--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  উচ্চতম ন্যায়ালয়ৰ কিংবদন্তী অধিবক্তা ফালি এছ নাৰিমান আৰু নাই। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল  ৯৫ বছৰ। তেওঁ বুধবাৰে পুৱা দিল্লীত থকা নিজৰ  বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। দেশৰ বহুতে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। জ্যেষ্ঠ অধিবক্তা আৰু কংগ্ৰেছ নেতা অভিষেক মনু সিংভিয়ে নাৰিমানৰ মৃত্যুত শোক প্ৰকাশ কৰি কৈছেযে এটা যুগৰ সমাপ্তি ঘটিল।

অভিষেক সিংভিয়ে তেওঁৰ এক্স  হেণ্ডেলত লিখিছে , "এটা যুগৰ সমাপ্তি। নাৰিমানৰ মৃত্যু হৈছে। এজন জীৱন্ত কিংবদন্তী যিয়ে চিৰকাল আমাৰ হৃদয়ত থাকিব, যিসকল আইনৰ জগতৰ সৈতে সম্পৰ্কিত তেওঁলোকৰ হৃদয়ত  নাৰিমান ৰ’ব।’’ নাৰিমান কিছুদিন ধৰি  অসুস্থ হৈ আছিল। তেওঁ বোম্বাই উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। পিছত তেওঁ দিল্লীলৈ গৈছিল।
এজন অধিবক্তা  হিচাপে কিংবদন্তি ব্যক্তিগৰাকীয়ে  ১৯৯৯ চনৰ পৰা ২০০৫ চনলৈ ৰাজ্যসভাৰ সদস্য আছিল। তেওঁ ১৯৭২ চনৰ পৰা ১৯৭৫ চনলৈ অতিৰিক্ত ছলিচিটৰ জেনেৰেল আছিল। যেতিয়া ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল তেতিয়া তেওঁ সেই পদৰ পৰা পদত্যাগ কৰিছিল। নাৰিমান ১৯৯১ চনৰ পৰা ২০১০ চনলৈ বাৰ এছ'চিয়েচনৰ সভাপতি আছিল। তেওঁক ১৯৯১ চনত পদ্মভূষণ বঁটা প্ৰদান কৰা হৈছিল। পিছত তেওঁক ২০০৭ চনত পদ্ম বিভূষণ বঁটা প্ৰদান কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী