--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  উচ্চতম ন্যায়ালয়ৰ কিংবদন্তী অধিবক্তা ফালি এছ নাৰিমান আৰু নাই। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল  ৯৫ বছৰ। তেওঁ বুধবাৰে পুৱা দিল্লীত থকা নিজৰ  বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। দেশৰ বহুতে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। জ্যেষ্ঠ অধিবক্তা আৰু কংগ্ৰেছ নেতা অভিষেক মনু সিংভিয়ে নাৰিমানৰ মৃত্যুত শোক প্ৰকাশ কৰি কৈছেযে এটা যুগৰ সমাপ্তি ঘটিল।

অভিষেক সিংভিয়ে তেওঁৰ এক্স  হেণ্ডেলত লিখিছে , "এটা যুগৰ সমাপ্তি। নাৰিমানৰ মৃত্যু হৈছে। এজন জীৱন্ত কিংবদন্তী যিয়ে চিৰকাল আমাৰ হৃদয়ত থাকিব, যিসকল আইনৰ জগতৰ সৈতে সম্পৰ্কিত তেওঁলোকৰ হৃদয়ত  নাৰিমান ৰ’ব।’’ নাৰিমান কিছুদিন ধৰি  অসুস্থ হৈ আছিল। তেওঁ বোম্বাই উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। পিছত তেওঁ দিল্লীলৈ গৈছিল।
এজন অধিবক্তা  হিচাপে কিংবদন্তি ব্যক্তিগৰাকীয়ে  ১৯৯৯ চনৰ পৰা ২০০৫ চনলৈ ৰাজ্যসভাৰ সদস্য আছিল। তেওঁ ১৯৭২ চনৰ পৰা ১৯৭৫ চনলৈ অতিৰিক্ত ছলিচিটৰ জেনেৰেল আছিল। যেতিয়া ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল তেতিয়া তেওঁ সেই পদৰ পৰা পদত্যাগ কৰিছিল। নাৰিমান ১৯৯১ চনৰ পৰা ২০১০ চনলৈ বাৰ এছ'চিয়েচনৰ সভাপতি আছিল। তেওঁক ১৯৯১ চনত পদ্মভূষণ বঁটা প্ৰদান কৰা হৈছিল। পিছত তেওঁক ২০০৭ চনত পদ্ম বিভূষণ বঁটা প্ৰদান কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু