--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সামুদ্ৰিক সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে চুবুৰীয়া দেশ চীনে। চীনে ভাৰত মহাসাগৰত ভাৰতৰ বিৰুদ্ধে চোৰাংচোৱা জাহাজ এখন মেলি দিয়াৰ কথা ইতিমধ্যে প্ৰমাণ হৈছে। এনে সময়তে ভাৰতীয় নৌসেনা বাহিনীয়েও চীনৰ সকলো কূট-কৌশল প্ৰতিবাৰেই প্ৰতিহত কৰিবলৈ সক্ষম হৈছে। কিন্তু ভাৰতীয় নৌসেনা এতিয়াও সম্পূৰ্ণ ৰূপে স্বনিৰ্ভৰ হৈ উঠা নাই। 

এতিয়াই নহয়, ২০৪৭ চনৰ ভিতৰত নৌসেনা বাহিনী 'আত্মনিৰ্ভৰ ' হৈ পৰিব।  এই ঘোষণা কৰিছে নৌ সেনা প্ৰধান এডমিৰেল আৰ হৰি কুমাৰে । নৌ সেনা দিৱসৰ আগে আগে অনুষ্ঠিত  সংবাদমেল কুমাৰে কয়   যে নৌসেনাই ভাৰত মহাসাগৰ অঞ্চলত  চীনৰ সামৰিক গতিবিধিৰ লক্ষ্য কৰি আহিছে।  নৌসেনাৰ কাৰিকৰী দিশটো এটা বছৰত অধিক উন্নত হোৱা বুলিও তেওঁ মন্তব্য কৰে।  

কুমাৰে কয় কয়— "ভাৰত চৰকাৰে আমাক আত্মনিৰ্ভৰ হ’বলৈ কৈছে । আমি নিশ্চিতি দিছো যে ২০৪৭ চনৰ ভিতৰত ভাৰতীয় নৌসেনা আত্মনিৰ্ভৰ হৈ উঠিব"।তেওঁ নৌ সেনাত  বিমান কঢ়িয়াই নিব পৰা  আইএনএছ বিক্ৰান্ত অন্তৰ্ভূক্ত কৰাটো ভাৰতৰ বাবে এক সাফল্য   বুলিও   কয়।নৌসেনাত সকলো   মেড-ইন-ইণ্ডিয়া নিৰাপত্তা প্ৰযুক্তি ব্যৱহাৰৰো পোষকতা কৰে কুমাৰে।  তেওঁ লগতে কয় যে  ৩,০০০ৰো অধিক  অগ্নিবীৰে ইতিমধ্যে নৌসেনাত যোগদান কৰিছে ।

সেইসকলৰ  ভিতৰত ৩৪১ গৰাকী মহিলাও আছে। তেওঁ কয়— 'প্ৰথমবাৰৰ বাবে, আমি মহিলা নাবিকসকলক অন্তৰ্ভুক্ত কৰিছো'।কুমাৰে লগতে কয় যে  আমেৰিকাৰ  পৰা নৌসেনাই  ৩০ টা এমকিউ-৯বি প্ৰিডেটৰ  ড্ৰোন ক্ৰয় কৰিব। 

উল্লেখ্য ২০২০ চনত ভাৰতীয় নৌসেনাই ভাৰত মহাসাগৰত নিৰীক্ষণ বৃদ্ধিৰ  বাবে জেনেৰেল এটমিক্সৰ পৰা দুটা এমকিউ-৯বি চি গাৰ্ডিয়ান ড্ৰোন এবছৰৰ বাবে লীজত লৈছিল। পিছলৈ  লীজৰ ম্যাদ বৃদ্ধি কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু