--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ফিফাৰ ২০২২ বৰ্ষৰ শ্ৰেষ্ঠ ফুটবলাৰসকলৰ এখন তালিকাত প্ৰকাশ পাইছে। ১৪ জন খেলুৱৈৰ তালিকাখনত স্থান লাভ কৰিছে লিঅ’নেল মেছি আৰু কিলিয়ান এমবাপেইও। কিন্তু তালিকাখনত নাই ক্ৰিষ্টিয়ানো ৰোণাল্ডো!

এই বছৰৰ ফুটবল বিশ্বকাপ জয় কৰা মেছিয়ে সোণৰ বুটৰো বিজয়ী হয়। আনহাতে ২০২২ চনত ৰোনাল্ডো এটাৰ পিছত এটা বিতৰ্কত জড়িত হৈ পৰে। বিশ্বকাপতো বিফল হৈছিল পৰ্তুগীজ তাৰকাজন। সেইকাৰণেই চিআৰ৭ ফিফাৰ শ্ৰেষ্ঠ ফুটবলাৰৰ তালিকাত নাই।

যিসকলে ২০২২ চনত ফুটবল জগতত ভাল খেলিছে তেওঁলোকক তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। আন্তৰ্জাতিক ফুটবলৰ উপৰিও তাত ক্লাব ফুটবলৰো বিচাৰ কৰা হৈছে। মেছি আৰু এমবাপেৰ উপৰিও তালিকাখনত বেলন ডি অ’ৰ বিজয়ী কৰিম বেঞ্জেমা অন্তৰ্ভুক্ত হৈছে। যুৱ ফুটবল খেলুৱৈ জুড বেলিংহাম, আশ্ৰাফ কৰিমিও তালিকাখনত আছে। ব্ৰাজিলৰ নেইমাৰ, ক্ৰোৱেছিয়াৰ মড্ৰিক আৰু পোলেণ্ডৰ লেভানডস্কিও তালিকাত আছে।

মেছিৰ উপৰিও য়ুলিয়ান আলভাৰেছে এই বিশ্বকাপত আৰ্জেণ্টিনাৰ হৈ চমক সৃষ্টি কৰিছিল। দেশৰ হৈ বিশ্বকাপ জিকাত ডাঙৰ ভূমিকা পালন কৰিছিল তেওঁ। গতিকে তেওঁৱো সেই তালিকাত আছে।

ফিফাৰ বৰ্ষশ্ৰেষ্ঠ ফুটবলাৰৰ ১৪ জনীয়া তালিকাখন: লিয়োনেল মেসি, কিলিয়ান এমবাপে, করিম বেঞ্জিমা, ইউলিয়ান আলভারেস, জুড বেলিংহ্যাম, কেভিন দ্য ব্রুইন, আর্লিং হালান্ড, আশরফ হাকিমি, রবার্ট লেয়নডস্কি, সাদিয়ো মানে, লুকা মদ্রিচ, নেইমার, মহম্মদ সালাহ্, ভিনিসিয়াস জুনিয়র।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক