--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰোৱেছিয়াৰ বিৰুদ্ধে কাটাৰ বিশ্বকাপত চেমিফাইনেলত অনবদ্য প্ৰদৰ্শন আগবঢ়ালে লিঅ’নেল মেছিয়ে। ফুটবলপ্ৰেমীসকলৰ বাৰ্তা দিলে যে তেওঁৱেই লিঅ’নেল মেছি, তেওঁৰ বাদে আন কোনো নাই। মেচখনত কেইবাটাও অভিলেখো গঢ়ে মেছিয়ে। অভিলেখ গঢ়ি বিশ্বকাপৰ ফাইনেলত উপনীত হ’ল মহাতাৰকাগৰাকী।

বিশ্বকাপত আৰ্জেণ্টিনাৰ হৈ আটাইতকৈ বেছি গ’ল কৰিছিল গেব্ৰিয়েল বাতিস্তুতাই। বাতিস্তুতাৰ নাম আছিল ১০ টা গ’ল। কিন্তু এই অভিলেখ ভংগ কৰে মেছিয়ে। পাঁচখন বিশ্বকাপত মুঠ ১১ টা গ’ল কৰিছে মেছিয়ে। চলিত বিশ্বকাপতে কৰিছে পাঁচটাকৈ গ’ল।

বিশ্বকাপত বেছিসংখ্যক মেচ খেলাৰ অভিলেখ গঢ়িছিল জাৰ্মানীৰ লোথাৰ মাথাউছে। ক্ৰ’ৱেছিয়াৰ বিৰুদ্ধে খেলপথাৰত অৱতীৰ্ণ হৈ এই অভিলেখ স্পৰ্শ কৰিলে মেছিয়ে। বিশ্বকাপৰ ফাইনেলত মাথাউছৰ অভিলেখ ভংগ কৰিব তাৰকাগৰাকীয়ে।

অধিনায়ক হিচাপেও বিশ্বকাপত সৰ্বাধিক মেচ খেলাৰ অভিলেখ গঢ়িলে মেছিয়ে। অধিনায়ক হিচাপে ১৯ খন মেছ খেলিছে তেওঁ। ভংগ কৰে মেক্সিকোৰ ৰাফায়েল মাৰ্কুৱেজে গঢ়া অভিলেখ।

বিশ্বকাপত এছিষ্ট দিয়াৰ ক্ষেত্ৰতো মেছিয়ে স্পৰ্শ কৰে পেলেক। দুয়োজন খেলুৱৈয়ে নকআউট পৰ্যায়ত ছটাকৈ এছিষ্ট কৰিছে। তদুপৰি বিশ্বকাপৰ ফাইনেলত যদি মেছিয়ে গ’ল কৰে, তেন্তে পেলেই কৰা ১২ টা গ’ল স্পৰ্শ কৰিব আৰ্জেণ্টাইন তাৰকাগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক