--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বছৰৰ প্ৰথম দিনটোতে আহিছে এটা ভয়াৱহ খবৰ৷ পানী নসৰকা নিৰাপ্তা বেষ্টনীৰে পৰিবেষ্টিত মহাৰাষ্ট্ৰৰ নাগপুৰস্থিত  ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰএছএছ) মুখ্য কাৰ্যালয়টো বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি আহিল।এজন অচিনাক্ত ব্যক্তিয়ে  ফোনত বোমা বিস্ফোৰণ ঘটাই কাৰ্যালয়টো উৰুৱাই দিয়াৰ ভাবুকি দিছে। এনে ভাবুকিৰ পিছতে  সংঘৰ মুখ্য কাৰ্যালয়ৰ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে৷  

সংঘৰ চৌহদৰ কাষতে থকা  সদৰ আৰক্ষী থানালৈ  তেনে এটা ফোন এটা আহিছিল। নাগপুৰৰ ডিচিপি (জোন ৩) গোৰখ ভামৰেই কয়, "আৰক্ষী নিয়ন্ত্ৰণ কক্ষলৈ এটা ফোন আহিছে। এজন ব্যক্তিয়ে  আৰ এছ এছৰ মুখ্য কাৰ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি দিয়ে। কলটো পোৱাৰ পিছত, বোমা উদ্ধাৰৰ বাবে  স্কোয়াডক মাতি অনা হৈছে। কুকুৰ দলো অনা হৈছে । গোটেই বিষয়টো  অনুসন্ধান কৰি থকা হৈছে৷  কিন্তু এতিয়ালৈকে বোমা পোৱা হোৱা নাই।  ফোন কলৰ পিছত আৰ এছ এছৰ মুখ্য কাৰ্যালয়ৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে।'' 

আৰক্ষীয়ে সেই নম্বৰটোৰগৰাকীৰ  সন্ধান উলিয়াবলৈ তদন্ত আৰম্ভ কৰিছে ।  আৰক্ষী আশাবাদী যে তেওঁলোকে শীঘ্ৰেই ৰহস্যটো সমাধান কৰিবলৈ সক্ষম হ'ব।উল্লেখ্য কোনো মতবিৰোধ থাকিলেও এনেদৰে একোটা সংগঠনৰ মুখ্য কাৰ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি বহুতে সহজভাবে গ্ৰহণ কৰিব পৰা নাই৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক