--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাটাৰ বিশ্বকাপৰ প্ৰথমখন চেমিফাইনেল। আৰ্জেণ্টিনা ১-০ ক্ৰ’ৱেছিয়া। লিঅ’নেল মেছিৰ এটা দুৰ্বাৰ পেনাল্টিৰে ইতিমধ্যে আৰ্জেণ্টিনাই অগ্ৰগতি লৈছে। ৩৯ মিনিটত পুনৰ আৰ্জেণ্টনাময় হৈ পৰে খেলপথাৰ। হঠাৎ খেলপথাৰৰ মাজত বলটো ভৰিত পায় বাইশ বছৰৰ এজন যুৱকে। লগে লগে বলটো লৈ তেওঁ ক্ৰ’ৱেছিয়াৰ গ’লপ’ষ্টৰ ফালে দৌৰিব ধৰে। ক্ৰ’ৱেছিয়াৰ ফুটবলাৰসকলে যুৱকজনৰ দুৰ্বাৰ গতি প্ৰতিৰোধ কৰিবলৈ প্ৰাণে-পণে চেষ্টা কৰিছিল। কিন্তু সকলো অসাৰ। ব্যৰ্থ হ’ল বিশ্বকাপৰ অন্যতম শ্ৰেষ্ঠ গ’লকীপাৰ লিভাকোভিচ। বাওঁভৰিৰে গ’লপ’ষ্টৰ ভিতৰলৈ বলটো ঠেলি দিয়ে যুৱকজনে। লগে লগে মহানায়কৰ দেশত জন্ম হ’ল আন এজন তৰুণ নায়ক! আৰ্জেণ্টিনাৰ ফুটবলৰ গৰিমা পুনৰ এবাৰ উজ্জীৱিত হ’ল এই নায়কৰ দুভৰিৰ যাদুৰে।

ক্ৰ’ৱেছিয়াৰ বিৰুদ্ধে দুৰ্দান্ত একক গ’ল কৰা জুলিয়ান আলভাৰেজৰ কথাই ক’বলৈ লোৱা হৈছে। মেচখনত সপোনৰ ক্ৰীড়াশৈলী প্ৰদৰ্শন কৰে জুলিয়ান আলভাৰেজে। জুলিয়ানৰ গ’লটো দেখি সকলোৰে মনলৈ আহিছে ডিয়েগ’ মাৰাডোনাৰ কথা।


মেছি- আলভাৰেজৰ অনবদ্য যুঁটিৰেই বুধবাৰে চেমিফাইনেলত আৰ্জেণ্টিনা বিজয়ী হয়। মেচখনত দুটাকৈ গ’ল কৰিছে আলভাৰেজে। অনবদ্যভাৱে আলভাৰেজক এটা এচিষ্ট দিয়ে লিঅ’নেল মেছিয়ে।

চেমিফাইনেলত সপোনৰ ক্ৰীড়াশৈলী প্ৰদৰ্শন কৰা জুলিয়ান আলভাৰেজৰ জন্ম ২০০০ চনৰ ৩১ জানুৱাৰীত। আৰ্জেণ্টিনাৰ কালচিন চহৰত জন্ম লাভ কৰা আলভাৰেজ আছিল সৰুৰে পৰাই মেছি অনুৰাগী।

তৰুণ তাৰকাগৰাকীৰ প্ৰেয়সীও আছে। নাম- এমিলিয়া ফেৰেৰো। সম্প্ৰতি এমিলিয়া কাটাৰতে আছে। প্ৰতিখন মেচতে গেলেৰীত বহি আৰ্জেণ্টিনাৰ হৈ উল্লাস প্ৰদৰ্শন কৰিছে এমিলিয়াই। জানিব পৰামতে, তেওঁলোকৰ প্ৰেমৰ সম্পৰ্ক বহুদিনীয়া।


আলভাৰেজক আৰ্জেণ্টিনাৰ নতুন মুখ বুলিব পাৰি। যোৱা বৰ্ষত আৰ্জেণ্টিনাৰ হৈ অভিষেক ঘটিছিল তেওঁৰ। চলিত বৰ্ষত ইংলেণ্ডৰ মানচেষ্টাৰ চিটি ক্লাবৰ হৈ পাঁচ বছৰৰ বাবে চুক্তিবদ্ধ হয় আলভাৰেজ। ইয়াৰ পূৰ্বে আৰ্জেণ্টিনাৰ প্ৰখ্যাত ঘৰুৱা ক্লাব ৰিভাৰ প্লেটৰ হৈ খেলিছিল তেওঁ।

লিঅ’নেল মেছিক গুৰু মানে আলভাৰেজে। মেছিৰ দৰে খেলিব বিচাৰে নতুন নায়কে। চেমিফাইনেলৰ পাছত আৰ্জেণ্টিনাৰ অধিনায়ক লিঅ’নেল মেছিয়ে জনাই দিছে যে বিশ্বকাপৰ ফাইনেলখনেই হ’ব তেওঁৰ শেষ মেচ। সেয়ে ফাইনেলত আলভাৰেজে নিজৰ গুৰুৰ প্ৰতি কিদৰে শ্ৰদ্ধাৰ্ঘ্য আগবঢ়ায় সেয়া চাবলৈ ফুটবলপ্ৰেমীসকল ৰৈ আছে। ৰৈ আছে পুনৰ এবাৰ মেছি-আলভাৰেজৰ যাদু চাবলৈ।









FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু