--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ ৰে’লৰ ইতিহাসত সংযোজন হ’ল এক নতুন অধ্যায়। ভাৰতত প্ৰথমবাৰৰ বাবে মেট্ৰ' ৰে’ল চলিল  পানীৰ তলেৰে।  বুধবাৰে, ইষ্ট-ৱেষ্ট মেট্ৰ'ৰ দুটা ৰেক গঙ্গাৰ নদীৰ তলীৰে  যাত্ৰা কৰি হাওৰা ময়দানত উপস্থিত হয়। এই ঐতিসাহিক ঘটনাৰ সাক্ষী হৈ ৰ’ল মেট্ৰ' ৰেলৰ কেইবাজনো শীৰ্ষ বিষয়া । কলকাতা মেট্ৰ'ৰ মতে মহাকৰণ ষ্টেচনৰ পৰা হাওৰা ময়দান ষ্টেচনলৈ দুটা ৰেক লৈ যোৱা হয়। প্ৰথমে মেট্ৰ'ৰ এম.আৰ৬১২ ৰেকটো গঙ্গাৰ তলিৰে যাত্ৰা কৰে।আজি দিনৰ  ১১.৫৫ বজাত ৰে’ল খনে  হুগলী নদী পাৰ হয়। তাৰ পিছত মেট্ৰ'ৰ এমআৰ ৬১৩ ৰেকটোৱেও গঙ্গাৰ তলিৰে  হাওৰা ময়দান ষ্টেচনত উপস্থিত হয়।

মেট্ৰ' কৰ্তৃপক্ষই স্পষ্টভাৱে জনাইছে যে আজি পানীৰ তলিৰে ৰে’ল চলোৱাৰ আনুষ্ঠানিক পৰীক্ষণ চলোৱা হোৱা নাই। মেট্ৰ' সূত্ৰ অনুসৰি, মেট্ৰ'ৰ পৰীক্ষণ সোনকালেই গঙ্গাৰ তলিৰে  আৰম্ভ হ'ব। অৱশ্যে সঠিক তাৰিখ এতিয়াও ঘোষণা কৰা হোৱা নাই।


আজি গংগা তলিৰে যাত্ৰা কৰা প্ৰথমখন মেট্ৰ' ৰে’লত  মেট্ৰ' ৰে'লৰ জেনেৰেল মেনেজাৰ পি উদয় কুমাৰ ৰেড্ডী, অতিৰিক্ত মহাপ্ৰৱন্ধক এইচ এন জয়ছোৱাল, পূব-পশ্চিম মেট্ৰ'ৰ  কলকাতা মেট্ৰ' ৰে'ল কৰ্পোৰেচন লিমিটেডৰ (কেএমআৰচিএল) বিষয়াসকল আছিল। 

গংগা নদীৰ  তলিৰে মেট্ৰ'ৰ ঐতিহাসিক যাত্ৰা সন্দৰ্ভত মন্তব্য কৰি মেট্ৰ' ৰে'লৰ মুখ্য জনসম্পৰ্ক বিষয়া কৌশিক মিত্ৰই কয়, "মেট্ৰ' ৰে'লৰ বাবে এয়া এক ঐতিহাসিক মুহূৰ্ত। কিয়নো বহু বাধা অতিক্ৰম কৰাৰ পিছত আমি হুগলী নদীৰ তলিৰে  মেট্ৰ' ৰে’ল চলাবলৈ সক্ষম হৈছো। কলকাতা আৰু উপনগৰৰ লোকসকলক অত্যাধুনিক পৰিবহনৰ সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত এয়া এক ঐতিহাসিক পদক্ষেপ হ’ব। এয়া  সঁচাকৈয়ে ভাৰতীয় ৰে’লৱেই বংগৰ লোকসকলক দিয়া এক বিশেষ নৱবৰ্ষৰ উপহাৰ’’। 

ইষ্ট-ৱেষ্ট মেট্ৰ'ই চল্ট লেক চেক্টৰ ৫-ৰ পৰা হাওৰা ময়দানক  সংযোগ কৰিব। বৰ্তমানৰ চল্ট লেক চেক্টৰ পঞ্চমৰ পৰা শিয়ালদাহলৈকে বাণিজ্যিক সেৱা আৰম্ভ হৈছে। এইবাৰ, মেট্ৰ' কৰ্তৃপক্ষই এস্প্লেনেডৰ পৰা হাওৰা ময়দানলৈ ৰে’ল সেৱা আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে।  মেট্ৰ' ৰে’ল গঙ্গাৰ তলৰ মাজেৰে কিমান দূৰ পাৰ হ'ব? কিমান সময় লাগিব? কলকাতা মেট্ৰ'ৰ মতে, মেট্ৰ' ৰে’ল  গঙ্গাৰ তলিৰে ৫২০ মিটাৰ চলিব। সেই পথ অতিক্ৰম কৰিবলৈ মাত্ৰ ৪৫  ছেকেণ্ড সময় লাগিব। যিটো সুৰংগৰ মাজেৰে মেট্ৰ'  ৰে’ল চলিব সেয়া পানীৰ ৩২ মিটাৰ তলত অৱস্থিত।









FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে