--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ ৰে’লৰ ইতিহাসত সংযোজন হ’ল এক নতুন অধ্যায়। ভাৰতত প্ৰথমবাৰৰ বাবে মেট্ৰ' ৰে’ল চলিল  পানীৰ তলেৰে।  বুধবাৰে, ইষ্ট-ৱেষ্ট মেট্ৰ'ৰ দুটা ৰেক গঙ্গাৰ নদীৰ তলীৰে  যাত্ৰা কৰি হাওৰা ময়দানত উপস্থিত হয়। এই ঐতিসাহিক ঘটনাৰ সাক্ষী হৈ ৰ’ল মেট্ৰ' ৰেলৰ কেইবাজনো শীৰ্ষ বিষয়া । কলকাতা মেট্ৰ'ৰ মতে মহাকৰণ ষ্টেচনৰ পৰা হাওৰা ময়দান ষ্টেচনলৈ দুটা ৰেক লৈ যোৱা হয়। প্ৰথমে মেট্ৰ'ৰ এম.আৰ৬১২ ৰেকটো গঙ্গাৰ তলিৰে যাত্ৰা কৰে।আজি দিনৰ  ১১.৫৫ বজাত ৰে’ল খনে  হুগলী নদী পাৰ হয়। তাৰ পিছত মেট্ৰ'ৰ এমআৰ ৬১৩ ৰেকটোৱেও গঙ্গাৰ তলিৰে  হাওৰা ময়দান ষ্টেচনত উপস্থিত হয়।

মেট্ৰ' কৰ্তৃপক্ষই স্পষ্টভাৱে জনাইছে যে আজি পানীৰ তলিৰে ৰে’ল চলোৱাৰ আনুষ্ঠানিক পৰীক্ষণ চলোৱা হোৱা নাই। মেট্ৰ' সূত্ৰ অনুসৰি, মেট্ৰ'ৰ পৰীক্ষণ সোনকালেই গঙ্গাৰ তলিৰে  আৰম্ভ হ'ব। অৱশ্যে সঠিক তাৰিখ এতিয়াও ঘোষণা কৰা হোৱা নাই।


আজি গংগা তলিৰে যাত্ৰা কৰা প্ৰথমখন মেট্ৰ' ৰে’লত  মেট্ৰ' ৰে'লৰ জেনেৰেল মেনেজাৰ পি উদয় কুমাৰ ৰেড্ডী, অতিৰিক্ত মহাপ্ৰৱন্ধক এইচ এন জয়ছোৱাল, পূব-পশ্চিম মেট্ৰ'ৰ  কলকাতা মেট্ৰ' ৰে'ল কৰ্পোৰেচন লিমিটেডৰ (কেএমআৰচিএল) বিষয়াসকল আছিল। 

গংগা নদীৰ  তলিৰে মেট্ৰ'ৰ ঐতিহাসিক যাত্ৰা সন্দৰ্ভত মন্তব্য কৰি মেট্ৰ' ৰে'লৰ মুখ্য জনসম্পৰ্ক বিষয়া কৌশিক মিত্ৰই কয়, "মেট্ৰ' ৰে'লৰ বাবে এয়া এক ঐতিহাসিক মুহূৰ্ত। কিয়নো বহু বাধা অতিক্ৰম কৰাৰ পিছত আমি হুগলী নদীৰ তলিৰে  মেট্ৰ' ৰে’ল চলাবলৈ সক্ষম হৈছো। কলকাতা আৰু উপনগৰৰ লোকসকলক অত্যাধুনিক পৰিবহনৰ সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত এয়া এক ঐতিহাসিক পদক্ষেপ হ’ব। এয়া  সঁচাকৈয়ে ভাৰতীয় ৰে’লৱেই বংগৰ লোকসকলক দিয়া এক বিশেষ নৱবৰ্ষৰ উপহাৰ’’। 

ইষ্ট-ৱেষ্ট মেট্ৰ'ই চল্ট লেক চেক্টৰ ৫-ৰ পৰা হাওৰা ময়দানক  সংযোগ কৰিব। বৰ্তমানৰ চল্ট লেক চেক্টৰ পঞ্চমৰ পৰা শিয়ালদাহলৈকে বাণিজ্যিক সেৱা আৰম্ভ হৈছে। এইবাৰ, মেট্ৰ' কৰ্তৃপক্ষই এস্প্লেনেডৰ পৰা হাওৰা ময়দানলৈ ৰে’ল সেৱা আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে।  মেট্ৰ' ৰে’ল গঙ্গাৰ তলৰ মাজেৰে কিমান দূৰ পাৰ হ'ব? কিমান সময় লাগিব? কলকাতা মেট্ৰ'ৰ মতে, মেট্ৰ' ৰে’ল  গঙ্গাৰ তলিৰে ৫২০ মিটাৰ চলিব। সেই পথ অতিক্ৰম কৰিবলৈ মাত্ৰ ৪৫  ছেকেণ্ড সময় লাগিব। যিটো সুৰংগৰ মাজেৰে মেট্ৰ'  ৰে’ল চলিব সেয়া পানীৰ ৩২ মিটাৰ তলত অৱস্থিত।









FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন