--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জাৰ অথবা জহত বহুতেই মুখৰ যত্ন পাৰ্যমানে লয় যদিও হাত-ভৰিৰ যত্ন লোৱাত প্ৰায়ে অৱহেলা কৰা দেখা যায়৷ সাধাৰণতে গ্ৰীষ্মৰ সময়ত মুখমণ্ডলৰ ছালখনৰ সুৰক্ষাৰ বাবে ছানস্ক্ৰীন বা বিভিন্ন প্ৰসাধন সানিহে বাহিৰলৈ ওলোৱা বা চকুৰ সুৰক্ষাৰ ক্ষেত্ৰত ছানগ্লাছ পিন্ধিহে ৰ’দত ওলোৱা দেখা যায়৷ কিন্তু ইয়াৰ বিপৰীতে তুলনামূলকভাৱে আমি প্ৰায়ভাগে হাত দুখনৰ সুৰক্ষাৰ বাবে কোনো যত্ন নলওঁ৷ ইয়াৰ ফলত গৰমৰ দিনত বাহিৰ ওলালে হাত দুখন ৰ’দে দহি ক’লা কৰি পেলায়৷ দীৰ্ঘদিন এনেদৰে অযত্নৰ ফলত ৰ’দে পোৰা হাতৰ ভয়াৱহ সমস্যাই দেখা দিব পাৰে৷ ইয়াৰ পৰা হাত সৰাৰ উপায় হিচাপে কি কৰিব, জানো আহক...

১/ মুখত পৰা ক’লা দাগ আঁতৰাবলৈ আপুনি এল’ভেৰাৰ সহায় ল’ব পাৰে। এল’ভেৰাই মুখৰ ক’লা দাগ আঁতৰোৱাত যথেষ্ট সহায় কৰে।

২/ আমি খাবলৈ ব্যৱহাৰ কৰা চাহ অলপ গৰম পানীত চেকনিৰে চেকি সেই পানীখিনি অলপ অলপ কৈ কপাহত লগাই আপোনাৰ মুখত থকা ক’লা দাগ সমুহত লগাব পাৰে।এনে কৰিলেও ক’লা দাগসমূহ আতঁৰাত সহায় হ’য়।


৩/ বিলাহীও আমাৰ ছালৰ বাবে অতি উপযোগী। ঘৰতে বিলাহীৰ পেষ্ট অলপ বনাই মুখত সানিলে ক’লা দাগ আঁতৰোৱাত সহায় হ’য়।বিলাহীৰ পেষ্টটোৰ লগত যদি আপুনি দুটোপাল Olive Oil দি দিয়ে তেন্তে ই বেছি ক্ষীপ্ৰতাৰে কাম কৰে।

৪/ আমাৰ সকলোৰে ঘৰত সহজে পোৱা মচুৰ দাইলেও ক’লা দাগ আঁতৰোৱাত সহায় কৰে। মচুৰ দাইলৰ পেষ্ট বনাই মুখত সানিলে ক’লা দাগ আঁতৰে।

এই সহজ উপায় কেইটাৰ পৰা সুফল পাবলৈ আপুনি নিয়মীয়াকৈ প্ৰায় এমাহমান কৰিব৷ উল্লেখযোগ্য যে ছাল উজ্জ্বল আৰু সতেজ কৰি ৰাখিবলৈ হ’লে আমি ছালৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়। ছালখন শুকান হ’বলৈ নিদিয়াটোৱেই ভাল। ইয়াৰ লগতে যিমান পাৰি মছলাজাতীয় খাদ্য সেৱনৰ পৰা নিজকে বিৰত ৰাখক। সেউজীয়া শাক পাচলি আৰু পানী খোৱাটো দৈনন্দিন অভ্যাসলৈ পৰিণত কৰক। দেখিব আপুনি সুন্দৰ হোৱাৰ লগতে সুস্বাস্থ্যৰ অধিকাৰী হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ