--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যুদ্ধভূমি গাজাত এতিয়া অপমৃত্যু ঘটিছে মানৱতাৰ। শ শ ইজৰাইলী নাগৰিক হামাছ সন্ত্ৰাসবাদীয়ে অপহৰণ কৰি নিছে। তেওঁলোকৰ মাজৰে বহুতকে হামাছে নৃশংসভাবে হত্যা কৰিছে। নিহতসকলৰ ভিতৰত বহু কেইটা শিশুও আছে। শেহতীয়াকৈ ইজৰাইলৰ প্ৰশাসনে প্ৰকাশ কৰিছে এটা পৰিয়ালৰ ছবি।

 ইজৰাইলৰ মতে পৰিয়ালটোক হামাছে অপহৰণ কৰি নি হত্যা কৰিছে। হামাছে হত্যা কৰা পৰিয়ালটোত তিনিটি শিশুও আছে। তেওঁলোকৰ আটাইৰে বয়স ৭ বছৰৰ তলত। ইজৰাইলৰ সামৰিক বাহিনীয়ে প্ৰকাশ কৰা মতে শনিবাৰে ইজৰাইলৰ ওপৰত হোৱা মাৰাত্মক আক্ৰমণৰ পিছতে  হামাছে কেইবাজনো ইজৰাইলীক বন্দী কৰিছে। যিহেতু ইজৰাইলী সৈন্য আৰু অসামৰিক লোকক হামাছে অপহৰণ কৰাৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে।

ইফালে ইজৰাইলীসকলৰ বহুতে তেওঁলোকৰ  বন্ধু আৰু পৰিয়ালৰ ফটো শ্বেয়াৰ কৰিছে । দাবী কৰা অনুসৰি সেইসকল লোকক হামাছে অপহৰণ কৰি নিছে। তেওঁলোকক সুৰক্ষিতভাৱে ঘূৰাই পোৱাৰ আশাতে বহুতে সন্ধানহীন হৈ পৰা লোকসকলৰ  ছবি  প্ৰচাৰ কৰাত সহায় কৰিবলৈ ৰাইজক আহ্বান জনাইছে।

ইপিনে  ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে ঘোষণা কৰিছে যে দেশখন "যুদ্ধৰ মাজত" আছে। ইজৰাইলৰ এজন বিষয়াই  জনোৱা মতে এই অভূতপূৰ্ব আক্ৰমণত ইজৰাইলত কমেও ৭০০ জন লোক নিহত হৈছে আৰু ইজৰাইলৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি কমেও ১,৫০০ জন লোক আহত হৈছে।

গাজাৰ পেলেষ্টাইনী স্বাস্থ্য মন্ত্ৰালয়ে এক বিবৃতিত কয় যে শনিবাৰে গাজাত কমেও ২৩২ জন পেলেষ্টাইনী নিহত হৈছে আৰু  ১,৬৯৭ জন আহত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি