--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ টেলিকম ৰেগুলেটৰী অথৰিটিয়ে ইতিমধ্যে দেশৰ চাৰিটা স্থানত 5Gৰ সফল ট্ৰায়েল সম্পন্ন কৰিছে। শনিবাৰে অৰ্থাৎ কাইলৈ এই স্থানসমূহত 5G ইন্টাৰনেট সেৱা আৰম্ভণি কৰিব  প্ৰধানমন্ত্ৰী মোদীয়ে।

ভাৰতত শীঘ্ৰেই আৰম্ভ হ’বলৈ গৈ আছে ৫জি ইণ্টাৰনেট সেৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈৰ পৰা প্ৰতীকী ৰূপত আৰম্ভ কৰিব ৫জি সেৱা। অহা ১ অক্টোবৰৰ পৰা দিল্লীৰ প্ৰগতি ময়দানত ৪ দিনীয়া ইণ্ডিয়া ম’বাইল কংগ্ৰেছৰ কাৰ্যসূচী আৰম্ভ হ’ব। এই কাৰ্যসূচীৰ সময়তে ৫জি সেৱা দেশত আৰম্ভ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। তথ্য অনুসৰি এই কাৰ্যসূচীৰ সময়ত দিল্লীৰ দ্বাৰকা ছেক্টৰ ২৫ৰ আগন্তুক ষ্টেচনৰ ভূগৰ্ভস্থ সুৰংগৰ পৰাও 5G সেৱাৰ কাম-কাজসমূহো নিৰীক্ষণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।

ভাৰতীয় টেলিকম ৰেগুলেটৰী অথৰিটি চমুকৈ ট্ৰাইয়ে ইতিমধ্যে দেশৰ চাৰিটা স্থানত সফলভাৱে 5G ট্ৰায়েল সম্পন্ন কৰিছে।  এই চাৰিটা স্থানৰ ভিতৰত আছে দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, বেংগালুৰুৰ মেট্ৰ’, কন্দলা বন্দৰ আৰু ভোপালৰ স্মাৰ্ট চিটি অঞ্চল। এই চাৰিটা স্থানত 5G ৰ সফল ট্ৰায়েলৰ বাবে ইয়াৰ সম্পূৰ্ণ আন্তঃগাঁথনিও ইয়াত সাজু হৈছে। প্ৰতিবেদন অনুসৰি অহা বছৰ অৰ্থাৎ ২০২৩ চনত দেশৰ ১০ কোটিতকৈ অধিক লোকে ৫জি সেৱা ব্যৱহাৰ কৰিবলৈ ইচ্ছুক। ইয়াৰ লগতে ৫জি ইণ্টাৰনেট সেৱাৰ বাবেও এই গ্ৰাহকসকলে ৪৫ শতাংশ পৰ্যন্ত অধিক ধন দিবলৈ সাজু হৈছে।

কোনবোৰ চহৰৰ পৰা আৰম্ভ হ’বঢ়5G ইন্টাৰনেট সেৱা

কেন্দ্রীয় তথ্য প্রযুক্তি মন্ত্রী অশ্বিনী বৈশৱনে পূর্বে দেশত বিভিন্ন পর্যায়ত 5G ক্রমান্বয়ে মুকলি কৰা হ’ব বুলি কৈছিল৷ কেন্দ্রীয় মন্ত্রীৰ মতে, প্রথম পর্যায়ত ১৩খন চহৰত ৫জি সেৱা আৰম্ভ কৰা হ’ব৷ এই ১৩খন চহৰৰ ভিতৰত আছে দিল্লী, মুম্বাই, আহমেদাবাদ, বেংগালুৰু, চণ্ডীগড়, চেন্নাই, গান্ধীনগৰ, গুৰুগ্ৰাম, হায়দৰাবাদ, কলকাতা, জামনগৰ, লক্ষ্ণৌ, পুনে আদি  চহৰত অন্তৰ্ভুক্ত কৰা হৈছে। জানিব পৰা মতে দুবছৰৰ পাছত সমগ্ৰ দেশতে দ্ৰুতগতিত 5G সেৱা সম্প্ৰসাৰণ কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু