰণৰ পৰিণামবোৰ স্পষ্টভাৱে প্ৰকাশ  কৰে৷ কিয়নো ই চৰকাৰী নীতিসমূহ কেনেদৰে ৰাজহুৱা হিতৰ বাবে ব্যৱহাৰ হ'ব লাগিব তাৰ ওপৰত আলোকপাত কৰে। 

লগতে, ইয়াত কোৱা হৈছে যে ব্যক্তিগত বেংকে কাৰ্যকৰী নকৰা প্ৰতি-চক্ৰীয় পদক্ষেপবোৰত ৰাজ্যিক মালিকানাধীন বেংকবোৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ 

আৰবিআই বুলেটিনত স্পষ্টকৈ কোৱা হৈছে যে মুঠ শাখা, কৃষিৰ অগ্ৰগতি আৰু অগ্ৰাধিকাৰ খণ্ডৰ ঋণ প্ৰদানৰ দৰে বিত্তীয় অন্তৰ্ভুক্তিৰ পদক্ষেপৰ ক্ষেত্ৰত ৰাজহুৱা বেংকবোৰ ব্যক্তিগত বেংকতকৈ অধিক দক্ষ বুলি প্ৰমাণিত হয়।


আৰ বি আই বুলেটিনৰ আগষ্ট সংখ্যাত প্ৰকাশিত গৱেষণা পত্ৰখনত কোৱা হৈছে যে "চৰকাৰে গ্ৰহণ কৰা ব্যক্তিগতকৰণৰ  দৃষ্টিভংগীয়ে  ক্ৰমান্বয়ে  নিশ্চিত কৰিব পাৰে যে বিত্তীয় অন্তৰ্ভুক্তিৰ সামাজিক উদ্দেশ্য পূৰণ কৰাৰ ক্ষেত্ৰত এক শূন্যতা সৃষ্টি নহয়"।

এই বেংকসমূহৰ ব্যক্তিগতকৰণ এক বৃহৎ পদক্ষেপ৷  এই পদ্ধতিয়ে যথেষ্ট   ক্ষতি কৰিব পাৰে। চৰকাৰে ইতিমধ্যে দুটা বেংকৰ বেচৰকাৰীকৰণৰ অভিপ্ৰায় ঘোষণা কৰিছে। এনে ধৰণৰ  পদক্ষেপে নিশ্চিত কৰিব যে বৃহৎ পৰিমাণৰ ব্যক্তিগতকৰণে বিত্তীয় অন্তৰ্ভুক্তি আৰু মুদ্ৰা পৰিবহনৰ গুৰুত্বপূৰ্ণ সামাজিক উদ্দেশ্যবোৰ পূৰণ কৰাত কোনো শূন্যতা সৃষ্টি নকৰে বুলি অধ্যয়নটোত কোৱা হৈছে৷ 





FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু