--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰোৱেছিয়াৰ বিৰুদ্ধে কাটাৰ বিশ্বকাপত চেমিফাইনেলত অনবদ্য প্ৰদৰ্শন আগবঢ়ালে লিঅ’নেল মেছিয়ে। ফুটবলপ্ৰেমীসকলৰ বাৰ্তা দিলে যে তেওঁৱেই লিঅ’নেল মেছি, তেওঁৰ বাদে আন কোনো নাই। মেচখনত কেইবাটাও অভিলেখো গঢ়ে মেছিয়ে। অভিলেখ গঢ়ি বিশ্বকাপৰ ফাইনেলত উপনীত হ’ল মহাতাৰকাগৰাকী।

বিশ্বকাপত আৰ্জেণ্টিনাৰ হৈ আটাইতকৈ বেছি গ’ল কৰিছিল গেব্ৰিয়েল বাতিস্তুতাই। বাতিস্তুতাৰ নাম আছিল ১০ টা গ’ল। কিন্তু এই অভিলেখ ভংগ কৰে মেছিয়ে। পাঁচখন বিশ্বকাপত মুঠ ১১ টা গ’ল কৰিছে মেছিয়ে। চলিত বিশ্বকাপতে কৰিছে পাঁচটাকৈ গ’ল।

বিশ্বকাপত বেছিসংখ্যক মেচ খেলাৰ অভিলেখ গঢ়িছিল জাৰ্মানীৰ লোথাৰ মাথাউছে। ক্ৰ’ৱেছিয়াৰ বিৰুদ্ধে খেলপথাৰত অৱতীৰ্ণ হৈ এই অভিলেখ স্পৰ্শ কৰিলে মেছিয়ে। বিশ্বকাপৰ ফাইনেলত মাথাউছৰ অভিলেখ ভংগ কৰিব তাৰকাগৰাকীয়ে।

অধিনায়ক হিচাপেও বিশ্বকাপত সৰ্বাধিক মেচ খেলাৰ অভিলেখ গঢ়িলে মেছিয়ে। অধিনায়ক হিচাপে ১৯ খন মেছ খেলিছে তেওঁ। ভংগ কৰে মেক্সিকোৰ ৰাফায়েল মাৰ্কুৱেজে গঢ়া অভিলেখ।

বিশ্বকাপত এছিষ্ট দিয়াৰ ক্ষেত্ৰতো মেছিয়ে স্পৰ্শ কৰে পেলেক। দুয়োজন খেলুৱৈয়ে নকআউট পৰ্যায়ত ছটাকৈ এছিষ্ট কৰিছে। তদুপৰি বিশ্বকাপৰ ফাইনেলত যদি মেছিয়ে গ’ল কৰে, তেন্তে পেলেই কৰা ১২ টা গ’ল স্পৰ্শ কৰিব আৰ্জেণ্টাইন তাৰকাগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক