--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ টেলিকম ৰেগুলেটৰী অথৰিটিয়ে ইতিমধ্যে দেশৰ চাৰিটা স্থানত 5Gৰ সফল ট্ৰায়েল সম্পন্ন কৰিছে। শনিবাৰে অৰ্থাৎ কাইলৈ এই স্থানসমূহত 5G ইন্টাৰনেট সেৱা আৰম্ভণি কৰিব  প্ৰধানমন্ত্ৰী মোদীয়ে।

ভাৰতত শীঘ্ৰেই আৰম্ভ হ’বলৈ গৈ আছে ৫জি ইণ্টাৰনেট সেৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈৰ পৰা প্ৰতীকী ৰূপত আৰম্ভ কৰিব ৫জি সেৱা। অহা ১ অক্টোবৰৰ পৰা দিল্লীৰ প্ৰগতি ময়দানত ৪ দিনীয়া ইণ্ডিয়া ম’বাইল কংগ্ৰেছৰ কাৰ্যসূচী আৰম্ভ হ’ব। এই কাৰ্যসূচীৰ সময়তে ৫জি সেৱা দেশত আৰম্ভ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। তথ্য অনুসৰি এই কাৰ্যসূচীৰ সময়ত দিল্লীৰ দ্বাৰকা ছেক্টৰ ২৫ৰ আগন্তুক ষ্টেচনৰ ভূগৰ্ভস্থ সুৰংগৰ পৰাও 5G সেৱাৰ কাম-কাজসমূহো নিৰীক্ষণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।

ভাৰতীয় টেলিকম ৰেগুলেটৰী অথৰিটি চমুকৈ ট্ৰাইয়ে ইতিমধ্যে দেশৰ চাৰিটা স্থানত সফলভাৱে 5G ট্ৰায়েল সম্পন্ন কৰিছে।  এই চাৰিটা স্থানৰ ভিতৰত আছে দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, বেংগালুৰুৰ মেট্ৰ’, কন্দলা বন্দৰ আৰু ভোপালৰ স্মাৰ্ট চিটি অঞ্চল। এই চাৰিটা স্থানত 5G ৰ সফল ট্ৰায়েলৰ বাবে ইয়াৰ সম্পূৰ্ণ আন্তঃগাঁথনিও ইয়াত সাজু হৈছে। প্ৰতিবেদন অনুসৰি অহা বছৰ অৰ্থাৎ ২০২৩ চনত দেশৰ ১০ কোটিতকৈ অধিক লোকে ৫জি সেৱা ব্যৱহাৰ কৰিবলৈ ইচ্ছুক। ইয়াৰ লগতে ৫জি ইণ্টাৰনেট সেৱাৰ বাবেও এই গ্ৰাহকসকলে ৪৫ শতাংশ পৰ্যন্ত অধিক ধন দিবলৈ সাজু হৈছে।

কোনবোৰ চহৰৰ পৰা আৰম্ভ হ’বঢ়5G ইন্টাৰনেট সেৱা

কেন্দ্রীয় তথ্য প্রযুক্তি মন্ত্রী অশ্বিনী বৈশৱনে পূর্বে দেশত বিভিন্ন পর্যায়ত 5G ক্রমান্বয়ে মুকলি কৰা হ’ব বুলি কৈছিল৷ কেন্দ্রীয় মন্ত্রীৰ মতে, প্রথম পর্যায়ত ১৩খন চহৰত ৫জি সেৱা আৰম্ভ কৰা হ’ব৷ এই ১৩খন চহৰৰ ভিতৰত আছে দিল্লী, মুম্বাই, আহমেদাবাদ, বেংগালুৰু, চণ্ডীগড়, চেন্নাই, গান্ধীনগৰ, গুৰুগ্ৰাম, হায়দৰাবাদ, কলকাতা, জামনগৰ, লক্ষ্ণৌ, পুনে আদি  চহৰত অন্তৰ্ভুক্ত কৰা হৈছে। জানিব পৰা মতে দুবছৰৰ পাছত সমগ্ৰ দেশতে দ্ৰুতগতিত 5G সেৱা সম্প্ৰসাৰণ কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সিদ্ধান্ত; শৈক্ষিক দিনপঞ্জীৰ ‘থীম’ হ’ব জুবিন গাৰ্গ
বিশ্ব কাপত ইৰানৰ সলনি ইটালি!
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান