--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডিজিটেল পেমেণ্টৰ আবিৰ্ভাৱৰ লগে লগে বহু লোকে আগতকৈ কম এটিএমলৈ যায়। এনে পৰিস্থিতিত ATM লৈ কাৰো মূৰৰ বিষ নহয়। কিন্তু যদি আমি কওঁ যে আজিকালি এটিএমৰ পৰা টকা নহয় সোণ ওলায়, আপুনি বাৰু বিশ্বাস কৰিবনে? আপুনি আচৰিত হৈছে নহয় জানো? শেহতীয়াকৈ হায়দৰাবাদৰ এটা এটিএমে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

এইটো জুৱেলাৰী গোল্ডচিকাৰ এটিএম। ইয়াৰ বাবে তেওঁলোকে Opencube নামৰ এটা প্ৰযুক্তি ষ্টাৰ্টআপৰ সৈতে হাত মিলাইছে। আৰু তেওঁলোকৰ মগজুৰ পৰা ‘বিশ্বৰ প্ৰথম ৰিয়েল টাইম সোণৰ এটিএম’ৰ ধাৰণাটো ওলাই আহিল। কোম্পানীয়ে কয় যে ‘আমি গৌৰৱ অনুভৱ কৰিছো যে অৱশেষত আমি দেশৰ প্ৰথমটো সোণৰ এটিএম মুকলি কৰিলোঁ। ইয়াৰ জৰিয়তে আমি ভাৰতৰ সোণালী যাত্ৰাৰ এক অপ্ৰতিৰোধ্য যুগ আৰম্ভ কৰিবলৈ ওলাইছো।' নতুন গোল্ড এটিএম উদ্বোধনৰ ফটোও ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হয়। গোটেই ঘটনাটো দেখি নেটিজেনসকল হতভম্ব হৈ পৰিছে।

কেনেদৰে কাম কৰিব এই Gold ATM?

১. এই Gold ATM ৰ পৰা কেৱল ‘Verified Customers’ য়েহে সোণ উলিয়াব পাৰিব। এই সেৱা দিন বা ৰাতিৰ যিকোনো সময়তে উপলব্ধ।

২. ডেবিট-ক্ৰেডিট কাৰ্ডৰ উপৰিও প্ৰিপেইড আৰু পষ্ট-পেইড স্মাৰ্ট কাৰ্ডৰ সহায়ত এই এটিএমৰ পৰা সোণ উলিয়াব পাৰিব।

৩. কোম্পানীটোৰ মুখ্য কাৰ্যালয়ত স্থাপন কৰা হৈছে প্ৰথমটো এটিএম। বেগুম্পেটত অশোক ৰঘুপতি চেম্বাৰ্ছত। ভৱিষ্যতে মহানগৰীৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ সোণৰ এটিএম স্থাপন কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ উপৰিও কোম্পানীয়ে গ্ৰামাঞ্চলতো এই এটিএম সেৱা আগবঢ়াব বিচাৰিছে।

৪. দাম? নিৰ্মাতাসকলে কয় যে সোণৰ ‘লাইভ’ মূল্য অনুসৰি দাম নিৰ্ধাৰণ কৰা হ’ব। মানে ধৰি লওক এদিন ৰাতিপুৱা প্ৰতি ১০ গ্ৰাম সোণত ৫০ হাজাৰ টকা দেখা পাই এটিএমলৈ যাওক। ইফালে ২ ঘণ্টাৰ পিছত যোৱাৰ বাবে দাম ১০০-২০০ টকা বাঢ়িছে বা কমিছে। সেই ক্ষেত্ৰত আপুনি সেই হাৰত সোণ পাব।

৫. ০.৫ গ্ৰামৰ পৰা ১০০ গ্ৰামলৈকে সোণ ক্ৰয় কৰাৰ সুযোগ পাব। ২৪ কেৰেট।

৬. গোল্ডচিকাৰ উপ সভাপতিয়ে কয় যে প্ৰতিটো এটিএমত ৫ কেজি সোণ ৰখা হ’ব। ইয়াৰ মুঠ মূল্য ২-৩ কোটি। এটিএমত মুদ্ৰাৰ ৰূপত বিভিন্ন ওজনৰ সোণ বিতৰণ কৰা হ’ব। আৰু কাৰ্ড পেমেণ্টৰ সময়ত আপোনাৰ একাউণ্টৰ পৰা খৰচ কৰ্তন কৰা হ’ব। গ্ৰাহকে ০.৫ গ্ৰাম, ১ গ্ৰাম, ২ গ্ৰাম, ৫ গ্ৰাম, ১০ গ্ৰাম, ২০ গ্ৰাম, ৫০ গ্ৰাম আৰু ১০০ গ্ৰাম সোণত সোণ ক্ৰয় কৰাৰ বিকল্প লাভ কৰিব।

৬. প্ৰতিটো এটিএম মেচিনত নিৰাপত্তাৰ বাবে কেমেৰা থাকিব। ইয়াৰ উপৰিও চাৰিওফালে চিচিটিভি আছে। লগতে আছে এলাৰ্ম চিষ্টেম। ইয়াৰ উপৰিও গ্ৰাহকৰ যিকোনো সমস্যাৰ বাবে গ্ৰাহক সহায়ক দল মজুত আছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক