--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সামুদ্ৰিক সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে চুবুৰীয়া দেশ চীনে। চীনে ভাৰত মহাসাগৰত ভাৰতৰ বিৰুদ্ধে চোৰাংচোৱা জাহাজ এখন মেলি দিয়াৰ কথা ইতিমধ্যে প্ৰমাণ হৈছে। এনে সময়তে ভাৰতীয় নৌসেনা বাহিনীয়েও চীনৰ সকলো কূট-কৌশল প্ৰতিবাৰেই প্ৰতিহত কৰিবলৈ সক্ষম হৈছে। কিন্তু ভাৰতীয় নৌসেনা এতিয়াও সম্পূৰ্ণ ৰূপে স্বনিৰ্ভৰ হৈ উঠা নাই। 

এতিয়াই নহয়, ২০৪৭ চনৰ ভিতৰত নৌসেনা বাহিনী 'আত্মনিৰ্ভৰ ' হৈ পৰিব।  এই ঘোষণা কৰিছে নৌ সেনা প্ৰধান এডমিৰেল আৰ হৰি কুমাৰে । নৌ সেনা দিৱসৰ আগে আগে অনুষ্ঠিত  সংবাদমেল কুমাৰে কয়   যে নৌসেনাই ভাৰত মহাসাগৰ অঞ্চলত  চীনৰ সামৰিক গতিবিধিৰ লক্ষ্য কৰি আহিছে।  নৌসেনাৰ কাৰিকৰী দিশটো এটা বছৰত অধিক উন্নত হোৱা বুলিও তেওঁ মন্তব্য কৰে।  

কুমাৰে কয় কয়— "ভাৰত চৰকাৰে আমাক আত্মনিৰ্ভৰ হ’বলৈ কৈছে । আমি নিশ্চিতি দিছো যে ২০৪৭ চনৰ ভিতৰত ভাৰতীয় নৌসেনা আত্মনিৰ্ভৰ হৈ উঠিব"।তেওঁ নৌ সেনাত  বিমান কঢ়িয়াই নিব পৰা  আইএনএছ বিক্ৰান্ত অন্তৰ্ভূক্ত কৰাটো ভাৰতৰ বাবে এক সাফল্য   বুলিও   কয়।নৌসেনাত সকলো   মেড-ইন-ইণ্ডিয়া নিৰাপত্তা প্ৰযুক্তি ব্যৱহাৰৰো পোষকতা কৰে কুমাৰে।  তেওঁ লগতে কয় যে  ৩,০০০ৰো অধিক  অগ্নিবীৰে ইতিমধ্যে নৌসেনাত যোগদান কৰিছে ।

সেইসকলৰ  ভিতৰত ৩৪১ গৰাকী মহিলাও আছে। তেওঁ কয়— 'প্ৰথমবাৰৰ বাবে, আমি মহিলা নাবিকসকলক অন্তৰ্ভুক্ত কৰিছো'।কুমাৰে লগতে কয় যে  আমেৰিকাৰ  পৰা নৌসেনাই  ৩০ টা এমকিউ-৯বি প্ৰিডেটৰ  ড্ৰোন ক্ৰয় কৰিব। 

উল্লেখ্য ২০২০ চনত ভাৰতীয় নৌসেনাই ভাৰত মহাসাগৰত নিৰীক্ষণ বৃদ্ধিৰ  বাবে জেনেৰেল এটমিক্সৰ পৰা দুটা এমকিউ-৯বি চি গাৰ্ডিয়ান ড্ৰোন এবছৰৰ বাবে লীজত লৈছিল। পিছলৈ  লীজৰ ম্যাদ বৃদ্ধি কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক