--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লিঅ’নেল মেছি আৰু ক্ৰিষ্টিয়ানো ৰোনাল্ডো কেইদিনমান পিছত চৌদি আৰৱত এখন প্ৰদৰ্শনী খেলত মুখামুখি হ'ব। এই লৈ চাৰিওফালে যথেষ্ট উত্তেজনাৰ সৃষ্টি হৈছে। বহুতে ইতিমধ্যে টিকটৰ বাবে আবেদন কৰিছে। তেনে সময়তে জনা গ’ল যে এজন চৌদি আৰৱৰ ব্যৱসায়ীয়ে মেছি-ৰোনাল্ডোৰ খেল চাবলৈ ২২ কোটি খৰচ কৰিবলৈ ইচ্ছুক। ইমানখিনি টকাৰ বিনিময়ত তেওঁ টিকট ক্ৰয় কৰিব বিচাৰে।

ব্যৱসায়ীজনৰ নাম মুশ্ৰেফ আল ঘামাদ। তেওঁ চৌদি আৰৱৰ এটা ডাঙৰ ৰিয়েল ইষ্টেট কোম্পানীৰ মুখ্য কাৰ্যবাহী। মেছি-ৰোনাল্ডো খেলৰ টিকটৰ নিলাম ইতিমধ্যে আৰম্ভ হৈছে। নিলাম অহা মঙলবাৰে সমাপ্ত হ'ব। নিলামৰ বিজয়ীজনে বিজয়ী দলটোৰ সৈতে ফটো তোলাৰ সুযোগও পাব। কেৱল সেয়াই নহয়, ড্ৰেছিং ৰুমলৈ গৈ দুয়োটা দলৰ ফুটবলাৰসকলক লগ কৰিবও পাৰিব। ব্যৱসায়ীজনে সেই টিকটটো পাবলৈ নিলামত ২২ কোটি বিড কৰিছিল।

১৯ জানুৱাৰীত মেছি-নেইমাৰ-এমবাপেৰ পেৰিছ ছেইণ্ট জাৰ্মেইনে আৰৱৰ ক্লাব আল হিলাল আৰু ৰোণাল্ডোৰ আল নাছেৰৰ যুগ্ম এটা দলৰ বিৰুদ্ধে এখন প্ৰদৰ্শনী মেচ খেলিব। খেলখন কিং ফাহাদ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ইয়াত 68,000 দৰ্শকৰ বাবে আসন আছে। কিন্তু ইতিমধ্যে ২০ লাখ মানুহে টিকটৰ বাবে আবেদন কৰিছে। সেয়ে টিকটসমূহ নিলাম কৰা হৈছে।

মেছি আৰু ৰোনাল্ডো শেষবাৰৰ বাবে ২০২০ চনৰ ডিচেম্বৰত লগ হৈছিল। সেইবাৰ ৰোণাল্ডোৰ জুভেণ্টাছে চেম্পিয়নছ লীগৰ এখন মেচত মেছিৰ বাৰ্চিলোনাক ৩-০ গ'লত পৰাস্ত কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement