--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছাহাৰা গোটৰ কৰ্ণধাৰ সুব্ৰত ৰায়ে মঙলবাৰে নিশা ৭৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ এদিন পাছত ছাহাৰাৰ স’তে জড়িত থকা ২৫ হাজাৰ কোটি টকাৰ চৰ্চা পুনৰ আৰম্ভ হৈছে।  ছেবি-চাহাৰা একাউণ্টত পৰি আছে এই ২৫ হাজাৰ কোটি টকা!

অবৈধ ধন বিনিয়োগ আঁচনি (পঞ্জি)ৰ জৰিয়তে বিনিয়োগকাৰীৰ পৰা কোটি কোটি টকা চাইফন কৰি লোৱাৰ অভিযোগ ছাহাৰাৰ বিৰুদ্ধে। কিন্তু সেই ধন কোম্পানীটোৱে বিনিয়োগকাৰীক ঘূৰাই নিদিলে।

২০১১ চনত বজাৰ নিয়ন্ত্ৰক ছেবিয়ে চাহাৰাৰ দুটা কোম্পানী চাহাৰা ইণ্ডিয়া ৰিয়েল এষ্টেট কৰ্প’ৰেশ্যন আৰু চাহাৰা হাউছিং ইনভেষ্টমেণ্ট কৰ্প’ৰেশ্যনক ৩ কোটি বিনিয়োগকাৰীক ধন ঘূৰাই দিবলৈ নিৰ্দেশ দিছিল। চাহাৰাৰ কোম্পানী দুটাৰ বিৰুদ্ধে অভিযোগ আছিল যে ডিবেঞ্চাৰৰ জৰিয়তে বিনিয়োগকাৰীৰ পৰা অবৈধভাৱে ধন উলিওৱা হৈছিল।

দীৰ্ঘদিন ধৰি চলি আহিছে চাহাৰাৰ সংগঠন দুটাৰ বিৰুদ্ধে আইনী যুঁজ। অৱশ্যে এই যুঁজত আইন ভংগ কৰাৰ অভিযোগ বাৰে বাৰে অস্বীকাৰ কৰি আহিছে চাহাৰাৰ সংগঠন দুটাই।

২০১২ চনৰ ৩১ আগষ্টত ছেবিৰ নিৰ্দেশক সমৰ্থন কৰি উচ্চতম ন্যায়ালয়ে কয় যে বিনিয়োগকাৰীয়ে ১৫ শতাংশ সুতৰ সৈতে মূলধন ঘূৰাই দিব লাগিব। সেই উদ্দেশ্যে ছাহাৰাৰ কোম্পানী দুটাকো ছেবিত ধন জমা কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।

উচ্চতম ন্যায়ালয়ে ছাহাৰা প্ৰতিষ্ঠান দুটাক ছেবিত ২৪ হাজাৰ কোটি টকা জমা দিবলৈ নিৰ্দেশ দিয়ে। যদিও সুব্ৰতৰ প্ৰতিষ্ঠানে দাবী কৰিছিল, বিনিয়োগকাৰীৰ ৯৫ শতাংশতকৈ অধিক ধন পোনপটীয়াকৈ ঘূৰাই দিয়া হৈছিল।

কিন্তু ছেবিৰ শেহতীয়া বাৰ্ষিক প্ৰতিবেদনত বেলেগ কথা কোৱা হৈছে। শেহতীয়া প্ৰতিবেদনৰ পৰিসংখ্যা অনুসৰি চাহাৰা প্ৰতিষ্ঠান দুটাই বিগত ১১ বছৰত বিনিয়োগকাৰীক মাত্ৰ ১৩৮.০৭ কোটি টকাহে ঘূৰাই দিছে। সমগ্ৰ প্ৰক্ৰিয়াটো এতিয়াও সম্পূৰ্ণ হোৱা নাই।

আনহাতে, চাহাৰা কোম্পানী দুটাই ছেবি একাউণ্টত সুত লৈ ৰখা ধন আচলতে ২৫ হাজাৰ কোটি টকা অতিক্ৰম কৰিছে। ছেবিৰ শেহতীয়া বাৰ্ষিক প্ৰতিবেদন অনুসৰি ২০২২-২৩ বিত্তীয় বৰ্ষত চাহাৰা কোম্পানী দুটাই বিনিয়োগকাৰীক ৭ লাখ টকা ঘূৰাই দিছিল।

বিনিয়োগকাৰীৰ ধন ঘূৰাই দিয়াৰ প্ৰক্ৰিয়াটো অতি লাহে লাহে চলি থকা বুলি অভিযোগ উত্থাপন কৰিছে চাহাৰা গোট দুটাই। ছেবিৰ প্রতিবেদনত ৫৩,৬৮৭টা একাউণ্টৰ বিনিয়োগৰ ধন ঘূৰাই দিয়াৰ বাবে এই পৰ্যন্ত ১৯,৬৫০টা আৱেদন দাখিল কৰা হৈছে বুলিও উল্লেখ কৰিছে৷

১৯,৬৫০ টা আবেদনৰ ভিতৰত ১৭,৫২৬ টা আৱেদনে ৪৮,৩২৬ টা একাউণ্টত মুঠ ১৩৮.০৭ কোটি টকা ঘূৰাই পোৱা গৈছে। ছেবিৰ গাইডলাইন আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ৩১ মাৰ্চলৈকে চাহাৰাৰ ১৫,৬৪৬.৬৮ কোটি টকা জব্দ কৰা হৈছে।

চলিত বৰ্ষৰ আগষ্ট মাহত কেন্দ্ৰই চাৰিটা চাহাৰা কোম্পানীৰ বিনিয়োগকাৰীক মুঠ ৫০০০ কোটি টকা ঘূৰাই দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ধনৰ বাবে আবেদনৰ বাবে চি আৰ চি এছ-চাহাৰা ৰিফাণ্ড পৰ্টেল মুকলি কৰে। এতিয়ালৈকে ১৮ লাখ জমাকাৰীয়ে পৰ্টেলত পঞ্জীয়ন কৰা বুলি জানিব পৰা গৈছে।

চাহাৰা গোটৰ নেতাগৰাকীৰ মৃত্যুৰ পিছত পুনৰ উত্থাপিত হৈছে ২৫ হাজাৰ কোটিৰ মূলধনৰ প্ৰশ্ন। এতিয়া সেই মূলধনৰ ভৱিষ্যত কি?আৰম্ভণিৰে পৰা টকা ঘূৰাই দিয়াৰ প্ৰক্ৰিয়াটো লাহে লাহে চলি আছিল। কৰণধৰ সুব্ৰতৰ বিদায়ৰ পিছত বিনিয়োগকাৰীয়ে তেওঁলোকৰ ধন ঘূৰাই পাবনে?

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক