--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃনিবনুৱা সমস্যা, মূল্যবৃদ্ধিত অতিষ্ঠ জনতা। চৰকাৰৰ বিৰুদ্ধে গৰিষ্ঠসংখ্যক জনতাই নিতৌ ক্ষোভ উজাৰি আছে। নিবনুৱাৰ হুমুনিয়াহেৰে গধুৰ হৈ পৰিছে দেশৰ আকাশ। কোভিডৰ পিছৰে পৰা দেশত নিবনুৱাৰ ছবি খন আৰু অধিক দুখ লগা হৈ পৰিছে। কোটি কোটি লোকৰে ভৰি থকা ভাৰতত বছৰি সামান্য কেইটামান চাকৰিৰ সৃষ্টি কৰিয়েই চৰকাৰে বাঃ বাঃ ল’ব বিচাৰিছে।

 এক লাখ নিবনুৱাক চাকৰি দিব বুলি ঘোষণা কৰিবলৈয়েই চৰকাৰে কোটি কোটি টকা ভাঙি বিজ্ঞাপন দিবলগীয়া হৈছে, সভা পাতিবলগীয়া হৈছে। সকলো কথা চাৰ্কাছ চোৱাৰ দৰে চাই থাকিবলগীয়া হৈছে দেশৰ নিবনুৱাই। চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমি (চিএমআইই)ৰ তথ্য অনুসৰি নৱেম্বৰ মাহলৈ  দেশৰ নিবনুৱাৰ হাৰ তিনি মাহৰ সৰ্বোচ্চ ৮ শতাংশলৈ বৃদ্ধি পাইছে। চিএমআইইৰ তথ্য অনুসৰি  ভাৰতৰ চহৰ এলেকাত  নিবনুৱাৰ হাৰ ৮.৯৬ শতাংশতকৈ অধিক হৈছে,  একেদৰে গ্ৰাম্য অঞ্চলত সেই হাৰ  ৭.৫৫ শতাংশ হৈছে। চৰকাৰী চাকৰি সকলোকে দিয়া সম্ভৱ নহয় যদিও মোদীৰ চৰকাৰে নিজাববীয়াকৈ কিবা কামত  নিয়োজিত হ’ব পৰাকৈ দেশৰ নিবনুৱাসকলক সহায় কৰিব পৰা নাই। 

কাগজে-কলমে থকা আঁচনিসমূহে দেশৰ নিবনুৱা যুৱক-যুৱতীসকলক চুই যাব পৰা নাই। নিবনুৱা সমস্যাৰ লগতে বয়-বস্তুৰ আকাশলংঘী মূল্য বৃদ্ধিয়েও দেশৰ সাধাৰণ জনতাক কোঙা কৰি পেলাইছে। চাউল-দাউলৰ পৰা আৰম্ভ কৰি ইন্ধন , দৰব সকলোতে অত্যধিক মূল্যবৃদ্ধি হৈছে। সামগ্ৰী আৰু  সেৱাৰ মূল্যবৃধ্দি ৰোধ কৰিবলৈ চৰকাৰে কোনো প্ৰকাৰে চেষ্টা কৰা নাই। এক কথাত ক’বলৈ গ’লে বৰ্তমানৰ মোদীৰ চৰকাৰৰ ওপৰত গৰিষ্ঠসংখ্যক লোকেই নাৰাজ হৈ পৰিছে। কিন্তু জনতাৰ এনে অসন্তুষ্টিৰ বৰ্হিপ্ৰকাশ শেহতীয়া কোনো এটা নিৰ্বাচনতে পৰিলক্ষিত হোৱা নাই। এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত হোৱাৰ পিছতো যেন দেশৰ গৰিষ্ঠসংখ্যক জনতাই বিজেপিকেই ভোট দি আহিছে। সেই কথা শেহতীয়াকৈ নিৰ্বাচন অনুশ্ঠিত হোৱা কেইখনমান ৰাজ্যৰ এক্সিট প’লৰ প্ৰমাণ হৈছে।

 ’ চি -ভোটাৰ’ সমীক্ষা অনুসৰি গুজৰাট বিধানসভা নিৰ্বাচনত  পুনৰ বিশাল সংখ্যাগরিষ্ঠতাৰে  সপ্তমবাৰৰ বাবে বিজেপিয়েই চৰকাৰ গঠন কৰিব। হিমাচল প্ৰদেশতোবিজেপিৰ অৱস্থা ভাল হ’ব।  নিউজ এক জন কী বাত, ৰিপাব্লিক  টিভি , ইন্ডিয়া টিভি আদিৰ চি -ভোটাৰ সমীক্ষাত দুয়োখন ৰাজ্যতে বিজেপিকেই প্ৰাধান্য দিয়া হৈছে। সমীক্ষা অনুসৰি ১৮২ জনীয়া বিধানসভাৰ নিৰ্বাচনত  গুজৰাটতত বিজেপিয়ে লাভ কৰিব ১০৮ খন আসন, কংগ্ৰেছে ৭৪ খন।   ইণ্ডিয়া টুডে এক্সিং মাই ইণ্ডিয়াৰ সমীক্ষা অনুসৰি  ৬৮ জনীয়া বিধানসভাত কংগ্ৰেছে ৩০ খনৰ পৰা ৪০ খন আসন লাভ কৰিব।   বিজেপিৰ আসন ২ খনৰ পৰা ৩৪ খনৰ ভিতৰত থাকিব। ৰাজ্য খনত   ৮ ডিচেম্বৰত ভোট গণনা কৰা হ’ব। 

এগজিট প'লৰ মতে  গুজৰাটৰ ১৮২ খন  আসনৰ ভিতৰত বিজেপিয়ে ১০৮ খন, কংগ্ৰেছে ৭৪ খন,  আপে  ৯ খন আসন লাভ কৰিব । ৰিপাব্লিক টিভি-ৰসমীক্ষা মতে গুজৰাটত  বিজেপিয়ে ১২৮-১৪৮, কংগ্ৰেছে ৩০-৪২ আৰু আপে ২-১০ খন আসন লাভ কৰিব।  : নিউজ মন কী বাতৰ  মতে বিজেপিয়ে গুজৰাটত  ১১৭-১৪০, কংগ্ৰেছে ৩৪-৫১, আপে ২-১০ আসন পাব, নিউজ নাওৰ  সমীক্ষা মতে বিজেপিয়ে ১২৪-১২৮, কংগ্ৰেছে ৫৬, আপে ১-৩ খন আসন, টিভি ৱানৰ মতে গুজৰাটত বিজেপিয়ে  ১২৫- ১৩০, কংগ্ৰেছে ৪০-৫০ আৰু  আপে ৩-৫ খন আসন লাভ কৰিব । নিউজ ১৮ৰ সমীক্ষা মতে  এইবাৰ গুজৰাট বিধানসভা নির্বাচনত  বিজেপিয়ে সর্বাধিক ১০৮ খন আসন আৰু কারেছে ৭৪ আসন লাভ কৰিব। 

হিমাচল প্ৰদেশৰ ৬৮ জনীয়া  বিধানসভাত ইন্ডিয়া টুডেৰ মতে  কংগ্ৰেছে ৩০ বা ততোধিক,   বিজেপিয়ে ২৪-৩৪ খনআসন লাভ কৰিব। ৰিপাব্লিক টিভিৰ  মতে হিমাচলত  বিজেপিয়ে ৩৪-৩৯, কংগ্রেছে ২৮-৩০ খন, টাইমছ নাওৰ  মতে হিমাচলত বিজেপিয়ে  ৩৪-৪২ খন, কংগ্ৰেছে ২৪-৩২ খন আসন লাভ কৰিব। ৰাজ্য খনত চৰকাৰ গঠনৰ বাবে কোনো এটা দলৰ প্ৰয়োজন হ’ব ৩৫ খন আসন। সেই দিশৰ পৰা হিমাচলতো বিজেপিৰেই চৰকাৰ হ’ব বুলি বহু সমীক্ষাই ইংগিত দিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰত উজলিল অসম; দেশৰ ভিতৰতে শ্ৰেষ্ঠ অসমৰ ৩খন গাঁও পঞ্চায়ত
ভাৰতত ভয়াৱহ আক্ৰমণৰ ষড়যন্ত্ৰ ISIৰ
দিল্লীৰ মছনদত অধিষ্ঠিত হোৱাৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত বিজেপিৰ নখন ৰাজ্য দখল
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
ডিফুত চাঞ্চল্য! কংগ্ৰেছ নেতা ৰতন ইংতিৰ ঘৰলৈ পেট্ৰ’ল বটল বোমা নিক্ষেপ
’২৬ৰ নিৰ্বাচন: ১২৬টা সমষ্টিৰ বিজয়ী প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা চাওঁ আহক
৮ মে’ত ৰাজ্যৰ নতুন চৰকাৰৰ শপতগ্রহণ
কানাডাত লৰেন্স বিষ্ণইৰ ঘনিষ্ঠক গুলীয়াই হত্যা ; দায়িত্ব স্বীকাৰ ৰোহিত গোদাৰা গেঙৰ
জনপ্রিয় অভিনেতাৰ পৰা সফল ৰাজনীতিকলৈ থালাপতি বিজয়ৰ বিশাল পৰিক্ৰমা