--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কৰ’না ভাইৰাছে যোৱা ৩ বছৰে বিভিন্ন ভেৰিয়েন্টৰে ত্ৰাসৰ সৃষ্টি কৰি আহিছে, কিন্তু সময়ৰ লগে লগে ইয়াৰ বিপজ্জনক ৰূপটো হ্ৰাস পাইছে। ইয়াৰ কাৰণ হ’ল-কৰ’না বিৰুদ্ধে যুঁজিবলৈ কৰা নতুন পৰীক্ষা-নিৰীক্ষা। বৰ্তমান কৰ’নাৰ বহু ভেকচিন নিৰ্মাণ হৈছে বিশ্বত। এতিয়া বহু ধৰণৰ ঔষধো বজাৰত উপলব্ধ হৈছে। বজাৰত কৰ’না টেষ্টিঙৰ বাবে বহুতো বিকল্পৰ সমান্তৰালকৈ বিজ্ঞানীসকলে আন এক আচৰিত আৱিষ্কাৰ কৰিছে। কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ সহায়ত এজন ব্যক্তিৰ ক’ভিড-১৯ সংক্ৰমণ হৈছে নে নাই সেই কথা জানিবলৈ মানুহৰ কণ্ঠ বিশ্লেষণ কৰিব পৰাকৈ এটা নতুন মোবাইল এপ প্ৰস্তুত কৰিছে।

 ১. পৰীক্ষাত ৮৯% পৰ্যন্ত সঠিকতা-

নেদাৰলেণ্ডৰ মাষ্ট্ৰিখ্ট বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট অব ডাটা চাইন্সৰ গৱেষকসকলে দাবী কৰিছে যে এই এপটো অন্যান্য এন্টিজেন পৰীক্ষাতকৈ অধিক সঠিক আৰু তুলনামূলকভাৱে ই সস্তা, দ্ৰুত আৰু ব্যৱহাৰ কৰাত সহজ। গৱেষক দলটোৱে জনোৱা মতে, কম আয়ৰ দেশসমূহত এই এপটো উপযোগী হ’ব পাৰে য’ত RT-PCR পৰীক্ষা অতি ব্যয়বহুল। বিজ্ঞানীসকলে দাবী কৰিছে যে ৮৯ শতাংশ পৰ্যন্ত এ আই মডেলৰ সঠিকতা পোৱা গৈছে।

 ২. সোমবাৰে এপ প্ৰেজেণ্টেচন-

গৱেষকসকলে কয় যে এই এপটোৱে ক’ভিড পজিটিভ ৰোগী চিনাক্ত কৰাত প্ৰায় ৮৯ শতাংশ সঠিকভাৱে কাম কৰিছিল। আনহাতে ক’ভিড নেগেটিভ ৰোগী চিনাক্ত কৰাত ই ৮৩ শতাংশ সঠিক আছিল। এই গৱেষণা সোমবাৰে স্পেইনৰ বাৰ্চিলোনাত অনুষ্ঠিত ইউৰোপীয় শ্বাস-প্ৰশ্বাসজনিত সমাজৰ আন্তঃৰাষ্ট্ৰীয়ত উপস্থাপন কৰা হয়। নেদাৰলেণ্ডৰ মাষ্ট্ৰিখ বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট অব ডাটা চাইন্সৰ গৱেষক ৱাফা আলজাবৱিয়ে এপটোৰ বিষয়ে কয়, ‘ভাল ফলাফলসমূহে প্ৰকাশ কৰে যে সহজ ভয়েচ ৰেকৰ্ডিং আৰু ফাইন-টিউন এআই এলগৰিদমে সম্ভাৱনাময়ভাৱে কোনজন ৰোগীৰ ক’ভিড-১৯ আছে সেইটো নিৰ্ণয় কৰি সতৰ্কতা অৱলম্বন কৰিব পাৰে ৰোগ বিয়পা ক্ষেত্ৰত। এই এপটো তৈয়াৰ কৰা বিজ্ঞানীসকলে মেইল-স্পেকট্ৰ’গ্ৰাম বিশ্লেষণ ব্যৱহাৰ কৰি ৪,৩৫২জন সুস্থ আৰু অসুস্থ অংশগ্ৰহণকাৰীৰ ভিতৰত ৮৯৩জনৰ অডিঅ’ নমুনা মূল্যায়ন কৰিছিল, ইয়াৰে ৩০৮জনৰ ক’ভিড পজিটিভ পোৱা গৈছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু