--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃঅৱশেষত প্ৰতীক্ষাৰ যেন অন্ত পৰিল৷  নিৰ্বাচন আয়োগে আজি আনুষ্ঠানিকভাবে ঘোষণা কৰিলে কৰ্ণাটক বিধানসভাৰ  নিৰ্বাচনৰ দিন। দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে আজি প্ৰকাশ কৰা মতে অহা ১০ মে’ত অনুষ্ঠিত হ’ব কৰ্ণাটক বিধানসভাৰ নিৰ্বাচন। ৰাজ্য খনত ভোট গণনাৰ দিন ধাৰ্য্য কৰা হৈছে ১৩ মে’ত। উল্লেখ্য ৰাজ্য খনত বিধানসভা আসনৰ সংখ্যা ২২৪ খন৷ দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে ল’গতে কয় যে ৰ্ণাটকত  এটা পৰ্যায়তে অনুষ্ঠিত হ’ব নিৰ্বাচন। 

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি এইবেলি কৰ্ণাটকত মুঠ ভোটাৰৰ সংখ্যা হৈছে ৫.২১ কোটি। একেদৰে  এইবাৰ কৰ্ণাটকত  ৯.১৭ লাখ নতুন ভোটাৰ বৃদ্ধি পাইছে৷ মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে কয় যে ১ এপ্ৰিলত যিসকলে ১৮ বছৰত ভৰি দিব তেওঁলোকেও কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনত ভোটদান  কৰিব পাৰিব।

উল্লেখ্য কৰ্ণাটকত বৰ্তমান শাসনত থকা  বিজেপি চৰকাৰৰ কাৰ্যকাল অহা ২৪ মে’ত সমাপ্ত হ’ব। এইবেলি কৰ্ণাটকত বিজেপিৰ লগতে কংগ্ৰেছেও যুঁজৰ বাবে সাজু হৈছে৷ উল্লেখ্য ৰাজ্য খনত পূৰ্বৰে পৰাই কংগ্ৰেছৰ ভেটি শক্তিশালী৷ সেয়ে বিজেপিয়ে এইবেলি ৰণনীতি সলাবলৈ বাধ্য হ’ব বুলি বহুতে মন্তব্য কৰিছে৷ উল্লেখ্য ২০১৮  চনত কংগ্ৰেছে জেডি(এছ)ৰ সৈতে হাত মিলাই ৰাজ্যখনত চৰকাৰ গঠন কৰিছিল। কিন্তু পৰৱৰ্তী বছৰতে বিজেপি ৰাজ্য খনত ক্ষমতালৈ আহে৷  বিজেপিয়ে মিত্ৰজোঁটৰ পৰা 'বিদ্ৰোহী' বিধায়কসকলৰ সমৰ্থন লাভ কৰি  কৰ্ণাটকৰ শাসনৰ বাঘজৰী হস্তগত কৰিবলৈ সক্ষম হয়। 

প্ৰথমতে য়েদিয়ুৰাপ্পাক মুখ্যমন্ত্ৰী পতা  হৈছিল৷ কিন্তু  ২০২১ চনৰ জুলাই মাহত বাসবৰাজ বোম্মাইক  নতুন মুখ্যমন্ত্ৰী হিচাবে অধিষ্ঠিত কৰা হয়। বৰ্তমান, কৰ্ণাটকত বিজেপি বিধায়কৰ সংখ্যা হৈছে ১২১ জন,কংগ্ৰেছৰ ৭০ আৰু জেডিএছ ৩০ জন।কৰ্ণাটকত এইবেলি  বিজেপি, কংগ্ৰেছ আৰু জে ডি এছৰ মাজতেই নিৰ্বাচনী যুঁজ হ’ব বুলি সমীক্ষকসকলে কৈছে৷  বিগত নিৰ্বাচনত কংগ্ৰেছ আৰু জেডিএছৰ মাজত  মিত্ৰতা আছিল যদিও এইবেলি সেই মিত্ৰতা নাই৷ ইপিনে আজি মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে ৰাহুল গান্ধীৰ সমষ্টিত উপ-নিৰ্বাচনৰ বিষয়ে একো কথা প্ৰকাশ নকৰিলে৷ 











FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ