--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কৰ’না ভাইৰাছে যোৱা ৩ বছৰে বিভিন্ন ভেৰিয়েন্টৰে ত্ৰাসৰ সৃষ্টি কৰি আহিছে, কিন্তু সময়ৰ লগে লগে ইয়াৰ বিপজ্জনক ৰূপটো হ্ৰাস পাইছে। ইয়াৰ কাৰণ হ’ল-কৰ’না বিৰুদ্ধে যুঁজিবলৈ কৰা নতুন পৰীক্ষা-নিৰীক্ষা। বৰ্তমান কৰ’নাৰ বহু ভেকচিন নিৰ্মাণ হৈছে বিশ্বত। এতিয়া বহু ধৰণৰ ঔষধো বজাৰত উপলব্ধ হৈছে। বজাৰত কৰ’না টেষ্টিঙৰ বাবে বহুতো বিকল্পৰ সমান্তৰালকৈ বিজ্ঞানীসকলে আন এক আচৰিত আৱিষ্কাৰ কৰিছে। কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ সহায়ত এজন ব্যক্তিৰ ক’ভিড-১৯ সংক্ৰমণ হৈছে নে নাই সেই কথা জানিবলৈ মানুহৰ কণ্ঠ বিশ্লেষণ কৰিব পৰাকৈ এটা নতুন মোবাইল এপ প্ৰস্তুত কৰিছে।

 ১. পৰীক্ষাত ৮৯% পৰ্যন্ত সঠিকতা-

নেদাৰলেণ্ডৰ মাষ্ট্ৰিখ্ট বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট অব ডাটা চাইন্সৰ গৱেষকসকলে দাবী কৰিছে যে এই এপটো অন্যান্য এন্টিজেন পৰীক্ষাতকৈ অধিক সঠিক আৰু তুলনামূলকভাৱে ই সস্তা, দ্ৰুত আৰু ব্যৱহাৰ কৰাত সহজ। গৱেষক দলটোৱে জনোৱা মতে, কম আয়ৰ দেশসমূহত এই এপটো উপযোগী হ’ব পাৰে য’ত RT-PCR পৰীক্ষা অতি ব্যয়বহুল। বিজ্ঞানীসকলে দাবী কৰিছে যে ৮৯ শতাংশ পৰ্যন্ত এ আই মডেলৰ সঠিকতা পোৱা গৈছে।

 ২. সোমবাৰে এপ প্ৰেজেণ্টেচন-

গৱেষকসকলে কয় যে এই এপটোৱে ক’ভিড পজিটিভ ৰোগী চিনাক্ত কৰাত প্ৰায় ৮৯ শতাংশ সঠিকভাৱে কাম কৰিছিল। আনহাতে ক’ভিড নেগেটিভ ৰোগী চিনাক্ত কৰাত ই ৮৩ শতাংশ সঠিক আছিল। এই গৱেষণা সোমবাৰে স্পেইনৰ বাৰ্চিলোনাত অনুষ্ঠিত ইউৰোপীয় শ্বাস-প্ৰশ্বাসজনিত সমাজৰ আন্তঃৰাষ্ট্ৰীয়ত উপস্থাপন কৰা হয়। নেদাৰলেণ্ডৰ মাষ্ট্ৰিখ বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট অব ডাটা চাইন্সৰ গৱেষক ৱাফা আলজাবৱিয়ে এপটোৰ বিষয়ে কয়, ‘ভাল ফলাফলসমূহে প্ৰকাশ কৰে যে সহজ ভয়েচ ৰেকৰ্ডিং আৰু ফাইন-টিউন এআই এলগৰিদমে সম্ভাৱনাময়ভাৱে কোনজন ৰোগীৰ ক’ভিড-১৯ আছে সেইটো নিৰ্ণয় কৰি সতৰ্কতা অৱলম্বন কৰিব পাৰে ৰোগ বিয়পা ক্ষেত্ৰত। এই এপটো তৈয়াৰ কৰা বিজ্ঞানীসকলে মেইল-স্পেকট্ৰ’গ্ৰাম বিশ্লেষণ ব্যৱহাৰ কৰি ৪,৩৫২জন সুস্থ আৰু অসুস্থ অংশগ্ৰহণকাৰীৰ ভিতৰত ৮৯৩জনৰ অডিঅ’ নমুনা মূল্যায়ন কৰিছিল, ইয়াৰে ৩০৮জনৰ ক’ভিড পজিটিভ পোৱা গৈছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ