--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছাহাৰা গোটৰ কৰ্ণধাৰ সুব্ৰত ৰায়ে মঙলবাৰে নিশা ৭৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ এদিন পাছত ছাহাৰাৰ স’তে জড়িত থকা ২৫ হাজাৰ কোটি টকাৰ চৰ্চা পুনৰ আৰম্ভ হৈছে।  ছেবি-চাহাৰা একাউণ্টত পৰি আছে এই ২৫ হাজাৰ কোটি টকা!

অবৈধ ধন বিনিয়োগ আঁচনি (পঞ্জি)ৰ জৰিয়তে বিনিয়োগকাৰীৰ পৰা কোটি কোটি টকা চাইফন কৰি লোৱাৰ অভিযোগ ছাহাৰাৰ বিৰুদ্ধে। কিন্তু সেই ধন কোম্পানীটোৱে বিনিয়োগকাৰীক ঘূৰাই নিদিলে।

২০১১ চনত বজাৰ নিয়ন্ত্ৰক ছেবিয়ে চাহাৰাৰ দুটা কোম্পানী চাহাৰা ইণ্ডিয়া ৰিয়েল এষ্টেট কৰ্প’ৰেশ্যন আৰু চাহাৰা হাউছিং ইনভেষ্টমেণ্ট কৰ্প’ৰেশ্যনক ৩ কোটি বিনিয়োগকাৰীক ধন ঘূৰাই দিবলৈ নিৰ্দেশ দিছিল। চাহাৰাৰ কোম্পানী দুটাৰ বিৰুদ্ধে অভিযোগ আছিল যে ডিবেঞ্চাৰৰ জৰিয়তে বিনিয়োগকাৰীৰ পৰা অবৈধভাৱে ধন উলিওৱা হৈছিল।

দীৰ্ঘদিন ধৰি চলি আহিছে চাহাৰাৰ সংগঠন দুটাৰ বিৰুদ্ধে আইনী যুঁজ। অৱশ্যে এই যুঁজত আইন ভংগ কৰাৰ অভিযোগ বাৰে বাৰে অস্বীকাৰ কৰি আহিছে চাহাৰাৰ সংগঠন দুটাই।

২০১২ চনৰ ৩১ আগষ্টত ছেবিৰ নিৰ্দেশক সমৰ্থন কৰি উচ্চতম ন্যায়ালয়ে কয় যে বিনিয়োগকাৰীয়ে ১৫ শতাংশ সুতৰ সৈতে মূলধন ঘূৰাই দিব লাগিব। সেই উদ্দেশ্যে ছাহাৰাৰ কোম্পানী দুটাকো ছেবিত ধন জমা কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।

উচ্চতম ন্যায়ালয়ে ছাহাৰা প্ৰতিষ্ঠান দুটাক ছেবিত ২৪ হাজাৰ কোটি টকা জমা দিবলৈ নিৰ্দেশ দিয়ে। যদিও সুব্ৰতৰ প্ৰতিষ্ঠানে দাবী কৰিছিল, বিনিয়োগকাৰীৰ ৯৫ শতাংশতকৈ অধিক ধন পোনপটীয়াকৈ ঘূৰাই দিয়া হৈছিল।

কিন্তু ছেবিৰ শেহতীয়া বাৰ্ষিক প্ৰতিবেদনত বেলেগ কথা কোৱা হৈছে। শেহতীয়া প্ৰতিবেদনৰ পৰিসংখ্যা অনুসৰি চাহাৰা প্ৰতিষ্ঠান দুটাই বিগত ১১ বছৰত বিনিয়োগকাৰীক মাত্ৰ ১৩৮.০৭ কোটি টকাহে ঘূৰাই দিছে। সমগ্ৰ প্ৰক্ৰিয়াটো এতিয়াও সম্পূৰ্ণ হোৱা নাই।

আনহাতে, চাহাৰা কোম্পানী দুটাই ছেবি একাউণ্টত সুত লৈ ৰখা ধন আচলতে ২৫ হাজাৰ কোটি টকা অতিক্ৰম কৰিছে। ছেবিৰ শেহতীয়া বাৰ্ষিক প্ৰতিবেদন অনুসৰি ২০২২-২৩ বিত্তীয় বৰ্ষত চাহাৰা কোম্পানী দুটাই বিনিয়োগকাৰীক ৭ লাখ টকা ঘূৰাই দিছিল।

বিনিয়োগকাৰীৰ ধন ঘূৰাই দিয়াৰ প্ৰক্ৰিয়াটো অতি লাহে লাহে চলি থকা বুলি অভিযোগ উত্থাপন কৰিছে চাহাৰা গোট দুটাই। ছেবিৰ প্রতিবেদনত ৫৩,৬৮৭টা একাউণ্টৰ বিনিয়োগৰ ধন ঘূৰাই দিয়াৰ বাবে এই পৰ্যন্ত ১৯,৬৫০টা আৱেদন দাখিল কৰা হৈছে বুলিও উল্লেখ কৰিছে৷

১৯,৬৫০ টা আবেদনৰ ভিতৰত ১৭,৫২৬ টা আৱেদনে ৪৮,৩২৬ টা একাউণ্টত মুঠ ১৩৮.০৭ কোটি টকা ঘূৰাই পোৱা গৈছে। ছেবিৰ গাইডলাইন আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ৩১ মাৰ্চলৈকে চাহাৰাৰ ১৫,৬৪৬.৬৮ কোটি টকা জব্দ কৰা হৈছে।

চলিত বৰ্ষৰ আগষ্ট মাহত কেন্দ্ৰই চাৰিটা চাহাৰা কোম্পানীৰ বিনিয়োগকাৰীক মুঠ ৫০০০ কোটি টকা ঘূৰাই দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ধনৰ বাবে আবেদনৰ বাবে চি আৰ চি এছ-চাহাৰা ৰিফাণ্ড পৰ্টেল মুকলি কৰে। এতিয়ালৈকে ১৮ লাখ জমাকাৰীয়ে পৰ্টেলত পঞ্জীয়ন কৰা বুলি জানিব পৰা গৈছে।

চাহাৰা গোটৰ নেতাগৰাকীৰ মৃত্যুৰ পিছত পুনৰ উত্থাপিত হৈছে ২৫ হাজাৰ কোটিৰ মূলধনৰ প্ৰশ্ন। এতিয়া সেই মূলধনৰ ভৱিষ্যত কি?আৰম্ভণিৰে পৰা টকা ঘূৰাই দিয়াৰ প্ৰক্ৰিয়াটো লাহে লাহে চলি আছিল। কৰণধৰ সুব্ৰতৰ বিদায়ৰ পিছত বিনিয়োগকাৰীয়ে তেওঁলোকৰ ধন ঘূৰাই পাবনে?

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক