--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাটাৰ বিশ্বকাপৰ প্ৰথমখন চেমিফাইনেল। আৰ্জেণ্টিনা ১-০ ক্ৰ’ৱেছিয়া। লিঅ’নেল মেছিৰ এটা দুৰ্বাৰ পেনাল্টিৰে ইতিমধ্যে আৰ্জেণ্টিনাই অগ্ৰগতি লৈছে। ৩৯ মিনিটত পুনৰ আৰ্জেণ্টনাময় হৈ পৰে খেলপথাৰ। হঠাৎ খেলপথাৰৰ মাজত বলটো ভৰিত পায় বাইশ বছৰৰ এজন যুৱকে। লগে লগে বলটো লৈ তেওঁ ক্ৰ’ৱেছিয়াৰ গ’লপ’ষ্টৰ ফালে দৌৰিব ধৰে। ক্ৰ’ৱেছিয়াৰ ফুটবলাৰসকলে যুৱকজনৰ দুৰ্বাৰ গতি প্ৰতিৰোধ কৰিবলৈ প্ৰাণে-পণে চেষ্টা কৰিছিল। কিন্তু সকলো অসাৰ। ব্যৰ্থ হ’ল বিশ্বকাপৰ অন্যতম শ্ৰেষ্ঠ গ’লকীপাৰ লিভাকোভিচ। বাওঁভৰিৰে গ’লপ’ষ্টৰ ভিতৰলৈ বলটো ঠেলি দিয়ে যুৱকজনে। লগে লগে মহানায়কৰ দেশত জন্ম হ’ল আন এজন তৰুণ নায়ক! আৰ্জেণ্টিনাৰ ফুটবলৰ গৰিমা পুনৰ এবাৰ উজ্জীৱিত হ’ল এই নায়কৰ দুভৰিৰ যাদুৰে।

ক্ৰ’ৱেছিয়াৰ বিৰুদ্ধে দুৰ্দান্ত একক গ’ল কৰা জুলিয়ান আলভাৰেজৰ কথাই ক’বলৈ লোৱা হৈছে। মেচখনত সপোনৰ ক্ৰীড়াশৈলী প্ৰদৰ্শন কৰে জুলিয়ান আলভাৰেজে। জুলিয়ানৰ গ’লটো দেখি সকলোৰে মনলৈ আহিছে ডিয়েগ’ মাৰাডোনাৰ কথা।


মেছি- আলভাৰেজৰ অনবদ্য যুঁটিৰেই বুধবাৰে চেমিফাইনেলত আৰ্জেণ্টিনা বিজয়ী হয়। মেচখনত দুটাকৈ গ’ল কৰিছে আলভাৰেজে। অনবদ্যভাৱে আলভাৰেজক এটা এচিষ্ট দিয়ে লিঅ’নেল মেছিয়ে।

চেমিফাইনেলত সপোনৰ ক্ৰীড়াশৈলী প্ৰদৰ্শন কৰা জুলিয়ান আলভাৰেজৰ জন্ম ২০০০ চনৰ ৩১ জানুৱাৰীত। আৰ্জেণ্টিনাৰ কালচিন চহৰত জন্ম লাভ কৰা আলভাৰেজ আছিল সৰুৰে পৰাই মেছি অনুৰাগী।

তৰুণ তাৰকাগৰাকীৰ প্ৰেয়সীও আছে। নাম- এমিলিয়া ফেৰেৰো। সম্প্ৰতি এমিলিয়া কাটাৰতে আছে। প্ৰতিখন মেচতে গেলেৰীত বহি আৰ্জেণ্টিনাৰ হৈ উল্লাস প্ৰদৰ্শন কৰিছে এমিলিয়াই। জানিব পৰামতে, তেওঁলোকৰ প্ৰেমৰ সম্পৰ্ক বহুদিনীয়া।


আলভাৰেজক আৰ্জেণ্টিনাৰ নতুন মুখ বুলিব পাৰি। যোৱা বৰ্ষত আৰ্জেণ্টিনাৰ হৈ অভিষেক ঘটিছিল তেওঁৰ। চলিত বৰ্ষত ইংলেণ্ডৰ মানচেষ্টাৰ চিটি ক্লাবৰ হৈ পাঁচ বছৰৰ বাবে চুক্তিবদ্ধ হয় আলভাৰেজ। ইয়াৰ পূৰ্বে আৰ্জেণ্টিনাৰ প্ৰখ্যাত ঘৰুৱা ক্লাব ৰিভাৰ প্লেটৰ হৈ খেলিছিল তেওঁ।

লিঅ’নেল মেছিক গুৰু মানে আলভাৰেজে। মেছিৰ দৰে খেলিব বিচাৰে নতুন নায়কে। চেমিফাইনেলৰ পাছত আৰ্জেণ্টিনাৰ অধিনায়ক লিঅ’নেল মেছিয়ে জনাই দিছে যে বিশ্বকাপৰ ফাইনেলখনেই হ’ব তেওঁৰ শেষ মেচ। সেয়ে ফাইনেলত আলভাৰেজে নিজৰ গুৰুৰ প্ৰতি কিদৰে শ্ৰদ্ধাৰ্ঘ্য আগবঢ়ায় সেয়া চাবলৈ ফুটবলপ্ৰেমীসকল ৰৈ আছে। ৰৈ আছে পুনৰ এবাৰ মেছি-আলভাৰেজৰ যাদু চাবলৈ।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক