--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰিমগঞ্জৰ পৰা স্থাপন কৰা হ’ব বাংলাদেশ সংযোগী দলং৷ বাংলাদেশৰ বৈদেশিক মন্ত্ৰী আব্দুল মোমেনে কয় যে ত্ৰিপুৰাৰ ফেনী নদীত নিৰ্মাণ কৰা বন্ধুত্ব দলঙে যিদৰে ভাৰত-বাংলাদেশক সংযোগ কৰিছে, সেইদৰে অসমৰ কৰিমগঞ্জৰ কুছিয়াৰা নদীত আন এখন দলং নিৰ্মাণ কৰিবলৈ গৈ আছে। তাৰ বাবে ইতিমধ্যে চৰকাৰী প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলিও তেওঁ উল্লেখ কৰে৷ ইয়াৰ উপৰিও মোমেনে মন্তব্য কৰে যে তেওঁ ভাৰত আৰু বাংলাদেশৰ মাজত ভিছাবিহীন ভ্ৰমণৰ পক্ষত আছে।

বাংলাদেশৰ চিলেটত আয়োজন কৰা তিনিদিনীয়া শিলচৰ-চিলেট মহোৎসৱৰ সময়ত মোমেনে কয় যে কৰিমগঞ্জ-জাকিগঞ্জ দলং নিৰ্মাণৰ সন্দৰ্ভত শীঘ্ৰে প্ৰাৰম্ভিক জৰীপৰ কাম আৰম্ভ কৰা হ’ব। ২০২১ চনৰ মাৰ্চ মাহত ফেনী নদীৰ ওপৰত সব্ৰুম-ৰামগড় বন্ধুত্ব দলং উদ্বোধন কৰা হয় দুমাহ পূৰ্বে ৰাজহুৱাৰ বাবে মুকলি কৰা হৈছিল দলংখন মোমেনে কয়, "এইদৰে আমি উত্তৰ-পূব ভাৰতৰ সৈতে আমাৰ সম্পৰ্ক শক্তিশালী কৰিব বিচাৰো। তাৰ বাবে সকলো প্ৰচেষ্টা চলি আছে।" তেওঁৰ ভাষাত, "চিলেট-চিলচাৰ বাছ সংযোগ সময়ৰ কথা মাথোঁ। এই সময়ত পথৰ কিছু সমস্যা আছে, সমাধান হ'লেহে দুয়োখন দেশতে বাছ সেৱা আৰম্ভ হ'ব।"

বৰাক উপত্যকাক লৈ দেশখন বিভক্ত হ’লেও এই অঞ্চলৰ পৰা বাংলাদেশলৈ অহাসকলে ভিছাৰ বাবে গুৱাহাটী বা আগৰতলালৈ যাবলগীয়া হয়। এই সমস্যা সমাধানৰ বাবে অসম নাগৰিক অধিকাৰ সুৰক্ষা সমিতিয়ে শিলচৰত ভিছা কার্যালয় স্থাপনৰ দাবী উত্থাপন কৰে৷ শনিবাৰৰ কাৰ্যসূচীত বাংলাদেশৰ প্ৰবাসী কল্যাণ মন্ত্ৰী ইমৰাণ আহমেদে মুখ্য অতিথি ভাষণ প্ৰদান কৰে তেওঁ বাৰে বাৰে ভাৰত-বাংলাদেশৰ বন্ধুত্বৰ কথা উল্লেখ কৰিছিল ত্ৰিপুৰা বিধানসভাৰ উপাধ্যক্ষ ৰামপ্ৰসাদ পাল, মেঘালয়ৰ সাংসদ ভিনচেণ্ট পালা, পশ্চিম বংগৰ প্ৰাক্তন সাংসদ স্বপন সেনগুপ্ত উপস্থিত থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল