--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যুদ্ধভূমি গাজাত এতিয়া অপমৃত্যু ঘটিছে মানৱতাৰ। শ শ ইজৰাইলী নাগৰিক হামাছ সন্ত্ৰাসবাদীয়ে অপহৰণ কৰি নিছে। তেওঁলোকৰ মাজৰে বহুতকে হামাছে নৃশংসভাবে হত্যা কৰিছে। নিহতসকলৰ ভিতৰত বহু কেইটা শিশুও আছে। শেহতীয়াকৈ ইজৰাইলৰ প্ৰশাসনে প্ৰকাশ কৰিছে এটা পৰিয়ালৰ ছবি।

 ইজৰাইলৰ মতে পৰিয়ালটোক হামাছে অপহৰণ কৰি নি হত্যা কৰিছে। হামাছে হত্যা কৰা পৰিয়ালটোত তিনিটি শিশুও আছে। তেওঁলোকৰ আটাইৰে বয়স ৭ বছৰৰ তলত। ইজৰাইলৰ সামৰিক বাহিনীয়ে প্ৰকাশ কৰা মতে শনিবাৰে ইজৰাইলৰ ওপৰত হোৱা মাৰাত্মক আক্ৰমণৰ পিছতে  হামাছে কেইবাজনো ইজৰাইলীক বন্দী কৰিছে। যিহেতু ইজৰাইলী সৈন্য আৰু অসামৰিক লোকক হামাছে অপহৰণ কৰাৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে।

ইফালে ইজৰাইলীসকলৰ বহুতে তেওঁলোকৰ  বন্ধু আৰু পৰিয়ালৰ ফটো শ্বেয়াৰ কৰিছে । দাবী কৰা অনুসৰি সেইসকল লোকক হামাছে অপহৰণ কৰি নিছে। তেওঁলোকক সুৰক্ষিতভাৱে ঘূৰাই পোৱাৰ আশাতে বহুতে সন্ধানহীন হৈ পৰা লোকসকলৰ  ছবি  প্ৰচাৰ কৰাত সহায় কৰিবলৈ ৰাইজক আহ্বান জনাইছে।

ইপিনে  ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে ঘোষণা কৰিছে যে দেশখন "যুদ্ধৰ মাজত" আছে। ইজৰাইলৰ এজন বিষয়াই  জনোৱা মতে এই অভূতপূৰ্ব আক্ৰমণত ইজৰাইলত কমেও ৭০০ জন লোক নিহত হৈছে আৰু ইজৰাইলৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি কমেও ১,৫০০ জন লোক আহত হৈছে।

গাজাৰ পেলেষ্টাইনী স্বাস্থ্য মন্ত্ৰালয়ে এক বিবৃতিত কয় যে শনিবাৰে গাজাত কমেও ২৩২ জন পেলেষ্টাইনী নিহত হৈছে আৰু  ১,৬৯৭ জন আহত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল