--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃঅৱশেষত প্ৰতীক্ষাৰ যেন অন্ত পৰিল৷  নিৰ্বাচন আয়োগে আজি আনুষ্ঠানিকভাবে ঘোষণা কৰিলে কৰ্ণাটক বিধানসভাৰ  নিৰ্বাচনৰ দিন। দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে আজি প্ৰকাশ কৰা মতে অহা ১০ মে’ত অনুষ্ঠিত হ’ব কৰ্ণাটক বিধানসভাৰ নিৰ্বাচন। ৰাজ্য খনত ভোট গণনাৰ দিন ধাৰ্য্য কৰা হৈছে ১৩ মে’ত। উল্লেখ্য ৰাজ্য খনত বিধানসভা আসনৰ সংখ্যা ২২৪ খন৷ দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে ল’গতে কয় যে ৰ্ণাটকত  এটা পৰ্যায়তে অনুষ্ঠিত হ’ব নিৰ্বাচন। 

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি এইবেলি কৰ্ণাটকত মুঠ ভোটাৰৰ সংখ্যা হৈছে ৫.২১ কোটি। একেদৰে  এইবাৰ কৰ্ণাটকত  ৯.১৭ লাখ নতুন ভোটাৰ বৃদ্ধি পাইছে৷ মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে কয় যে ১ এপ্ৰিলত যিসকলে ১৮ বছৰত ভৰি দিব তেওঁলোকেও কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনত ভোটদান  কৰিব পাৰিব।

উল্লেখ্য কৰ্ণাটকত বৰ্তমান শাসনত থকা  বিজেপি চৰকাৰৰ কাৰ্যকাল অহা ২৪ মে’ত সমাপ্ত হ’ব। এইবেলি কৰ্ণাটকত বিজেপিৰ লগতে কংগ্ৰেছেও যুঁজৰ বাবে সাজু হৈছে৷ উল্লেখ্য ৰাজ্য খনত পূৰ্বৰে পৰাই কংগ্ৰেছৰ ভেটি শক্তিশালী৷ সেয়ে বিজেপিয়ে এইবেলি ৰণনীতি সলাবলৈ বাধ্য হ’ব বুলি বহুতে মন্তব্য কৰিছে৷ উল্লেখ্য ২০১৮  চনত কংগ্ৰেছে জেডি(এছ)ৰ সৈতে হাত মিলাই ৰাজ্যখনত চৰকাৰ গঠন কৰিছিল। কিন্তু পৰৱৰ্তী বছৰতে বিজেপি ৰাজ্য খনত ক্ষমতালৈ আহে৷  বিজেপিয়ে মিত্ৰজোঁটৰ পৰা 'বিদ্ৰোহী' বিধায়কসকলৰ সমৰ্থন লাভ কৰি  কৰ্ণাটকৰ শাসনৰ বাঘজৰী হস্তগত কৰিবলৈ সক্ষম হয়। 

প্ৰথমতে য়েদিয়ুৰাপ্পাক মুখ্যমন্ত্ৰী পতা  হৈছিল৷ কিন্তু  ২০২১ চনৰ জুলাই মাহত বাসবৰাজ বোম্মাইক  নতুন মুখ্যমন্ত্ৰী হিচাবে অধিষ্ঠিত কৰা হয়। বৰ্তমান, কৰ্ণাটকত বিজেপি বিধায়কৰ সংখ্যা হৈছে ১২১ জন,কংগ্ৰেছৰ ৭০ আৰু জেডিএছ ৩০ জন।কৰ্ণাটকত এইবেলি  বিজেপি, কংগ্ৰেছ আৰু জে ডি এছৰ মাজতেই নিৰ্বাচনী যুঁজ হ’ব বুলি সমীক্ষকসকলে কৈছে৷  বিগত নিৰ্বাচনত কংগ্ৰেছ আৰু জেডিএছৰ মাজত  মিত্ৰতা আছিল যদিও এইবেলি সেই মিত্ৰতা নাই৷ ইপিনে আজি মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে ৰাহুল গান্ধীৰ সমষ্টিত উপ-নিৰ্বাচনৰ বিষয়ে একো কথা প্ৰকাশ নকৰিলে৷ 











FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু