--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক 
কংগ্ৰেছে শনিবাৰে কেন্দ্ৰক ইয়াৰ গৱেষণা প্ৰতিবেদন অস্বীকাৰ কৰিবলৈ আৰ বি আইক হেঁচা দিয়াৰ অভিযোগ উত্থাপন কৰে ৷  যি বেংকসমূহৰ ব্যক্তিগতকৰণৰ  বিৰুদ্ধে যুক্তি দৰ্শায়, আৰু চৰকাৰক ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ ব্যক্তিগতকৰণৰ ওপৰত এখন শ্বেতপত্ৰ উলিয়াবলৈ দাবী জনায়।

বিৰোধী দলে ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ (পিএছবি) ব্যক্তিগতকৰণক লৈ বিজেপিক আক্ৰমণ কৰে ৷ তদুপৰি বিজেপি দলক  "বেচে জাও পাৰ্টি" বুলিও  অভিহিত কৰে৷  তদুপৰি কংগ্ৰেছে অভিযোগ কৰে যে কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকক নিজৰ প্ৰতিবেদনৰ ওপৰত "ইউ-টাৰ্ণ" ল’বলৈ বাধ্য কৰিছে।

আৰবিআইৰ গৱেষণা গোটৰ অধ্যয়নৰ তথ্যসমূহে  বেংকৰ ব্যক্তিগতকৰণৰ পৰিণামবোৰ স্পষ্টভাৱে প্ৰকাশ  কৰে৷ কিয়নো ই চৰকাৰী নীতিসমূহ কেনেদৰে ৰাজহুৱা হিতৰ বাবে ব্যৱহাৰ হ'ব লাগিব তাৰ ওপৰত আলোকপাত কৰে। 

লগতে, ইয়াত কোৱা হৈছে যে ব্যক্তিগত বেংকে কাৰ্যকৰী নকৰা প্ৰতি-চক্ৰীয় পদক্ষেপবোৰত ৰাজ্যিক মালিকানাধীন বেংকবোৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ 

আৰবিআই বুলেটিনত স্পষ্টকৈ কোৱা হৈছে যে মুঠ শাখা, কৃষিৰ অগ্ৰগতি আৰু অগ্ৰাধিকাৰ খণ্ডৰ ঋণ প্ৰদানৰ দৰে বিত্তীয় অন্তৰ্ভুক্তিৰ পদক্ষেপৰ ক্ষেত্ৰত ৰাজহুৱা বেংকবোৰ ব্যক্তিগত বেংকতকৈ অধিক দক্ষ বুলি প্ৰমাণিত হয়।


আৰ বি আই বুলেটিনৰ আগষ্ট সংখ্যাত প্ৰকাশিত গৱেষণা পত্ৰখনত কোৱা হৈছে যে "চৰকাৰে গ্ৰহণ কৰা ব্যক্তিগতকৰণৰ  দৃষ্টিভংগীয়ে  ক্ৰমান্বয়ে  নিশ্চিত কৰিব পাৰে যে বিত্তীয় অন্তৰ্ভুক্তিৰ সামাজিক উদ্দেশ্য পূৰণ কৰাৰ ক্ষেত্ৰত এক শূন্যতা সৃষ্টি নহয়"।

এই বেংকসমূহৰ ব্যক্তিগতকৰণ এক বৃহৎ পদক্ষেপ৷  এই পদ্ধতিয়ে যথেষ্ট   ক্ষতি কৰিব পাৰে। চৰকাৰে ইতিমধ্যে দুটা বেংকৰ বেচৰকাৰীকৰণৰ অভিপ্ৰায় ঘোষণা কৰিছে। এনে ধৰণৰ  পদক্ষেপে নিশ্চিত কৰিব যে বৃহৎ পৰিমাণৰ ব্যক্তিগতকৰণে বিত্তীয় অন্তৰ্ভুক্তি আৰু মুদ্ৰা পৰিবহনৰ গুৰুত্বপূৰ্ণ সামাজিক উদ্দেশ্যবোৰ পূৰণ কৰাত কোনো শূন্যতা সৃষ্টি নকৰে বুলি অধ্যয়নটোত কোৱা হৈছে৷ 





FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী