--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়া তৰমুজৰ বতৰ। দেহ জুৰ পেলাবলৈ গৰমৰ দিনত আমি বহুতেই তৰমুজ খাওঁ। বহু তৰমুখ  খোৱাৰ সময়ত গুটিবোৰ  পেলাই দিয়ে।  কিন্তু এই তৰমুজৰ বীজ  আমাৰ শৰীৰৰ বাবে  উপকাৰী। তৰমুজৰ গুটি খোৱাৰ ফলত কেনে উপকাৰ  হ'ব পাৰে আপুনি জানেনে? বিশেষজ্ঞসকলে কয় যে তৰমুজৰ দৰেই  ইয়াৰ বীজবোৰৰো নিজা গুণ আছে। সেয়া  আমাৰ শৰীৰৰ বাবে অতি উপকাৰী।  তৰমুজৰ বীজে আমাৰ শৰীৰৰ কি উপকাৰ সাধন কৰে জানো আহক -

এক কাপ তৰমুজৰ শুকান গুটিত  ৬০০ কেলৰি থাকে।ইয়াৰ বাহিৰে তৰমুজৰ বীজত গুৰুত্বপূৰ্ণ উপাদান যেনে লো, কেলচিয়াম , মেগনেচিয়াম আদি থাকে। তৰমুজৰ গুটিত থাকে কাৰ্বোহাইড্ৰেট, এমিনো এচিড, ফেটি এচিড, জিংক, ফোলেট, মেগনেচিয়াম, মেঙ্গানিজ, পটাচিয়াম, ছডিয়াম, ফছফৰাছ, ভিটামিন-বি৬ ইত্যাদি।

তৰমুজ বীজে এনেবোৰ উপকাৰ সাধন কৰে- 

হৃদযন্ত্ৰক স্বাস্থ্যৱান কৰি  ৰাখে:
তৰমুজৰ বীজত মেগনেছিয়াম থাকে। যিবিধ পদাৰ্থই  আমাৰ হৃদযন্ত্ৰক স্বাস্থ্যৱান ৰাখে। ই হৃদযন্ত্ৰৰ কাৰ্যপ্ৰণালী স্বাভাৱিক কৰি ৰখাত আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। তৰমুজৰ বীজত ষ্টেৰলিন নামৰ এবিধ পদাৰ্থও থাকে।  যিয়ে ৰক্তচাপ হ্ৰাস কৰি হৃদযন্ত্ৰক সুৰক্ষিত কৰে। তৰমুজৰ বীজত থকা এণ্টিঅক্সিডেণ্ট, এণ্টি-ইনফ্লেমেটৰী আৰু ভেচোডিলেটৰিঅ'ই হৃদযন্ত্ৰ স্বাস্থ্যৱান ৰখাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰে:

তৰমুজৰ বীজত থকা ফলেট, লো আৰু খনিজ অংশবোৰে ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰে। লগতে, তৰমুজৰ বীজত থকা  ভিটামিন বি-কমপ্লেক্সে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।
 
 উৰ্বৰতা বৃদ্ধি কৰেঃ

চিকিৎসা বিজ্ঞানে কৈছে যে পুৰুষৰ উৰ্বৰতা বৃদ্ধিৰ বাবে 'জিংক' অতি গুৰুত্বপূৰ্ণ। এক অধ্যয়ন অনুসৰি, জিঙ্কে পুৰুষৰ শুক্ৰাণুৰ মান যথেষ্ট উন্নত কৰিব পাৰে। তৰমুজ আৰু ইয়াৰ বীজত বহু পৰিমাণে মেঙ্গানিজ থাকে। মেৰিলেণ্ড চিকিৎসা কেন্দ্ৰৰ মতে পুৰুষৰ উৰ্বৰতা উন্নত কৰাত মেঙ্গানিজে অৰিহণা যোগায়।

ডায়েবেটিচ নিয়ন্ত্ৰণ:

এক অধ্যয়ন অনুসৰি গ্লাইকোজেনৰ  সংশ্লেষণৰ বিষয়ত  তৰমুজৰ বীজে ইতিবাচক প্ৰভাৱ পেলায়, যিয়ে ডায়েবেটিচৰ চিকিৎসাত সহায় কৰে। ইণ্টাৰনেচনেল জাৰ্নেল অফ বেছিক এণ্ড এপ্লাইড চাইন্সেছৰ এক প্ৰতিবেদন অনুসৰি তৰমুজৰ বীজত অমেগা-৬ ফেটি এচিড থাকে। ই ডায়েবেটিচ প্ৰতিৰোধ কৰাত যথেষ্ট সহায় কৰিব পাৰে।

লগতে তৰমুজৰ গুটিবোৰে মগজু উৰ্বৰ কৰে, হজম বৃদ্ধি কৰে,  চুলি শক্তিশালী কৰে, ছাল পৰিষ্কাৰ ৰাখে আৰু লগতে মুখত বয়সৰ ছাপ  পৰা  প্ৰতিহত কৰে।
 
গতিকে বিশেষজ্ঞসকলে কয় যে তৰমুজৰ গুটি পেলাই  দিয়াৰ সলনি, ইয়াক তৰমুজৰ সৈতে খাব লাগে বা বীজবোৰ তৰমুজৰ পৰা পৃথক কৰি শুকুৱাই পিছত  গুৰি কৰি খাব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ