--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বছৰৰ প্ৰথম দিনটোতে আহিছে এটা ভয়াৱহ খবৰ৷ পানী নসৰকা নিৰাপ্তা বেষ্টনীৰে পৰিবেষ্টিত মহাৰাষ্ট্ৰৰ নাগপুৰস্থিত  ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰএছএছ) মুখ্য কাৰ্যালয়টো বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি আহিল।এজন অচিনাক্ত ব্যক্তিয়ে  ফোনত বোমা বিস্ফোৰণ ঘটাই কাৰ্যালয়টো উৰুৱাই দিয়াৰ ভাবুকি দিছে। এনে ভাবুকিৰ পিছতে  সংঘৰ মুখ্য কাৰ্যালয়ৰ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে৷  

সংঘৰ চৌহদৰ কাষতে থকা  সদৰ আৰক্ষী থানালৈ  তেনে এটা ফোন এটা আহিছিল। নাগপুৰৰ ডিচিপি (জোন ৩) গোৰখ ভামৰেই কয়, "আৰক্ষী নিয়ন্ত্ৰণ কক্ষলৈ এটা ফোন আহিছে। এজন ব্যক্তিয়ে  আৰ এছ এছৰ মুখ্য কাৰ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি দিয়ে। কলটো পোৱাৰ পিছত, বোমা উদ্ধাৰৰ বাবে  স্কোয়াডক মাতি অনা হৈছে। কুকুৰ দলো অনা হৈছে । গোটেই বিষয়টো  অনুসন্ধান কৰি থকা হৈছে৷  কিন্তু এতিয়ালৈকে বোমা পোৱা হোৱা নাই।  ফোন কলৰ পিছত আৰ এছ এছৰ মুখ্য কাৰ্যালয়ৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে।'' 

আৰক্ষীয়ে সেই নম্বৰটোৰগৰাকীৰ  সন্ধান উলিয়াবলৈ তদন্ত আৰম্ভ কৰিছে ।  আৰক্ষী আশাবাদী যে তেওঁলোকে শীঘ্ৰেই ৰহস্যটো সমাধান কৰিবলৈ সক্ষম হ'ব।উল্লেখ্য কোনো মতবিৰোধ থাকিলেও এনেদৰে একোটা সংগঠনৰ মুখ্য কাৰ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি বহুতে সহজভাবে গ্ৰহণ কৰিব পৰা নাই৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু