--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়াৰ পৰা পথৰ কুকুৰৰ ডিঙিত ওলমি থাকিব আধাৰ কাৰ্ড! এই ব্যৱস্থা কৰিছে মুম্বাই পৌৰসভাই। মুম্বাই বিমানবন্দৰৰ বাহিৰত ২০টা অঘৰী কুকুৰে ইতিমধ্যে লাভ কৰিছে নিজাকৈ ‘আধাৰ’ কাৰ্ড। শনিবাৰে পুৱা কুকুৰবিলাকৰ ডিঙিত আধাৰ কাৰ্ড পিন্ধাই দিয়ে প্ৰশাসনে। কুকুৰকেইটাক টিকাকৰণো কৰা হয়।

অঘৰী কুকুৰৰ ডিঙিত বেল্টেৰে লগোৱা হয় ‘আধাৰ’ কাৰ্ড। সেই বেল্টবোৰৰ এটাকৈ QR ক’ড থাকে। কোনোবাই গৈ সেই QR ক’ডটো স্কেন কৰিলে মোবাইলৰ স্ক্ৰীণত কুকুৰটোৰ নাম আৰু জাত ওলাব। কুকুৰটোক টিকা দিয়া হৈছে নে নাই, কুকুৰটোৰ কোনো ৰোগ আছে নে নাই, সেইবোৰো QR ক’ড স্কেন কৰি জানিব পাৰি।

শনিবাৰে ছাত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল ১ৰ বাহিৰত অঘৰী কুকুৰক পৰিচয় পত্ৰ বিতৰণৰ কাৰ্যসূচীৰ আয়োজন কৰা হয়। কেইঘণ্টামান দৌৰি ফুৰাৰ অন্তত ২০টা কুকুৰক পৰিচয় পত্ৰ দি খাঁচী কৰা হয়।

পৌৰসভাৰ মতে, অঘৰী কুকুৰৰ সৈতে জড়িত তথ্যকোষ সৃষ্টিৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। প্ৰথম অৱস্থাত বিমানবন্দৰৰ বাহিৰত থকা ২০টা কুকুৰক পৰীক্ষামূলকভাৱে পৰিচয় পত্ৰ দিয়া হৈছিল যদিও ক্ৰমান্বয়ে সকলো কুকুৰক দিয়া হ’ব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস