--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়াও অশান্তি কমা নাই মণিপুৰত! ৰাজ্যখনত পুনৰ হিংসাত্মক ঘটনাৰ খবৰ পোৱা গৈছে৷ এই খবৰ পোৱা গৈছে চুৰাচান্দপুৰ জিলাৰ পৰা৷

জিলাখনৰ কংভাই নামৰ অঞ্চলটোৰ মলংগাট গাঁৱত এই ঘটনা সংঘটিত হৈছে৷ বাতৰি অনুসৰি, দুটা সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ সংঘটিত হয়৷ তদুপৰি দুৰ্বৃত্তই মুকলিকৈ গুলী চলায়৷

আজি পুৱা প্ৰায় ৮ বজাত এই হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে। অঞ্চলটোত অগ্নিসংযোগৰ ঘটনাও সংঘটিত হোৱা বুলি জানিব পৰা গৈছে৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ নিৰাপত্তা বাহিনী ঘটনাস্থলীত উপস্থিত হয়।

উল্লেখ্য যে যোৱা সপ্তাহত ৰাজ্যখনত মেইটেইসকলে জনজাতীয় মৰ্যাদা বিচৰা দাবীৰ বিৰুদ্ধে খিলঞ্জীয়া জনগোষ্ঠীসমূহে বিশেষকৈ কুকিসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত মণিপুৰত ব্যাপক হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল।

মণিপুৰত সংঘটিত ব্যাপক হিংসাৰ ফলত কমেও ৬০ জন লোক নিহত হোৱাৰ লগতে ৩০ হাজাৰৰো অধিক লোক গৃহহীন হৈ পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান