--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰিমগঞ্জৰ পৰা স্থাপন কৰা হ’ব বাংলাদেশ সংযোগী দলং৷ বাংলাদেশৰ বৈদেশিক মন্ত্ৰী আব্দুল মোমেনে কয় যে ত্ৰিপুৰাৰ ফেনী নদীত নিৰ্মাণ কৰা বন্ধুত্ব দলঙে যিদৰে ভাৰত-বাংলাদেশক সংযোগ কৰিছে, সেইদৰে অসমৰ কৰিমগঞ্জৰ কুছিয়াৰা নদীত আন এখন দলং নিৰ্মাণ কৰিবলৈ গৈ আছে। তাৰ বাবে ইতিমধ্যে চৰকাৰী প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলিও তেওঁ উল্লেখ কৰে৷ ইয়াৰ উপৰিও মোমেনে মন্তব্য কৰে যে তেওঁ ভাৰত আৰু বাংলাদেশৰ মাজত ভিছাবিহীন ভ্ৰমণৰ পক্ষত আছে।

বাংলাদেশৰ চিলেটত আয়োজন কৰা তিনিদিনীয়া শিলচৰ-চিলেট মহোৎসৱৰ সময়ত মোমেনে কয় যে কৰিমগঞ্জ-জাকিগঞ্জ দলং নিৰ্মাণৰ সন্দৰ্ভত শীঘ্ৰে প্ৰাৰম্ভিক জৰীপৰ কাম আৰম্ভ কৰা হ’ব। ২০২১ চনৰ মাৰ্চ মাহত ফেনী নদীৰ ওপৰত সব্ৰুম-ৰামগড় বন্ধুত্ব দলং উদ্বোধন কৰা হয় দুমাহ পূৰ্বে ৰাজহুৱাৰ বাবে মুকলি কৰা হৈছিল দলংখন মোমেনে কয়, "এইদৰে আমি উত্তৰ-পূব ভাৰতৰ সৈতে আমাৰ সম্পৰ্ক শক্তিশালী কৰিব বিচাৰো। তাৰ বাবে সকলো প্ৰচেষ্টা চলি আছে।" তেওঁৰ ভাষাত, "চিলেট-চিলচাৰ বাছ সংযোগ সময়ৰ কথা মাথোঁ। এই সময়ত পথৰ কিছু সমস্যা আছে, সমাধান হ'লেহে দুয়োখন দেশতে বাছ সেৱা আৰম্ভ হ'ব।"

বৰাক উপত্যকাক লৈ দেশখন বিভক্ত হ’লেও এই অঞ্চলৰ পৰা বাংলাদেশলৈ অহাসকলে ভিছাৰ বাবে গুৱাহাটী বা আগৰতলালৈ যাবলগীয়া হয়। এই সমস্যা সমাধানৰ বাবে অসম নাগৰিক অধিকাৰ সুৰক্ষা সমিতিয়ে শিলচৰত ভিছা কার্যালয় স্থাপনৰ দাবী উত্থাপন কৰে৷ শনিবাৰৰ কাৰ্যসূচীত বাংলাদেশৰ প্ৰবাসী কল্যাণ মন্ত্ৰী ইমৰাণ আহমেদে মুখ্য অতিথি ভাষণ প্ৰদান কৰে তেওঁ বাৰে বাৰে ভাৰত-বাংলাদেশৰ বন্ধুত্বৰ কথা উল্লেখ কৰিছিল ত্ৰিপুৰা বিধানসভাৰ উপাধ্যক্ষ ৰামপ্ৰসাদ পাল, মেঘালয়ৰ সাংসদ ভিনচেণ্ট পালা, পশ্চিম বংগৰ প্ৰাক্তন সাংসদ স্বপন সেনগুপ্ত উপস্থিত থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি